ডিজিটেল ডেস্ক : আমি সচৰাচৰ দেখি থকা এবিধ উপকাৰী উদ্ভিদ হৈছে কুঁহিয়াৰ৷ কুঁহিয়াৰৰ উৎপাদনৰ ক্ষেত্ৰত ব্ৰাজিলৰ পাছতে ভাৰতৰ স্থান৷ ইয়াৰ উপকাৰী গুণবোৰৰ কথা মন কৰিবলগীয়া৷ কুঁহিয়াৰত প্ৰচুৰ পৰিমাণে গ্লু’কজ পোৱা যায়৷ কুঁহিয়াৰৰ ৰসত প্ৰচুৰ পৰিমাণে আইৰণ, মেগনেচিয়াম, পটাচিয়াম আৰু কেলচিয়াম পোৱা যায়৷ যিবোৰে সাধাৰণতে হ’ব পৰা চৰ্দি, জ্ব ৰ আদিৰ সংক্ৰমণৰ পৰা আমাৰ শৰীৰক ৰক্ষা কৰে৷
সেয়ে কঁহিয়াৰৰ ৰস সেৱন কৰিলে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে লগতে দেহৰ শক্তি বঢ়ায়৷ আমাৰ দেহত বৃদ্ধি পাব পৰা কেঞ্চাৰৰ কোষক বাধা প্ৰদান কৰে কঁহিয়াৰৰ ৰসে৷ কুঁহিয়াৰৰ ৰস সেৱনে শৰীৰত দেখা দিয়া উচ্ছ ৰক্তচাপৰ সমতা নিয়ন্ত্ৰণ কৰিব পাৰে৷
কুঁহিয়াৰৰ ৰস সেৱন কৰাৰ ফলত আমাৰ দেহত দেখা দিব পৰা কলেষ্টৰেল বৃদ্ধিৰ সমস্যা দূৰ কৰে৷ তাৰ লগতে হূদপিণ্ডৰ যিকোনো ধৰণৰ সমস্যা ই নিৰ্মূল কৰে৷
কুঁহিয়াৰৰ ৰসত যথেষ্ট পৰিমাণে অম্ল গুণ থকা বাবে কিডনীৰ ষ্ট’নৰ আকাৰ ই সংকুচিত কৰিব পাৰে৷ ই হজম শক্তি বৃদ্ধি কৰে৷ প্ৰস্ৰাৱৰ ইনফেকশ্যন হ’লে কুঁহিয়াৰৰ ৰসৰ সেৱনে বিশেষ সুফল¸ দিয়ে৷