সুদর্শনা ৰাজগুৰুৰ কৃতিত্ব

dainik janambhumi April 02, 2026

ডিজিটেল ডেস্ক : জাঁজী তামুলীছিগা নিৱাসী কার্তিক ৰাজগুৰু আৰু ৰবিগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী আভাৰাণী খাওন্দৰ কন্যা সুদর্শনা ৰাজগুৰুৱে ভাৰতীয় বায়ুসেনাত ফ্লায়িং অফিচাৰ হিচাপে নির্বাচিত হৈ পৰিয়ালটোৰ লগতে অঞ্চল তথা জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। 

সুদর্শনা চি এছ আই আৰ নেইষ্টৰ গৱেষক ছাত্ৰ পৰশমণি ৰাজগুৰুৰ একমাত্ৰ ভগ্নী। উপযুক্ত ক'চিঙৰ সুবিধা আৰু প্ৰয়োজনীয় সম্পদৰ অভাৱ থকা সত্ত্বেও কঠোৰ পৰিশ্ৰম আৰু দৃঢ় সংকল্পৰ জৰিয়তে তেওঁ এই কঠিন নির্বাচনী প্রক্রিয়াত উত্তীর্ণ হয়। 

তেওঁৰ এই সফলতাই বহুলোকক প্ৰেৰণা যোগাইছে আৰু সীমিত সুবিধাতো অধ্যৱসায়ে কিদৰে সফলতা আনিব পাৰে, তাৰ এক উদাহৰণ দাঙি ধৰিছে। অঞ্চলটোৰ সকলোৱে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।

Share This