যমে নিলেও নিয়া, জোঁৱায়ে নিলেও নিয়া

Digital desk July 16, 2024

ডিজিটেল ডেস্কঃ বর্তমান সকলোতে মুকেশ আম্বানিব পুত্রৰ বিয়াখনৰ কথা আলোচনা হৈছে। কোন কোন ভি ভি আই পি অতিথি ৰূপে আহিছিল, বিয়াঘৰত কি খুবাইছিল, দৰা কইনাই কি পিন্ধিছিল আদি বহু বিষয় জনসংযোগৰ সকলো মাধ্যমত চর্চা হৈছে। আমাৰ মনলৈ কিন্তু আহিছে এই কথা যে আম্বানিৰ ঘৰৰ ছোৱালী আৰু বোৱাৰীয়ে সাধাৰণতে আমাৰ সমাজত দেখা দিয়া নাৰী-কেন্দ্রিক বৈষম্যৰ সম্মুখীন হ'বলগীয়া হয় নে নহয়?

নীতা আম্বানি আৰু বোৱাৰী ৰাধিকা মার্চেন্টৰ মাজৰ সম্পর্ক কেনেকুৱা হ'ব? বিয়াখনত প্রায় ৫০০০ কোটি টকা খৰচ হৈছে বুলি বিভিন্ন মাধ্যমত প্রকাশ পাইছে। তাৰ বাবে মিশ্রিত আলোচনাও চলিছে। ভাৰতৰ দৰে দেশত
ইমান ধন খৰচ কৰাটো কিমান গ্রহণযোগ্য তাক লৈ একাংশই প্রশ্ন কৰিছে। প্রায় সকলোৱেই ভোগ-বিলাস অধিক হোৱা বুলি সমালোচনা কৰিছে। ভোগ-বিলাসত মত্ত হৈ আমাৰ সমাজত সন্তান আৰু বোৱাৰীয়ে পিতৃ- মাতৃক আলৈ-আগানি কৰাৰ কথা বিভিন্ন মাধ্যমত আমি দেখিছোঁ আৰু পঢ়িছোঁ। তেনেস্থলত ভোগ-বিলাস, ঐশ্বর্য-বৈভৱ লৈ জন্ম হোৱাসকলৰ মানসিকতা কি ধৰণৰ হয় সেয়া আমি বিচাৰ কৰিবলৈ সক্ষম হয়নে নহয় ইও আন এক বিচাৰৰ বিষয়।

ড' নির্মলপ্রভা বৰদলৈয়ে আত্মজীবনী 'জীবন- জীৱন বৰ অনুপম' গ্রন্থত লিখিছে (আজিকালিৰ বিয়া আৰু সেই সময়ৰ, মানে আমাৰ সৰুকালিৰ বিয়াৰ যেন স্বর্গ-মত্য পার্থক্য। বিয়া মানেই যেন বলিশাল। তেতিয়া প্রায়ে ঘৰবোৰত কোৱা হৈছিল- 'যমে নিলেও নিয়া, জোঁৱায়ে নিলেও নিয়া।' আৰু লিখিছে, '... মাইকী মানুহবোৰ বৰ দুৰ্ভগীয়া। লোকৰ মতে চলিব লাগে। সিহঁতে কিয় বিয়া কৰায়? য'ত অকণো স্বাধীনতা নাথাকে। কান্দি কান্দি মাকৰ ঘৰৰ পৰা উভতি অহা মাক সাত-আঠ বছৰীয়া মই সুধিছিলোঁ, 'কিয় বিয়া হৈছিলা মা?' মাই অবুজ ছোৱালীজনীৰ মুখলৈ চাই কৈছিল, 'নহ'লে কোনে খুৱাব।' মাতৃৰ এই প্রত্যুত্তৰতেই যেন নাৰীৰ সামাজিক পৰিস্থিতিৰ এটা প্রধান কাৰণ লুকাই আছিল। আকৌ লিখিছে, 'মাহঁতৰ চাবলৈ গ'লে একো স্বাধীনতা নাছিল। আছিল সকলোৰে কাৰণে উচর্গিত এটি জীৱন। নিজাকৈ ওলাই-সোমাই ফুৰিব নোৱাৰে বাবে ক'লৈকো যাব নোৱাৰে, থাকিব নোৱাৰে। ঘৰত মাক-দেউতাকে ইটো খাবিনে, সিটো খাবিনে বুলি খুৱাই-ধুৱাই, আলাসত তোলা ছোৱালীজনীয়ে এখন সম্পূর্ণ ঘৰৰ কামৰ দায়িত্ব ল'বগৈ লাগে। টোপনি ধৰিলেও এঘুমটি 'শুই ল' বুলি কওঁতা নাই।

