গুৱাহাটীত উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী

Nikimoni Kachari April 24, 2026

ডিজিটেল ডেস্ক: গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। উবেৰত গৈ থকা অৱস্থাত বিপদগ্ৰস্ত হয় এগৰাকী শিক্ষয়িত্ৰী। মাতৃৰ মোবাইলত I am in Danger বুলি মেছেজ দিয়ে নিৰুদ্দিষ্ট শিক্ষয়িত্ৰীগৰাকীয়ে। শিক্ষয়িত্ৰীগৰাকীৰ নাম ভাৱনা শৰ্মা।

বৰঝাৰৰ মাইলছ ব্ৰোনচন স্কুলৰ শিক্ষয়িত্ৰী ভাৱনা শৰ্মা। তেওঁৰ ঘৰ মহানগৰীৰ তেতেলীয়াত।

ঘৰৰপৰা স্কুললৈ উবেৰেৰে গৈ থকা অৱস্থাত পৰিয়ালৰ লোকলৈ ফোন কৰে শিক্ষয়িত্ৰীগৰাকীয়ে।

I am in danger বুলি মাতৃৰ ফোনত মেছেজ দিয়ে তেওঁ।  তাৰপাছৰ পৰাই শিক্ষয়িত্ৰী ভাৱনা শৰ্মাৰ মোবাইল অফ।

ঘটনাৰ সময় আজি দুপৰীয়া।  পৰিয়ালৰ লোকে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে জালুকবাৰী থানাত।

ঘটনা সন্দৰ্ভত অনুসন্ধান চলাই আছে আৰক্ষীয়ে। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This