ডিজিটেল ডেস্ক : চুমি বৰাৰ কথা মনত আছেনে ? ট্ৰেডিং কেলেংকাৰিৰ গোচৰত আজিৰ পৰা আঠ মাহ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল ৰীল ৰাণী চুমি বৰা। ইতিমধ্যে জামিন লাভ কৰিছে চুমি বৰা। বিগত কেবামাহ পূৰ্বে অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ ঘটনাই জোকাৰি গৈছিল ৰাজ্য । অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ অসম আৰক্ষীয়ে চি বি আইলৈ হস্তান্তৰ কৰিছিল ।
উল্লেখযোগ্য যে যোৱা বৰ্ষৰ ২ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ প্ৰবাঞ্জলি এপাৰ্টমেণ্টৰ নিৱাসী বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ পাছতে বিশাল ফুকনৰ সহযোগী হিচাপে বিৱেচিত হোৱা অভিনেত্ৰী চুমি বৰা, তেওঁৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক আৰু অম্লান বৰাক গ্ৰেপ্তাৰ কৰি কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল আদালতে ।
ইতিমধ্যে অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ ঘটনাৰ মূল অভিযুক্ত বিশাল ফুকন, তাৰ্কিক আৰু অম্লান বৰাই জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিল ।কিন্তু বিশাল ফুকনৰ মূল সহযোগী অভিনেত্ৰী চুমি বৰাৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাৰ গোচৰৰ সমান্তৰালভাৱে বৰবৰুৱা থানা আৰু দুলীয়াজান থানাত গোচৰ চলি থকাত চুমি আঠ মাহে কাৰাগাৰত থাকিব লগা হয় । অৱশেষত আটাইকেইটা গোচৰতে জামিন লাভ কৰি আজি মুকলি আকাশৰ তললৈ আহিল ট্ৰেডিং কুইন চুমি বৰা।