অসম-নগালেণ্ড সীমান্তত পুনৰ তীব্র উত্তেজনা, চি আৰ পি এফক পহুখেদা নগাৰ

dainik janambhumi February 16, 2026

ডিজিটেল ডেস্ক: অসম-নগালেণ্ড সীমান্তত পুনৰ তীব্র উত্তেজনা। হাতত দা-লাঠী, কেটেপা লৈ চি আৰ পি এফক আক্রমণত উদত্ত নগা লোকৰ। সময়ে সময়ে উৰিয়ামঘাটৰ অসম-নগালেণ্ড সীমান্তত আগ্রাসী নগাই যুদ্ধংদেহি ৰূপ লৈ আগ্রাসন চলোৱা বিভিন্ন সময়ত উদাহৰণ আছে।

কালি পুনৰ উৰিয়ামঘাট অসম-নগালেণ্ড সীমান্তৰ চেইনপুৰত বিবদমান ভূমিত নগাই ব্যক্তিয়ে স্থাপন কৰা পেট্রল পাম্পত লাগিল গণ্ডগোল। নগালেণ্ড আৰু অসম প্রশাসনে বন্ধ কৰি ৰাখিছিল উক্ত পেট্রল পাম্পটো। অসম ভূমিত নগা স্থাপন কৰা এই পেট্রল পাম্পটো অসম চৰকাৰ তথা সৰুপথাৰ সম-জিলা সীমান্ত দণ্ডাধীশৰ অনুমতিৰ অবিহনে পুনৰ আৰম্ভ কৰিছে নগাই। এই পেট্রল ডিপোটোৰ কাম পুনৰ আৰম্ভ কৰাত উক্ত স্থানত উপস্থিত হৈছিল চি আৰ পি এফৰ এটা দল। সেই সময়তে অহা চি আৰ পি এফৰ দলটোক দা, লাঠী, কেটেপা লৈ আক্ৰমণ কৰি খেদি পঠিয়ায় নগাই। আনকি চোকা অস্ত্র লৈও সমুখ-সমৰত লিপ্ত হয় চি আৰ পি এফৰ লগত। সমগ্ৰ ঘটনাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। 

গোলাঘাট জিলাৰ সৰুপথাৰ সম-জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী চেইনপুৰত পুনৰ নগাৰ এই দদপনি, চেইনপুৰত নিৰপেক্ষ নিৰাপত্তা বাহিনীক আক্ৰমণ কৰা ঘটনাই তোলপাৰ লগাইছে সীমান্তত। সীমান্তৰ বিবদমান এলেকাত নগাৰ কথাই যেন হৈ পৰিছে আইন। এতিয়া নির্লিপ্ত গোলাঘাট জিলা প্রশাসন, অসহায় চি আৰ পি এফৰ এই ভূমিকাত উদ্বিগ্ন হৈ পৰিছে সীমান্তবাসী।

Share This