ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই আৰম্ভ কৰিলে জেৰা

dainik janambhumi April 12, 2025

ডিজিটেল ডেস্ক : ২০০৮ চনত সংঘটিত মুম্বাইৰ সন্ত্রাসবাদী আক্ৰমণত জড়িত বৃহত্তৰ ষড়যন্ত্ৰৰ কথা উদ্‌ঘাটন কৰিবলৈ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (এন আই এ) শুকুৰবাৰে উক্ত আক্ৰমণৰ ষড়যন্ত্রকাৰী তাহাউৰ হুছেইন ৰানাৰ জেৰা আৰম্ভ কৰে। আমেৰিকাৰ পৰা প্রত্যর্পণৰ পাছত দিল্লীৰ এখন আদালতে ৰানাক ১৮ দিন নিয়াৰ জিম্মালৈ প্ৰেৰণ কৰাত পুৱতি নিশা তেওঁক এন আই এৰ মুখ্য কাৰ্যালয়লৈ অনা হৈছিল। নতুন দিল্লীৰ চি জি অ' কমপ্লেক্সত থকা নিয়াৰ মুখ্য কাৰ্যালয়ৰ কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ এটা চেলত ৰানাক ৰখা হৈছে। 

ৰানাক ২৪ ঘণ্টাই নিৰীক্ষণত ৰখা হৈছে আৰু খাদ্য আদিকে ধৰি প্ৰাথমিক প্রয়োজনসমূহ যোগান ধৰা হৈছে। উল্লেখযোগ্য যে ২০০৮ চনত মুম্বাইত ১০টা সন্ত্রাসবাদীয়ে কৰা আক্ৰমণত ১৬৬জন লোক নিহত আৰু ২৩৮জন আহত হৈছিল। জানিব পৰা মতে, নিয়াৰ জেৰাত মুম্বাই আক্রমণত জড়িত পাকিস্তানস্থিত লস্কৰ-এ-তৈয়বাৰ সৈতে ৰানাৰ সম্ভাব্য সম্পৰ্কৰ বিষয়ে জনাৰ চেষ্টা কৰা হৈছে। উল্লেখযোগ্য, ৬৪ বছৰীয়া পাকিস্তান মূলৰ কানাডাৰ নাগৰিক ৰানা হৈছে মুম্বাইৰ সন্ত্রাসবাদী আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী ডেভিদ ক'লমেন হেডলী ওৰফে ডাউদ গিলানীৰ ঘনিষ্ঠ সহযোগী। নিয়াই জেৰাত ৰানাৰ পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে সম্পৰ্ক তথা উক্ত আক্ৰমণত তেওঁৰ ভূমিকাৰ বিষয়েও জানিবলৈ চেষ্টা কৰিব। 

উল্লেখযোগ্য যে ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত সন্ত্রাসবাদীৰ আক্ৰমণ হোৱাৰ কিছুদিনৰ আগত ৰানাই উত্তৰ আৰু দক্ষিণ ভাৰত ভ্ৰমণ কৰিছিল। নৱেম্বৰৰ ১৩ তাৰিখৰ পৰা ২১ তাৰিখৰ ভিতৰত ৰানাই পত্নী চমৰাজ ৰানা আখতাৰৰ সৈতে উত্তৰ প্ৰদেশৰ হাপুৰ আৰু আগ্রা, দিল্লী, কোচি, আহমেদাবাদ আৰু মুম্বাই ভ্ৰমণ কৰিছিল। উল্লেখযোগ্য যে ৰানাক নিয়াই জেৰা কৰাৰ সময়ত সংস্থাটোৰ মুৰব্বী ৰূপে (সঞ্চালক প্রধান) আছে সদানন্দ দাতে। মুম্বাইৰ উক্ত সন্ত্রাসবাদী আক্রমণৰ সময়ত ভাৰতীয় আৰক্ষী সেৱাৰ মহাৰাষ্ট্ৰ কেডাৰৰ বিষয়া দাতেয়ে মুম্বাইৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত ৰূপে কার্যনির্বাহ কৰিছিল।

Share This