ৰাজ্য সভাৰ যাত্ৰালৈও চাইকেল লৈ আহিল তেৰছ গোৱালা

dainik janambhumi March 06, 2026

ডিজিটেল ডেস্ক : ৰাজ্য সভাৰ অসমৰ তিনিখন আসনত এন ডি এৰ প্রার্থী জয়ী হোৱাটো নিশ্চিত হ'ল। কালি মনোনয়ন-পত্র দাখিলৰ অন্তিম দিনা বিজেপিৰ হৈ বিধায়ক তেৰছ গোৱালা আৰু মন্ত্রী যোগেন মহনে মনোনয়ন দাখিল কৰে। আনহাতে, তৃতীয়খন আসনৰ বাবে বিজেপিৰ মিত্ৰদল ইউ পি পি এলৰ হৈ মনোনয়ন দাখিল কৰে প্রমোদ বড়োৱে। ইয়াৰ বিপৰীতে বিৰোধী পক্ষই কোনো প্রার্থী প্রক্ষেপ নকৰাত মনোনয়ন দাখিল কৰা তিনিওগৰাকী প্রার্থীৰে বিজয় নিশ্চিত হৈ পৰিল। এতিয়া মাথোঁ নির্বাচন আয়োগৰ আনুষ্ঠানিক ঘোষণাহে বাকী আছে। কালি দিছপুৰত ৰাজ্যৰ মুখ্য নির্বাচন বিষয়াৰ উপস্থিতিত ৰাজ্য সভাৰ তিনিওগৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্রী অতুল বৰা, দলৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা নির্বাচন প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাকে ধৰি ভালেসংখ্যক দলীয় নেতা উপস্থিত আছিল।

মন কৰিব লগীয়া কথা যে সততে বিধানসভালৈ চাইকেল চলাই অহা দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাই মনোনয়ন দিবলৈকো চাইকেল চলাই আহে। ঘৰৰ পৰা ওলাই প্রথমে গণেশ মন্দিৰলৈ গৈ সেৱা জনাই মনোনয়ন দাখিল কৰিবলৈ অহা বিধায়ক গোৱালাই সাংবাদিকৰ আগত কয়- 'ৰাজ্য সভালৈ গৈ আছোঁ। দিল্লীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীত মোক চাইকেলৰ অনুমতি দিব নে নিদিয়ে নাজানো। গুৱাহাটীলৈ অহাৰ লগে লগে ২০১৬ চনত বন্ধু এজনৰ সহযোগত প্রথম দৰমহাৰে চাইকেল এখন কিনিছিলোঁ। সেই চাইকেলৰ আজি দহটা বছৰ হ'ল। আজি সেই চাইকেল লৈ মনোনয়ন দিবলৈ আহিছোঁ।' আনহাতে, চাইকেলৰ লগত বহুতো স্মৃতি জড়িত হৈ থকাৰ কথা উল্লেখ কৰি তেওঁ লগতে কয়, 'চাইকেলে মোক বহুত প্ৰেৰণা দিছে। চাইকেলৰ সৈতে দুখীয়া মানুহৰ সুখ-দুখ জড়িত হৈ থাকে। গাড়ীত গ'লে বহু কথা অনুভৱ কৰিব নোৱাৰি। সেইবাবে মই চাইকেলখন এৰি দিয়া নাই।' ইফালে, ৰাজ্য সভাত অসম আৰু অসমীয়াৰ কথাক সদায় প্রথম স্থান দিম বুলি মত প্রকাশ কৰি তেওঁ লগতে কয়, 'বিধানসভাতো মই বহুতো প্রশ্ন উত্থাপন কৰিছিলোঁ। আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ বাবেও সম্পূর্ণ প্রস্তুতি চলাইছিলোঁ। কিন্তু দলে ৰাজ্য সভালৈ যোৱাৰ বাবে দিয়া দায়িত্ব মই মানি ল'লোঁ।' বিধায়কৰ গোৱালাই তেওঁৰ স্থানত দুলীয়াজান সমষ্টিতে ৰামেশ্বৰ তেলীয়ে নিৰ্বাচন খেলিব বুলিও অৱগত কৰে। ইফালে, ২০১৬ চনৰ পৰা মাহমৰা সমষ্টিক প্রতিনিধিত্ব কৰি অহা মন্ত্রী যোগেন মোহনে নিজৰ প্ৰতিক্রিয়া ব্যক্ত কৰি কয়, 'উচ্চ সদনলৈ প্ৰেৰণ কৰাৰ বাবে দলৰ নেতৃত্বক ধন্যবাদ জনাইছোঁ। উচ্চ সদনত অসমৰ হৈ কথা ক'ম। অসমৰ হৈ কাম কৰিম। ৰাজ্যখনৰ সমস্যাসমূহ কেন্দ্ৰত উত্থাপন কৰি ৰাজ্যখনক আগুৱাই নিয়াৰ বাবে চেষ্টা চলাই যাম। এতিয়া মোৰ পৰিসৰটো ডাঙৰ হ'ল। ৰাইজৰ হৈ কাম কৰাৰ শক্তি বাঢ়িছে।'

আনহাতে, সমষ্টিবাসীয়ে মোক বিধায়ক হিচাপে পুনৰ বিচাৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সমষ্টিবাসীয়ে বিচাৰিলেও আমি ৰাষ্ট্ৰীয় নেতৃত্বই যিদৰে বিচাৰিব সেইদৰে কাম কৰিব লাগিব।' দলে যি দায়িত্ব দিব সেয়া পালন কৰিম বুলি উল্লেখ কৰি মহনে লগতে উচ্চ সদনত থাকিও ৰাজ্যৰ ৰাজনীতিৰ বাবে কাম কৰিব পাৰিম বুলি দৃঢ়তাৰে মত ব্যক্ত কৰে। উল্লেখযোগ্য যে ৰাজ্য সভাৰ তৃতীয়খন আসনৰ প্ৰাৰ্থী ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে দলৰ সিদ্ধান্ত অনুসৰি ৰাজ্য সভাৰ তৃতীয়খন আসনৰ বাবে মনোনয়ন দাখিল কৰাৰ কথা অৱগত কৰে। তেওঁ কয়, 'আশা ৰাখিছোঁ নিৰ্বাচনৰ সময়ত তৃতীয়খন আসনৰ বাবে আমি বিভিন্ন দলৰ বিধায়কসকলৰ পৰা সমৰ্থন পাম। বড়োলেণ্ডকে ধৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চল আৰু ভাৰতৰ কাৰণে কাম কৰাৰ সুবিধা পাম বুলি আশা কৰাৰ কথাও জনায় বড়োৱে।

Share This