ডিজিটেল ডেস্ক : বিগত দুটা দশক ধৰি একাংশ মহিলাক লগত লৈ প্রকৃতি আৰু বন্যপ্রাণী সংৰক্ষণৰ ক্ষেত্ৰত অহৰহ কাম কৰি অহা গ্রীন অস্কাৰ বিজয়ী বিশিষ্ট প্রকৃতিবিদ, বন্যপ্রাণী সংৰক্ষক ড° পূর্ণিমা দেৱী বৰ্মনৰ বিয়য়ে কালি প্রধানমন্ত্রী মোদীয়ে ১৩৫সংখ্যক 'মন কী বাত' অনুষ্ঠানত দেশবাসীৰ সন্মুখত চর্চা কৰে।
দেশবাসীৰ সন্মুখত প্রধানমন্ত্রীয়ে কৰা প্ৰশংসাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে বিশিষ্ট পৰিৱেশবিদগৰাকীয়ে। 'মন কী বাত' অনুষ্ঠানৰ পাছত তেওঁ প্রতিক্রিয়া প্রকাশ কৰি কয় যে প্রধানমন্ত্রীয়ে তেওঁক দেশবাসীৰ আগত উদাহৰণ হিচাপে উপস্থাপন কৰা বিষয়টোৱে তেওঁক আৱেগিক কৰি তোলে। ইমান বছৰ কৰি অহা কামৰ আজি তেওঁ স্বীকৃতি পোৱা বুলি অনুভৱ কৰা বুলিও কয়। এখন বৃহৎ মঞ্চত দেশৰ সকলো প্ৰান্তৰ মানুহক তেওঁৰ বিষয়ে অৱগত কৰোৱাটো তেওঁৰ বাবে ডাঙৰ সন্মান বুলিও প্রকাশ কৰে। তেওঁৰ এই অভিযানৰ সতীর্থ হাড়গিলা আৰ্মিৰ প্ৰতিগৰাকী সদস্যাৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁৰ অহৰহ প্ৰচেষ্টাৰ বাবে সম্প্রতি ৰাজ্যত হাড়গিলাৰ বাহৰ সংখ্যা ৪৮৫টালৈ বৃদ্ধি পোৱাৰ লগতে অসমৰ বিভিন্ন জিলাত নতুনকৈ হাড়গিলাৰ কলনি গঢ়ি উঠা বুলিও প্রকাশ কৰে। এতিয়াও বহু কাম কৰিবলৈ বাকী থকা বুলি উল্লেখ কৰি সকলোকে এই প্রচেষ্টা আগুৱাই নিয়াত সহযোগিতা কৰাৰ আহ্বান জনায়।
কালি হাড়গিলা সংৰক্ষণৰ বাবে কাম কৰি থকা প্ৰতিজন লোকৰ বাবে আজিৰ দিনটো উল্লেখযোগ্য বুলি প্রকাশ কৰে। প্রণিধানযোগ্য যে হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত বিগত দুটা দশক ধৰি গ্রীন অস্কাৰ বিজয়ী ড° বৰ্মনে কামৰূপৰ দদৰাকে ধৰি হাড়গিলাৰ আৱাসস্থলসমূহত এই চৰাইবিধ সংৰক্ষণ আৰু প্ৰজননৰ জৰিয়তে সংখ্যা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। আনহাতে, হাড়গিলা সংৰক্ষণৰ বাবে গাঁৱৰ মহিলাসকলক একগোট কৰি তেওঁ 'হাড়গিলা আর্মি' নামেৰে এটা বাহিনীও গঠন কৰে। এই বাহিনীৰ সদস্যসকলে হাড়গিলাক তেওঁলোকৰ সন্তান আৰু হাড়গিলা সংৰক্ষণ কৰাটো তেওঁলোকৰ বাবে মাতৃত্বৰ দৰে দায়িত্ব বুলি শপত গ্রহণ কৰে। এই বাহিনীৰ মহিলাসকলে হাড়গিলা সংৰক্ষণৰ বাবে লাহে লাহে কামৰূপ জিলাৰ দদৰা, পচৰীয়া আৰু শিঙিমাৰী আদি অঞ্চলত উঠি পৰে লাগে।
ড° পূর্ণিমা দেৱী বৰ্মন লাহে লাহে হাড়গিলা বাইদেউ হিচাপে পৰিচিত হয়। হাড়গিলাৰ শৃংখলাবদ্ধ সংৰক্ষণৰ ক্ষেত্ৰত অসমত অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট প্রকৃতিবিদ তথা জীৱ বিজ্ঞানী ড° পূর্ণিমা দেবী বর্মনে কম্বোডিয়াতো হাড়গিলা সংৰক্ষণৰ বাবে কাম কৰিছে। বিশ্বৰ বহুকেইটা বঁটা আৰু সন্মানেৰে সন্মানিত ড° বর্মনক ২০১৭ চনত প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা বিশ্বৰ আটাইতকৈ সন্মানীয় বঁটা গ্রীন অস্কাৰেৰে সন্মানিত কৰা হয়। ২০১৮ চনত ভাৰত চৰকাৰে তেওঁক 'নাৰী শক্তি' বঁটাৰে সন্মানিত কৰে। ২০২৪ চনত হুইটলী ফাণ্ড ফৰ নেচাৰে (ডব্লিউ এফ এন) প্ৰদান কৰা বিশ্বৰ অত্যন্ত সন্মানীয় 'হুইটলী গ'ল্ড বঁটা'ৰেও তেওঁক সন্মানিত কৰা হয়।
