ডিজিটেল ডেস্কঃ 'শিলে কথা কোৱা চহৰ' ৰূপে খ্যাত ঐতিহ্যমণ্ডিত তেজপুৰৰ মাজগাঁও ৰত্নপুৰৰ লুলু ভৰালী ওৰফে ৰূপক ভৰালী নামৰ এগৰাকী লোকৰ ঘৰৰ চৌহদত পোৱা গৈছে কেইবাটিও শিলত কটা প্রাচীন ভাস্কর্য। অনুমান কৰা হৈছে যে শেহতীয়াকৈ লোকচক্ষুলৈ অহা এই শিলত খোদিত ভাস্কর্য বহু পুৰণি প্রস্তৰ সভ্যতাৰ নিদৰ্শন। মাজগাঁৱত থকা দৌলগুৰিৰ শ্মশানকে ধৰি তামুলী চুবুৰি আদি অঞ্চলত ইতিপূর্বে পোৱা ভাস্কৰ্যৰে এই ভাস্কৰ্যৰ সাদৃশ্য থকাটোও মন কৰিবলগীয়া কথা।
গণেশৰ মূৰ্তি, পদচিহ্নকে ধৰি বিভিন্ন ভাস্কর্য খোদিত এই শিলসমূহ লুলু ওৰফে ৰূপক ভৰালীৰ ঘৰৰ ভঁৰালৰ তলখুঁটিৰূপে তেখেতৰ আজোককাকৰ দিনৰ পৰাই প্ৰায় ডেৰশ বছৰ ধৰি ব্যৱহৃত হৈ অহা বুলি জানিবলৈ দি ভৰালীয়ে জনায় যে এতিয়া ধানৰ খেতি নাইকিয়া হোৱাত ভঁৰালৰো প্ৰয়োজন নাইকিয়া হয়। সেয়ে ভঁৰাল ভাঙি শিলবোৰ আঁতৰাবলৈ লওঁতেই কেইবাটাও শিলত গণেশৰ মূৰ্তিকে ধৰি বিভিন্ন ভাস্কর্য খোদিত হৈ ৰোৱাটো লোকচক্ষুৰ সন্মুখলৈ আহে। ইতিমধ্যে গণেশৰ মূৰ্তি খোদিত এটা শিল ভৰালীয়ে নিজাববীয়াকৈ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে অন্যান্য ভাস্কৰ্যসমূহৰ যথাযোগ্য সংৰক্ষণ আৰু অধ্যয়নৰো পোষকতা কৰিছে। এই শৈল ভাস্কৰ্যসমূহৰ সন্দৰ্ভত বিশিষ্ট বিজ্ঞানী ড° ৰবীন দত্ত, সমাজকৰ্মী শেখৰ বৰুৱা, বিশিষ্ট ইতিহাসপ্রেমী শান্তনু বৰুৱা আদিয়ে কয় যে মৌর্যকালীন
যুগতে গণেশ বা বিনায়কৰ বিষয়ে যিমান চর্চা হৈছিল সিমান চর্চা তেজপুৰত পোৱা গণেশৰ প্ৰস্তৰ মূৰ্তিৰ ওপৰত আজিও হোৱা নাই। এই শৈল ভাস্কর্য খ্রীষ্ট পূৰ্বৰ সভ্যতাৰে জড়িত মৌর্যকালীন যুগৰো হ'ব পাৰে বুলি শান্তনু বৰুৱাই ব্যক্ত কৰে। তেজপুৰৰ চতুৰ্দিশে বিস্তৃত হৈ থকা গণেশৰ মূৰ্তিৰ সৈতে দক্ষিণ পূব এছিয়াৰ প্ৰায়বোৰ দেশতে পোৱা এলিফেন্ট হেডেড বুদ্ধৰে যিমানবোৰ সাদৃশ্য দেখা যায় সেই বিষয়ে গৱেষণামূলক অধ্যয়ন আমাৰ কম হোৱাত বহু কথাৰ সম্ভেদ পাবলৈ এতিয়াও বাকী আছে বুলিও বৰুৱাই মত পোষণ কৰে। উল্লেখ্য যে তেজপুৰৰ আশে-পাশে থকা বহু পুৰণি পৰিয়ালৰ ঘৰত এনেদৰে বহু শৈল ভাস্কর্য সিঁচৰতি হৈ ৰোৱাটো নিতান্তই সুলভ খবৰ হৈ ৰৈছে। এই শৈল ভাস্কৰ্যবোৰ গোটাই পিতাই প্রয়োজনত এখনি সুকীয়া প্ৰস্তৰ উদ্যান গঢ়ি তোলা উচিত বুলি বিবেচনা কৰিছে তেজপুৰৰ বহু সচেতন ইতিহাসপ্রেমী ব্যক্তিয়ে। তেজপুৰ যাদুঘৰৰ চৌহদত বা চিত্ৰলেখা উদ্যানত ঠাইৰ অভাৱ হ'লে তেনে এখনি সুকীয়া প্ৰস্তৰ উদ্যানৰ বাবে যাৱতীয় ব্যৱস্থা ল'বলৈ জিলা আয়ুক্তক আহ্বান জনাইছে তেজপুৰীয়া ৰাইজে। যদিহে চৰকাৰে জিলা পৰ্যায়ত এনেধৰণৰ পুৰণি ভাস্কৰ্য সংৰক্ষণত গুৰুত্ব দিয়ে তেন্তে অচিৰেই বহু পৰিয়ালে সহযোেগ আগবঢ়োৱাটো নিশ্চিত। কিয়নো অতীজতে বিভিন্ন কামৰ বাবে মানুহে ব্যৱহাৰ কৰা এই শৈল ভাস্কৰ্যবোৰ আজি এলাগী হৈ এনেয়ে পৰি থাকি সমস্যা হোৱাত ইয়াক সংগ্ৰহৰ ব্যৱস্থাৰে এখনি নতুন উদ্যান গঢ়িলে নিশ্চয় বহুজনেই সহযোগিতা আগবঢ়াব। শোণিতপুৰ জিলাৰ নৱনিযুক্ত আয়ুক্তই এই দিশত আগ ভাগ ল'ব বুলি তেজপুৰৰ ৰাইজে আশা প্রকাশ কৰিছে।