ডিজিটেল ডেস্ক: ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলৰ বাবে অসম চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চৰকাৰী চাকৰিত ৩ শতাংশ সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম বিধানসভাৰ সভাকক্ষত আয়োজিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বাজেট (লেখানুদান) উত্থাপনৰ পূৰ্বে অনুষ্ঠিত এই বৈঠকত কেবিনেটে ২০২৬-২৭ বৰ্ষৰ লেখানুদানখন অনুমোদন কৰাৰ লগতে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে নতুনকৈ ১,০৩,৫০০ হিতাধিকাৰীক সামৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। একেদৰে কাৰ্বি আংলং জিলাৰ লংভাকুত অসমৰ দ্বিতীয়খন সৈনিক স্কুল স্থাপনৰ অৰ্থে ৩৩৫ কোটি টকা অনুমোদন জনায়। এই সৈনিক স্কুলখন স্থাপনত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অনুমোদন দিয়ে।
আনহাতে, অসম ক্রিকেট সন্থাৰ এখন ষ্টেডিয়াম নিৰ্মাণৰ বাবে কেবিনেটে ধেমাজিত ৩১ বিঘা মাটি আবণ্টনত অনুমোদন জনায়। একেদৰে যোৰহাটস্থিত শ্ৰীশ্ৰীঅষ্টভুজদেৱৰ বৰভেটিৰ উন্নয়নৰ বাবে ২০ কোটি টকা আবণ্টন দিয়াৰ লগতে ৰাজ্যৰ শিক্ষক সমাজৰ বাবে বার্ষিক আৰ্জিত ছুটীৰ সংখ্যা বৰ্তমানৰ দহ দিনৰ পৰা পোন্ধৰ দিনলৈ বৃদ্ধি কৰে। কৃষি বিভাগত পদোন্নতিৰ পথ মুকলি হোৱাৰ সুবিধার্থেও কেবিনেটে বিভাগৰ সেৱাবিধি সংশোধনত অনুমোদন জনায়।