বিশ্বৰ বহুকেইখন দেশত প্রকৃতি সংৰক্ষণ, হাড়গিলা সংৰক্ষণ বিষয়ক আলোচনা-চক্রত ভাগ লোৱা ড° বর্মনে গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ৰ পৰাই হাড়গিলা সংৰক্ষণৰ সৈতে জড়িত হৈ পৰিছিল। প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি অহা অসমৰ অন্যতম বেচৰকাৰী প্ৰতিষ্ঠান আৰণ্যকৰ সৈতে জড়িত থকা ড° পূর্ণিমা দেৱী বৰ্মনে হাড়গিলাৰ সংৰক্ষণ আৰু সংখ্যা বৃদ্ধিৰ উদ্দেশ্যে গাঁৱৰ মহিলাসকলক আকৃষ্ট কৰাৰ বাবে তেওঁলোকৰ মাজত হাড়গিলাৰ বিভিন্ন চিত্র সম্বলিত উপাদান ব্যৱহাৰ কৰি আহিছে। তেওঁ চাদৰ-মেখেলাত হাড়গিলাৰ ফুল তুলি, কাণফুলি আদিৰ প্ৰচলনৰ জৰিয়তে মহিলাসকলক আকৃষ্ট কৰাৰ চেষ্টা কৰি আহিছে। তেওঁৰ অহৰহ প্ৰচেষ্টাৰ ফলশ্রুতিতেই সম্প্ৰতি অসমত হাড়গিলা সুৰক্ষিত হোৱাৰ লগতে নিৰাপদ আশ্রয়স্থল হিচাপে পৰিগণিত হৈছে। প্রণিধানযোগ্য যে দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া, কম্বোডিয়া, ভাৰতৰ বিহাৰ আৰু অসমত হাড়গিলাৰ অৱস্থিতি পোৱা যায়।
হাড়গিলাক 'বিপন্ন' প্রজাতি হিচাপে গণ্য কৰা হয়। প্রণিধানযোগ্য যে এটা সময়ত অসমৰ একাংশ অঞ্চলত হাড়গিলাক অমংগলীয়া বা অশুভ বুলি গণ্য কৰা হৈছিল। অন্ধবিশ্বাসৰ বলি হৈ মানুহে বহু সময়ত হাড়গিলাই বাহ সাজি থকা গছবোৰো কাটি পেলাইছিল। তেনে অৱস্থাৰ পৰা প্ৰকৃতিপ্রেমী জীৱ বিজ্ঞানী ড° পূর্ণিমা দেৱী বৰ্মনে এই অন্ধবিশ্বাস দূৰ কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিছিল।
২০০৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্রী ড° বৰ্মনে 'আৰণ্যক'ৰ সহযোগত 'হাড়গিলা আৰ্মি'ৰ জন্ম দিয়ে। প্রথমে গাঁৱৰ মহিলাসকলক একত্ৰিত কৰি বিজ্ঞানসন্মত যুক্তিৰে সকলোকে বুজাবলৈ চেষ্টা কৰে। সেই গাঁৱৰ বোৱাৰী-জীয়াৰীসকলেই পৰৱৰ্তী পৰ্যায়ত সজাগতা অভিযানৰ সৈতে জড়িত হৈ পৰে। এদিন অশুভ বুলি খেদি পঠিওৱা সেই হাড়গিলাই এতিয়া গাঁওখনৰ স্বাভিমান আৰু অনন্য পৰিচয় হৈ পৰিছে।
২০০৭ চনত কেৱল ২৮টা হাড়গিলাৰ বাহ থকা পচৰীয়া অঞ্চলত সম্প্রতি ২০০তকৈও অধিক বাহ আছে। সেই সময়ত সমগ্র এলেকাটোত হাড়গিলাৰ সংখ্যা প্রায় ৪৫০ আছিল। সম্প্রতি এই পৰিসংখ্যা ১৮০০-২০০০লৈ বৃদ্ধি পাইছে। প্রায় ২০,০০০ হাড়গিলা আৰ্মিৰ সদস্য আৰু ৪০০ স্থানীয় স্বেচ্ছাসেৱীৰ সহযোগত ড° পূর্ণিমা দেৱী বৰ্মনে হাড়গিলা সংৰক্ষণৰ বাবে বিগত দুটা দশক ধৰি কাম কৰি আছে।