ডিজিটেল ডেস্ক: কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদে (চি বি এছ ই) ইয়াৰ অন্তৰ্গত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অহা ১ জুলাইৰ পৰা তিনিটা ভাষা অধ্যয়ন কৰাটো বাধ্যতামূলক কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ আৰু বিদ্যালয় শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্রম কাৰ্যসূচী ২০২৩ৰ অধীনৰ অনুমোদনৰ সৈতে সংগতি ৰাখি চি বি এছ ইয়ে এই পদক্ষেপ লোৱা বুলি শনিবাৰে ঘোষণা কৰে।
চি বি এছ ইয়ে যোৱা ১৫ মে'ত জাৰি কৰা অধিসূচনা অনুসৰি, নৱম শ্ৰেণীৰ শিক্ষার্থীয়ে তিনিটা ভাষা অধ্যয়ন কৰিব লাগিব আৰু ইয়াক আৰ ১, আৰ ২ আৰু আৰ ৩ হিচাপে উল্লেখ কৰা হৈছে। আনহাতে, এই তিনিটা ভাষাৰ ভিতৰত কমেও দুটা ভাৰতীয় ভাষা হ'ব লাগিব।