অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ঘোষণা, ২০২৭ৰ পৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত হ'ব উঃ মাঃ পৰীক্ষা

dainik janambhumi April 29, 2026

ডিজিটেল ডেস্ক: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অহা বছৰৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কেইবাটাও নতুন নিয়ম প্ৰৱৰ্তন কৰিব। কালি এই পৰিৱৰ্তনৰ কথা ঘোষণা কৰে পৰিষদৰ অধ্যক্ষ আৰ চি জৈনে। 

ফলাফল ঘোষণা কৰিবৰ বাবে আয়োজন কৰা সংবাদমেলত তেওঁ প্রকাশ কৰে যে, ২০২৭ চনৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত অনুষ্ঠিত কৰিব। ইয়াৰ বাবে পৰিষদে কেইবাটাও নতুন নিয়ম কৰিছে। অহা বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হ'বলৈ এতিয়াৰ দৰে বিভিন্ন বিষয়ৰ বিভিন্ন নম্বৰৰ প্ৰয়োজনৰ বিপৰীতে ছাত্র-ছাত্রীসকলে সকলো বিষয়তে উত্তীৰ্ণৰ বাবে ৩৩ নম্বৰ লাভ কৰিব লাগিব।

তদুপৰি পৰীক্ষাত ৫টা বিষয়ৰে নম্বৰ যোগ কৰা হ'ব যদিও পৰীক্ষাৰ্থীসকলে ৬টা বিষয়ত পৰীক্ষা দিয়াটো বাধ্যতামূলক হ'ব। তেওঁ কয় যে, অহা বছৰৰ পৰা পৰীক্ষাৰ্থীসকলে বেটাৰমেন্ট দিবলৈ বা কম্পার্টমেন্টেল দিলে বছৰটো লোকচান কৰিবলগীয়া নহ'ব। কম সময়তে এই প্রক্রিয়া হ'ব আৰু পৰীক্ষাৰ্থীসকলে ফলাফল লৈ একে বছৰতে পৰৱৰ্তী শিক্ষা গ্রহণ কৰিব পাৰিব।

এতিয়াৰ পৰা দুটা বিষয়লৈকে ফেইল কৰিলে কম্পার্টমেন্টেলত বহিব পাৰিব। কিন্তু তাতকৈ অধিক বিষয়ত অনুত্তীর্ণ হ'লে পুনৰ নতুনকৈ নামভৰ্তি কৰিব লাগিব। শেহতীয়াকৈ পাঠ্যক্ৰমত পৰিৱৰ্তন হোৱাৰ বাবে নতুনকৈ নামভর্তি কৰিব লাগিব বুলি তেওঁ কয়। অনুত্তীর্ণ পৰীক্ষার্থীয়ে যিখন বিদ্যালয়ৰ পৰা পৰীক্ষাত বহিছিল, তাতেই নামভৰ্তি কৰাটো বাধ্যতামূলক নহয় আৰু নিজৰ ইচ্ছা অনুসৰি যিকোনো বিদ্যালয়তে নামভর্তি কৰিব পাৰিব বুলিও তেওঁ কয়। আনহাতে ২০২৭ বৰ্ষৰ পৰা বৃত্তিমুখী শাখা নাথাকিব বুলি উল্লেখ কৰি আৰ চি জৈনে কয় যে কেৱল তিনিটা শাখাহে থাকিব। তিনিটাও শাখাত মুঠ ৮৬টা বিষয় বিভক্ত কৰা হৈছে। 'ক' শাখাত লেংগুৱেজ আৰু ঐচ্ছিক ইংৰাজী থাকিব। ১১টা বিষয় থাকিব। 'খ' শাখাত কলা, বিজ্ঞান আৰু বাণিজ্যৰ বিষয়বোৰ

সোমাই থাকিব আৰু 'গ' শাখাত স্কীল (দক্ষতা) বিষয়বোৰ থাকিব। কলা শাখাৰ ছাত্ৰ-ছাত্ৰীসকলে 'গ' শাখাৰ (দক্ষতাৰ) এটা বিষয় বাছি লোৱাটো বাধ্যতামূলক হ'ব। এই নিয়ম অনুসৰি অহা বছৰৰ পৰা কেৱল কলা, বিজ্ঞান আৰু বাণিজ্য শাখাহে থাকিব। কলা শাখাৰ ছাত্ৰ-ছাত্ৰীসকলে গ্রুপ চিৰ পৰা অন্ততঃ এটা দক্ষতাভিত্তিক বিষয় ল'ব লাগিব, যাৰ ফলত দক্ষতা শিক্ষা আংশিকভাৱে বাধ্যতামূলক হ'ব। ইফালে দক্ষতা বিষয় লোৱা পৰীক্ষাৰ্থীসকলে দুখন চার্টিফিকেট লাভ কৰাৰ কথা প্রকাশ কৰি তেওঁ কয় যে, পৰীক্ষার্থীয়ে মূল পৰীক্ষাৰ চাৰ্টিফিকেটখনৰ লগতে দক্ষতা বিষয়ৰ বাবেও পৃথক চার্টিফিকেট লাভ কৰিব। ইপিনে দ্বাদশ শ্রেণীত সাত নম্বৰৰ বিষয় হিচাপে সাধাৰণ জ্ঞানৰ পাঠ্যক্রম অন্তর্ভুক্ত কৰা হৈছে। তেওঁ লগতে কয়, 'জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰাৰ বাবে 'বৈচিত্র্যময় অসম'ত জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ বিষয়ে পাঠ অন্তর্ভুক্ত কৰা হৈছে। নৱম, দশম শ্ৰেণীৰ পাঠ্যক্রমত এয়া অন্তর্ভুক্ত হ'ব। পৰীক্ষাৰ মুঠ নম্বৰৰ ভিতৰত ৫ নম্বৰ সেই কিতাপৰ পৰা আহিব। প্রতিবছৰে প্রশ্ন অহাটো ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক। 

আনহাতে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ আধুনিক ভাৰতীয় ভাষা বিষয়ৰ পাঠ্যপুথিত জুবিন গাৰ্গৰ বিষয়ে সন্নিবিষ্ট থাকিব বুলি পৰিষদৰ অধ্যক্ষ জৈনে কয়। আনহাতে এইবছৰ পৰীক্ষাৰ উত্তৰবহী পুনৰীক্ষণ কৰিব বিচৰা পৰীক্ষাৰ্থীৰ বাবে অহা দুদিনৰ ভিতৰত লিংক খুলি দিয়া হ'ব বুলি ঘোষণা কৰি জৈনে কয় যে, এইবাৰ মাইগ্ৰেশ্যন চার্টিফিকেটৰ বাবে আৱেদন কৰাৰ আধা ঘণ্টাৰ ভিতৰত ই-মাইগ্ৰেশ্যন চার্টিফিকেট লাভ কৰিব শিক্ষার্থীসকলে। তেওঁ লগতে কয়, পুনৰ নামভৰ্তিৰ প'র্টেল দুসপ্তাহ পিছত খুলি দিয়া হ'ব। পৰিষদে এই পৰিৱৰ্তনৰ বিষয়ত বিদ্যালয়সমূহক গুৰুত্বসহকাৰে লৈ ইয়াৰ সঠিক ৰূপায়ণ সুনিশ্চিত কৰিবলৈ ইতিমধ্যে নির্দেশনা জাৰি কৰা বলিও তেওঁ প্রকাশ কৰে।

Share This