বৰবিলৰ সঞ্জীৱ সেনাপতিৰ একক প্রচেষ্টা, মাজুলীত প্ৰথমবাৰৰ বাবে সফল ৰবৰৰ খেতি

dainik janambhumi June 15, 2026

ডিজিটেল ডেস্ক : পৰম্পৰাগত কৃষিৰ পৰিৱৰ্তে এতিয়া বিকল্প কৃষিৰ দিশে অগ্ৰসৰ হৈছে নদীদ্বীপ মাজুলীৰ প্ৰগতিশীল কৃষকসকল। বান-খহনীয়াগ্রস্ত জিলাখনত এতিয়া অর্থনৈতিক স্বাৱলম্বিতাৰ এক নতুন সম্ভাৱনা কঢ়িয়াই আনিছে 'বগা সোণ' হিচাপে পৰিচিত ৰবৰ খেতিয়ে। কোনো চৰকাৰী মেদবহুল আঁচনিৰ সহায় নোলোৱাকৈয়ে নিজৰ একক প্রচেষ্টা আৰু অদম্য হেঁপাহেৰে মাজুলীৰ বুকুত প্ৰথমবাৰৰ বাবে এখন পূৰ্ণাংগ ৰবৰ বাগান গঢ়ি তুলি এক অনন্য নিদর্শন দাঙি ধৰিছে মাজুলীৰ বৰবিল গাঁৱৰ সঞ্জীৱ সেনাপতি নামৰ এজন কৃষকে। 

বিগত ২০১৭চনৰ পৰাই এই ব্যতিক্রমী কৃষিৰ সৈতে জড়িত হৈ পৰা সঞ্জীৱ সেনাপতিয়ে জানিবলৈ দিয়া মতে, তেওঁ প্ৰথম অৱস্থাত ৰবৰৰ ষ্টাম্প আনি নিজৰ ছবিঘা মাটিত এখন নাৰ্ছাৰী তৈয়াৰ কৰিছিল। পৰৱৰ্তী সময়ত সেই নাৰ্ছাৰীৰ পৰা উৎপাদিত প্রায় ৩৫০ জোপা ৰবৰৰ পুলি তেওঁ নিয়মিয়াকৈ ৰোপণ কৰে। দীর্ঘদিনীয়া পৰিচৰ্যাৰ অন্তত বিগত বৰ্ষৰ পৰা তেওঁৰ বাগানখনৰ পৰা ব্যাৱসায়িক ভিত্তিত ৰবৰৰ উৎপাদন আৰম্ভহৈছে। খেতিয়কগৰাকীয়ে প্ৰকাশ কৰা মতে, ৰবৰ গছৰ পৰা প্ৰথম অৱস্থাত উৎপাদন অলপ কম হ'লেও সময়ৰ লগে লগে ইয়াৰ পৰিমাণ বৃদ্ধি
পায়। বিগত বৰ্ষত তেওঁ মাত্র ৩ মাহ ৰবৰ সংগ্ৰহ কৰি প্ৰায় ৬ কুইণ্টল ৰবৰ উৎপাদন কৰিবলৈ সক্ষম হৈছিল, যাৰ পৰা তেওঁ প্রায় এক লাখ টকা উপার্জন কৰে। চলিত বৰ্ষৰ এপ্রিল মাহৰ পৰা তেওঁ পুনৰ উৎপাদন আৰম্ভ কৰিছে আৰু ইতিমধ্যে প্রায় ৩ কুইণ্টল ৰবৰ সংগ্রহ হৈছে। দিনক দিনে বাগানখনত উৎপাদনৰ হাৰ বৃদ্ধি পাই থকা বুলি তেওঁ জানিবলৈ দিয়ে। উৎপাদিত সামগ্ৰীৰ বজাৰ সন্দৰ্ভত সঞ্জীৱ সেনাপতিয়ে কয়, 'ৰবৰ খেতিৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল ইয়াৰ বাবে কৃষকে গ্রাহক বিচাৰি হাহাকাৰ কৰিব নালাগে। ইয়াৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ অত্যন্ত শক্তিশালী হোৱাৰ বাবে বজাৰেই খেতিয়কৰ ওচৰলৈ আহে।' যোগাযোগ আৰু যাতায়াতৰ সুচলতাৰ বাবে তেওঁ বর্তমান উৎপাদিত ৰবৰখিনি ধেমাজি জিলাৰ চিলাপথাৰৰ বজাৰত বিক্ৰী কৰে। 

উল্লেখযোগ্য যে ৰবৰৰ মূল্য কোনো মধ্যভোগী বা স্থানীয় বেপাৰীয়ে নির্ধাৰণ কৰিব নোৱাৰে। ইণ্টাৰনেটৰ জৰিয়তে কেৰালা আৰু অসমৰ দৈনিক বজাৰ দৰ (Net Rate) পৰীক্ষা কৰি যিদিনা সামগ্রী যোগান ধৰা হয়, সেই দিনটোৰ চৰকাৰী দৰ অনুসৰিয়েই কৃষকে উচিত মূল্য লাভ কৰে। অৱশ্যে জিলা কৃষি বিভাগৰ ফালৰ পৰা বৰ্তমানলৈকে কোনোধৰণৰ চৰকাৰী সুবিধা বা সঁহাৰি লাভ কৰা নাই বুলি আক্ষেপ প্রকাশ কৰে কৃষকগৰাকীয়ে। 

বহুবাৰ আৱেদন কৰাৰ পাছতো স্থানীয় কৃষি বিভাগ উদাসীন হৈ থকাৰ বিপৰীতে কেন্দ্ৰীয় 'ৰবৰ ব'ৰ্ড'ৰ পৰা তেওঁ যথেষ্ট সহায়-সহযোগিতা লাভ কৰিছে। ৰবৰ ব'ৰ্ডৰ ক্ষেত্ৰ বিষয়াসকলে নিয়মীয়াকৈ বাগানখন পৰিদৰ্শন কৰি প্ৰয়োজনীয় কাৰিকৰী পৰামৰ্শ আগবঢ়োৱাৰ উপৰি বাগানৰ সুৰক্ষাৰ বাবে চাৰিওফালে বেৰা দিয়াৰ বাবত আর্থিক সাহায্যও প্রদান কৰিছে। মাজুলীৰ মাটিত সঞ্জীৱ সেনাপতিৰ এই অভূতপূর্ব সফলতাই এতিয়া অঞ্চলটোৰ আন বহু নিবনুৱা যুৱকক পৰম্পৰাগত খেতিৰ মোহ এৰি ৰবৰ খেতিৰ দৰে লাভজনক বিকল্প কৃষিৰ প্ৰতি আকৰ্ষিত কৰি তুলিছে।

Share This