টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানত বৈজ্ঞানিক সন্মিলনৰ সামৰণি, 'গুণগত মান ৰক্ষাত চাহ উদ্যোগলৈ আহিছে নতুন প্রত্যাহ্বান'

dainik janambhumi February 22, 2026

ডিজিটেল ডেস্ক: সাম্প্ৰতিক সময়ত চাহ উদ্যোগে সন্মুখীন হোৱা জটিল সমস্যাসমূহৰ অন্যতম গুণগত মানসম্পন্ন চাহ উৎপাদনৰ ক্ষেত্ৰত কীট-পতংগ আৰু নানা ৰোগৰ প্রকোপ বৃদ্ধি, মাটিৰ উৰ্বৰতা হ্রাস, প্রয়োজনতকৈ অধিক কীটনাশক দ্ৰব্যৰ প্ৰয়োগৰ ফলত দেখা দিয়া প্রত্যাহ্বান, জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন আদি বিষয়ত দেশৰ ভিন্ন প্ৰান্তৰৰ বিজ্ঞানী, চাহ বাগিচাৰ স্বত্বাধিকাৰী, উদ্যোগটোৰ সৈতে জড়িত নীতি নির্ধাৰক, গৱেষক আৰু প্ৰযুক্তি বিশেষজ্ঞৰ উপস্থিতিৰে কালিৰে পৰা টোকোলাই চাহ গৱেষণা প্রতিষ্ঠানত অনুষ্ঠিত 'যৌথ এলেকা বৈজ্ঞানিক সন্মিলন ২০২৬'ৰ কালি সামৰণি পৰে। 

দুটা দশকৰ পাছত অনুষ্ঠিত এই বৈজ্ঞানিক সন্মিলনৰ কালিৰ দ্বিতীয় দিনৰ আদৰণী ভাষণত টি আৰ এৰ সঞ্চালক ড° ভেংকটেচন ছেলভাৰজে বৰ্তমান সময়ত চাহ উদ্যোগে সন্মুখীন হোৱা জটিল সমস্যাসমূহৰ প্ৰেক্ষাপটত এই সন্মিলনক চাহ উদ্যোগ আৰু গৱেষণাৰ মাজত ফলপ্রসূ সংযোগ স্থাপনৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে বিবেচিত হৈছে বুলি উল্লেখ কৰে। অনুষ্ঠানত টি আৰ এৰ সভাপতি সুনীল সিং চিকাণ্ডে উদ্যোগটোৱে সন্মুখীন হোৱা ভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত এনেদৰে সমূহীয়া চিন্তা-চৰ্চা আৰু কৃত্রিম বুদ্ধিমত্তা আদি আধুনিক প্রযুক্তিৰ ব্যৱহাৰৰ প্রয়োজনীয়তাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। 

টি আৰ এৰ পূৰ্বৰ অধ্যক্ষ নয়নতৰা পালচৌধুৰীয়ে এনে সন্মিলন অনুষ্ঠিত হোৱাত সন্তোষ প্ৰকাশ কৰি চাহ বাগিচাৰ পৰিচালকসকলে বিজ্ঞানীসকলৰ সৈতে পোনপটীয়া মত-বিনিময় কৰাৰ লগতে নতুন প্রযুক্তিগত উদ্ভাৱনৰ বিষয়ে জ্ঞান আহৰণৰ সুযোগ পোৱাত সহায় হৈছে বুলিও মন্তব্য কৰে। অনুষ্ঠানত টি আৰ এৰ প্রাক্তন অধ্যক্ষ প্রভাত কমল বেজবৰুৱাই সন্মিলনখন সময়োপযোগী বুলি উল্লেখ কৰি চাহৰ গৱেষণা আৰু উন্নয়নৰ দিশত অধিক বিনিয়োগৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুদিনীয়া এই সন্মিলনত টী ব'ৰ্ড ইণ্ডিয়াৰ গৱেষণা সঞ্চালক ড° মহিপাল সিঙে আগন্তুক মার্চ মাহত অনুষ্ঠিত হ'বলগীয়া উদ্যোগভিত্তিক এখন আলোচনা-সত্ৰৰ বিষয়েও উল্লেখ কৰি নতুন কীটনাশক ব্যৱহাৰৰ ক্ষেত্ৰত কেনে সতর্কতাৰ প্ৰয়োজন সেই দিশতো বহল ভিত্তিত আলোচনাৰ মাধ্যমেৰে ঐকমত্য গঢ়ি তোলাৰ পোষকতা কৰে। 

টি আৰ এৰ সম্পাদক জয়দীপ ফুকনে টোকোলাই পৰামৰ্শমূলক সেৱাৰ বিকাশৰ বিষয়েও উল্লেখ কৰে। লগতে তেওঁ ৰাজ্য চৰকাৰৰ সহযোগত টোকোলাইত এটা ইনকিউবেশ্যন কেন্দ্র স্থাপন কৰি চাহ উদ্যোগত উদ্ভাৱন আৰু ঔদ্যোগিকৰণক উৎসাহিত কৰাৰ পদক্ষেপ গ্ৰহণৰ বিষয়েও উল্লেখ কৰে। দুদিনীয়া এই সন্মিলনত স্মাৰক গ্রন্থ উন্মোচন কৰাৰ লগতে টোকোলাইৰ জল প্রযুক্তিবিদ ড° ইব্রাহিম কালিলৰ এখন গ্রন্থও উন্মোচন কৰা হয়। 

দুদিনীয়া এই সন্মিলনত চাহৰ বজাৰৰ প্ৰত্যাশা, চাহৰ নতুন উৎপাদনৰ সম্ভাৱনা, প্রাকৃতিক পদাৰ্থৰ প্ৰাক্-ক্লিনিকেল আৰু ক্লিনিকেল মূল্যায়ন, জলবায়ুৰ পৰিৱৰ্তন, কাৰ্বন মার্কেট, এগ্র' ফৰেষ্টি, সঁচ উদ্ভাৱন আদি বিষয়ত গৱেষণা-পত্র পাঠ কৰাৰ লগতে জলসিঞ্চন আৰু নলা ব্যৱস্থাপনা, যান্ত্রিকীকৰণ, অট'মেচন আৰু ৰবটিক্সৰ বিষয়েও ফলপ্রসূ আলোচনা অনুষ্ঠিত হয়। কালিৰ সামৰণী অনুষ্ঠানত টি আৰ এৰ সঞ্চালক ড° ভেংকটেচন ছেলভাৰাজে ভাষণ প্রদান কৰাৰ লগতে ড° শান্তনু সভাপণ্ডিতে শলাগ জ্ঞাপন কৰে।

Share This