শৰীৰৰ চুলি আঁতৰোৱা অভিনেতাক সমালোচনা ছানী দেউলৰ;ছানীৰ মন্তব্য- 'মই অস্বস্তি পাওঁ, ছোৱালীৰ দৰে অনুভৱ হয়'

Jyoti Borah August 07, 2023

ডিজিটেল ডেস্কঃ মুক্তি পাবলগীয়া বহু প্ৰত্যাশিত ‘গাদাৰ ২’ৰ প্ৰচাৰৰ বাবে ছানি দেউল বৰ্তমান ব্যস্ত হৈ আছে৷ শেহতীয়াকৈ তেওঁ বলীউড উদ্যোগটো কেনেদৰে সলনি হৈছে সেই বিষয়ে মুকলিকৈ কয়। অভিনেতাগৰাকীয়ে মন্তব্য কৰে যে কেনেকৈ নতুন যুগৰ অভিনেতাসকলে নিজৰ শৰীৰটোৰ চুলিসমূহ কাটিছে আৰু ছিক্স পেক এবছ পাইছে।

পৰিৱৰ্তনৰ প্ৰতি তেওঁৰ দৃষ্টিভংগীৰ বিষয়ে সোধাত ছানীয়ে হাঁহি হাঁহি সংবাদ মাধ্যমত কয় যে , “মোৰ শৰীৰৰ চুলি কটালে বৰ লাজ লাগে, ছোৱালীৰ দৰে অনুভৱ হয়।” তেওঁ আৰু কয় যে তেওঁ ছিক্স পেক এবছৰ প্ৰয়োজনীয়তা বুজি নাপায় আৰু বুজি নাপায় যে তেওঁলোক বডী বিল্ডাৰ নহয়, অভিনেতাহে। ছানী দেউলে কয় যে আজিকালি প্ৰতিভাবোৰৰ এটা পেৰামিটাৰ আছে যে যদি তেওঁলোকৰ শৰীৰ সুঠাম হয় তেন্তেহে অভিনেতা হ’ব পাৰে তদুপৰি নৃত্য জানিলেহে অভিনেতা হ’ব পাৰে বুলি মন্তব্য কৰে৷


‘গাদাৰ ২’ হৈছে ২০০১ চনৰ ব্লকবাষ্টাৰ ছবি ‘গাদাৰ: এক প্ৰেম কথা’ৰ ছিকুৱেল,এই ছবিখনৰ মুখ্য চৰিত্ৰত আছে ছানী দেউল আৰু অমীছা পেটেল। ছবিখনে চলিত বৰ্ষৰ ১১ আগষ্টত পৰ্দাত মুক্তি পাব৷

Share This