মহাকাশ বিজ্ঞানী হোৱাৰ দিশত এখোজ, ইছৰ'ৰ পৰা উভতিল নলবাৰীৰ দশম শ্ৰেণীৰ ছাত্ৰ সুদীপ্ত

dainik janambhumi July 07, 2026

ডিজিটেল ডেস্ক : শৈশৱ কালৰে পৰা মনতে বিজ্ঞানী হোৱাৰ অদম্য হেঁপাহ লৈ গ্রাম্য অঞ্চলৰ পৰা গৈ ভাৰতৰ সৰ্বোচ্চ মহাকাশ গৱেষণা সংস্থা 'ইছৰ'' ভ্ৰমণ কৰিলে নলবাৰীৰ এজন মেধাৱী ছাত্ৰই। এই ছাত্ৰজনৰ এতিয়া আকাশ চুবলৈ মন। 

নলবাৰী জিলাৰ এখন অখ্যাত গাঁও ককয়াৰ ৰাজীৱ কুমাৰ মিশ্ৰ আৰু মণিকা দেৱীৰ একমাত্র পুত্র সন্তান সুদীপ্ত কুমাৰ মিশ্ৰ নামৰ দশম শ্ৰেণীৰ ছাত্ৰজনে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ 'ইছৰ'' ভ্ৰমণ কৰি এক বিৰল অভিজ্ঞতা অৰ্জন কৰাৰ লগতে ভৱিষ্যতে এগৰাকী মহাকাশ বিজ্ঞানী হোৱাৰ সপোন বুকুত বান্ধি ঘৰলৈ উভতি আহিছে। 

উল্লেখযোগ্য যে ৰাজ্যৰ ১৩গৰাকী ছাত্ৰই লাভ কৰিছিল 'ইছৰ'' ভ্ৰমণৰ বিশেষ সুযোগ। নলবাৰীৰ বানেকুছিস্থিত পি এম শ্রী জৱাহৰ নবোদয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ সুদীপ্ত কুমাৰ মিশ্র। এই ভ্রমণ কালতেই ইছৰ'ই সুদীপ্তক প্ৰদান কৰে যুৱ বিজ্ঞানীৰ প্ৰমাণ-পত্ৰ। উল্লেখযোগ্য যে সৰুৰে পৰাই মহাকাশ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত সুদীপ্তই ইছৰ'ৰ এক বিশেষ কাৰ্যসূচীৰ অধীনত সুযোগ সন্ধানী খবৰত আৱেদন কৰিছিল। সেই আৱেদনৰ ভিত্তিতেই এই সুযোগ লাভ কৰিছিল সুদীপ্তই। বিভিন্ন দিশৰ অৰ্হতাৰ অভিজ্ঞতা শতাংশ হিচাপত লৈ পৰীক্ষা লোৱাৰ পাছত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় কৰ্ণাটকৰ বেংগালুৰুত উপস্থিত হৈ ছাত্ৰজনে মহাকাশ অভিযানৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ অতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰে। য'ত বিজ্ঞানীসকলে চন্দ্রলৈ গৈ কেনেকৈ গৱেষণা চলায়, মহাকাশচাৰীসকলে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রত থকা-মেলাৰ ব্যৱস্থা কেনেকুৱা আৰু মহাকাশত তেওঁলোকে কিধৰণৰ বিশেষ খাদ্য গ্রহণ কৰে এই সকলোবোৰ জ্ঞান সুদীপ্তই এই ভ্রমণকালত লাভ কৰা বুলি জানিবলৈ দিয়ে। সুদীপ্তই কেৱল তাত্ত্বিক জ্ঞানেই নহয়, ইছৰ'ৰ বিজ্ঞানীসকলৰ তত্ত্বাৱধানত সুদীপ্তই নিজে ৰকেটৰ আৰ্হি নিৰ্মাণৰ দৰে জটিল প্রক্রিয়াতো অংশগ্রহণ কৰে। নিজে ৰকেট নিৰ্মাণৰ এই শিহৰণকাৰী অভিজ্ঞতাই তেওঁক অভিভূত কৰি তুলিছে বুলি ছাত্ৰজনে ব্যক্ত কৰে। এই ভ্রমণে তেওঁৰ মনত থকা বিজ্ঞানী হোৱাৰ সপোনক সম্প্রতি আৰু অধিক দৃঢ় কৰি তুলিছে। 

প্রণিধানযোগ্য নলবাৰীৰ ককয়া নামৰ গাঁওখনৰ পৰা গৈ ইছৰ'ৰ মজিয়াত থিয় হ'বলৈ সক্ষম হোৱা সুদীপ্তৰ এই সাফল্যই এতিয়া সমগ্ৰ অঞ্চলৰ লগতে অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ এই সফলতাই বিদ্যালয় কর্তৃপক্ষ, স্থানীয় ৰাইজৰ লগতে পিতৃ-মাতৃকো আনন্দিত কৰি তুলিছে। গ্রাম্য অঞ্চলৰ মেধাৱী ছাত্ৰ সুদীপ্তৰ এই যাত্ৰাই অসমৰ আন বহু শিক্ষার্থীকো ভৱিষ্যতে মহাকাশ বিজ্ঞানক কেৰিয়াৰ হিচাপে বাছিল'বলৈ আৰু আকাশ চুবলৈ অনুপ্রাণিত কৰিব বুলি আশা কৰা হৈছে। এই অভিজ্ঞতা বৰ্ণনা কৰি সুদীপ্তই কয়-বহুতে পঢ়া-শুনা কৰি চিকিৎসক, অভিযন্তা হোৱাৰ সপোন দেখে। কিন্তু কমসংখ্যক শিক্ষার্থীয়েহে বিজ্ঞানী হ'বলৈ সপোন বান্ধে। মনত ইচ্ছা থাকিলে সকলো কাম নিয়াৰিকৈ চলাই নিলে সফল নিশ্চিত সাহস, একাগ্ৰতা আৰু জ্ঞান থাকিলে একোৱেই কঠিন নহয়। যিকোনো বিষয়তে সফলতা লাভ কৰিব পাৰি। 

আনহাতে, সুদীপ্তৰ পিতৃ ৰাজীৱ কুমাৰ মিশ্ৰই কয় যে তেওঁ পুত্ৰৰ এই সাফল্যত উৎফুল্ল হৈ পৰিছে। নিজৰ মনোভাৱ ব্যক্ত কৰি তেওঁ আৰু কয় যে সি পঢ়াত ঠিকেই পড়ে। কিন্তু তাৰ পঢ়া কৌশল কিছু বেলেগধৰণৰ। সৰুৰে পৰা আৱিষ্কাৰ মনোভাৱেৰে বিজ্ঞানীৰ লক্ষণ এটা দেখিছিল পিতৃয়ে। পঢ়াৰ ক্ষেত্ৰত কোনো অভাৱ হ'বলৈ দিয়া নাছিল সুদীপ্তৰ পিতৃয়ে। ভৱিষ্যতে মহাকাশ বিজ্ঞানী হোৱাৰ সপোন দেখা সুদীপ্তক আগন্তুক দিনত পিতৃয়ে ধন, জন, মন একাকাৰ কৰি আগুৱাই লৈ যাবলৈ অংগীকাৰবদ্ধ হৈছে।

Share This