পুৱা ন দহ বজাত সকলোকে দি থৈ কিবা এটা খালে কি নাখালে, আকৌ ৰন্ধা-বাঢ়া খুউৱাত লাগি দিনৰ ডেৰ- দুইবজালৈকে ডা-ডাঙৰীয়া, গৃহস্থ, শাহু-শহুৰে নোখোৱা পর্যন্ত ভাত খোৱা কথা কল্পনাও কৰিব নোৱাৰে।' পৰিস্থিতি সলনি হৈছে। এতিয়া আৰু ঘৰৰ বোৱাৰীয়ে ঘৰখন আগৰ দৰে চলাব নালাগে। ওপৰত বর্ণনা কৰা ঘৰুৱা দায়িত্ববোধৰ পৰা নাৰীয়ে স্বাধীনতা লাভ কৰিছে। কিন্তু সঁচাকৈ জানো লাভ কৰিছে। এতিয়াও স্বামী নামৰ পুৰুষজনৰ আঁৰতেই নাৰী থকা যেন অনুভৱ হয়। সেইবাবেই পূর্বতে নাৰীয়ে ঘৰখনৰ শাহু-শহুৰকে ধৰি আনসকলৰ বাবে যি যি কৰিব লাগিছিল সেয়া এতিয়া স্বামীৰ বাবে কৰিব লগা হৈছে। স্বামীৰ অনুমতি অবিহনে সিদ্ধান্ত ল'ব নোৱবা হৈ থকা যেন লাগে। আলোচনাৰে গ্রহণ কৰা সিদ্ধান্ত আৰু অনুমতিৰ মাজত থকা পার্থক্যক নাৰীয়ে পৰম্পৰা আৰু পুৰষতন্ত্রৰ আৱৰণত যেন পাহৰি পেলাইছে। এতিয়াও নিজৰ ইচ্ছাক স্বামীৰ ইচ্ছা আৰু আনন্দৰ সৈতে একাকাৰ কৰিছে। বহু নাৰীয়ে স্বামীৰ হাতত নিজৰ উপার্জিত টকাৰ খৰচৰ হিচাপ থ'বলগীয়া হৈছে। খাবলৈ বহাৰ আগতে স্বামীৰ বাবে সুৰাৰ ড্রিংকছ বনাই দি খাই শেষ হোৱালৈ ৰৈ থাকিবলগীয়া হোৱাও দেখা যায়।

মুঠতে আজিৰ বিয়াই নাৰীক পূর্ণতা দিছে বুলি এতিয়াও ক'ব নোৱাৰি যেন বোধ হয়। নালীৰ ওপৰত পুৰুষতন্ত্রই জাঁপি দিয়া তাহানিৰ বোজা আজিও কম নহ'ল। নাৰীৰ 'স্বাধীনতা' আৰু সৱলীকৰণৰ সৈতে আচলতে পুৰুষৰ ভূমিকা আৰু চৰিত্র সংশোধনব প্রয়োজন আছিল। শাহু-শহুৰকে ধৰি পত্নীৰ সকলো আত্মীয়ৰ আল-পৈচান ধৰা আৰু পত্নীক সমস্থান দিয়াটোত পৰম্পৰাৰ আৱৰণেৰে পুৰুষকো আৱৰি ধৰাটো উচিত আছিল। ফলত স্বামী-স্ত্রী আৰু দুটা পৰিয়ালৰ মাজত আত্মীয়তা গঢ় লৈ উঠাব সম্ভাবনা আৰু লগতে সামাজিক প্রমূল্য আৰু সংস্কৃতি জীয়াই থকাৰ সম্ভাবনাও থাকিলহেঁতেন। সমান্তৰালভাবে, বিয়াৰ পাছতো নাৰীয়ে নিজস্বতাক ধৰি ৰখাৰ পৰিবেশ পাব, যিদৰে পুরুষে বিয়াৰ পাছতো সেয়া ধৰি ৰাখে। আম্বানিৰ ঘৰৰ বিয়াৰ মাজতে এনে কথাও আমাৰ মনলৈ আনিলেহে চাগৈ সমাজখন আৰু আগুৱাই যাব।

Share This