ডিজিটেল ডেস্ক : হেল্প এইড ফাউণ্ডেশ্যনৰ অগ্ৰণী প্ৰচেষ্টাত আৰু পণ্ডিত হেমচন্দ্র গোস্বামী ফাউণ্ডেশ্যনৰ উদ্যোগত দেওবাৰৰ পৰা ৬ মাহ জোৰাকৈ সৌন্দর্য প্রশিক্ষণৰ এক বিনামূলীয়া শিবিৰ মুকলি কৰা হয়। বোন্দাৰ সূৰুজ নগৰস্থিত হেল্প এইড ফাউণ্ডেশ্যনৰ স্থায়ী সভাগৃহত বৃহত্তৰ বোন্দা, চপাইদং, ঘুলিগাঁও, আমগাঁও আদি অঞ্চলৰ যুৱতী-মহিলাসকলক নিজৰ ভৰিৰ ওপৰত থিয় হোৱাৰ পৰিকল্পনা আগত ৰাখি আয়োজন কৰা এই বিনামূলীয়া শিবিৰৰ প্ৰাথনতে বৰেণ্য পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ স্থিৰচিত্ৰত বন্তি প্রজ্বলন কৰে ডাঃ নৱ গোস্বামীয়ে।
ইয়াৰ পাছতে মুম্বাইৰ পৰা অহা সুনীতা খাউণ্ডে বেহেলা বাদন পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। শিল্পী খাউণ্ডে নিজৰ ভাষণত কয়-'মহিলাসকলে এখন দেশ নিয়ন্ত্ৰণ কৰি ৰখাত মূল ভূমিকা ল'ব পাৰে। মহিলাই সমাজ নিৰ্মাণৰ প্রধান চালিকা শক্তি। যুৱতী-মহিলাই সদায় পৰিপাটি সাজপাৰ পিন্ধিব লাগে।' প্রবাসী অসমীয়া নৃপেন বৰুৱাই নিজৰ ভাষণত কয় যে মানুহে কাম কৰিব লাগে। লাজ কৰিব নালাগে। ভগৱানৰ ওপৰতো বিশ্বাস ৰাখিব লাগে।
হেল্প এইড ফাউণ্ডেশ্যনৰ অধ্যক্ষ তথা অধিবক্তা অঞ্জুলিনা দেৱ চৌধুৰীয়ে আঁত ধৰা সভাত ভিন্ন ক্ষেত্ৰৰ জয়ন্ত দাস, ৰাজীৱ গোস্বামী, অৰূপ খাউণ্ড, শান্তনু ভট্টাচার্য, কমল ক্রান্তি দাস, মণিকা গোস্বামী, দীপজ্যোতি বৰুৱা, মনালিছা বৰুৱা প্ৰভৃতিয়ে অংশ লৈ স্বেচ্ছাসেৱী অনুষ্ঠানৰ দায়িত্ব আৰু কৰণীয়ৰ সন্দৰ্ভত আলোকপাত কৰে। প্ৰথম পৰ্যায়ত ৫০ গৰাকী যুৱতী-মহিলাক প্রশিক্ষণ দিয়া হ'ব।