উন্মুক্ত হৈ ৰ'ল শ্রীভূমিৰ ৪.৩৫ কিঃমিঃ নদী সীমান্ত

dainik janambhumi July 09, 2026

ডিজিটেল ডেস্ক : ৰাজনৈতিক মেৰপেঁচত আবদ্ধ সীমান্তৰ সুৰক্ষা ব্যৱস্থা। ১৭ বছৰে সম্পূৰ্ণ নহ'ল কৰিমগঞ্জ জিলাৰ বৰ্তমান শ্রীভূমিৰ ভাৰত-বাংলাদেশ সীমান্তৰ কুশিয়াৰা নৈৰ পাৰৰ কাঁইটীয়া তাঁৰৰ বেৰা। ২০০৫ চনৰ ত্ৰিপাক্ষিক চুক্তিৰ আধাৰত ভাৰত-বাংলাদেশ সীমান্তত তিনি শাৰীযুক্ত কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণৰ কাম আৰম্ভহয়। সেই সময়ৰ কৰিমগঞ্জ জিলাতো কাৰখানা পুতনিৰ পৰা ভংগালৈকে ১০৪ কিল'মিটাৰ সীমান্তত তিনি শাৰীযুক্ত কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণৰ কাম আৰম্ভ কৰে নিৰ্মাণ সংস্থা এন বি চি চি আৰু এন পি চি চিয়ে। 

ভাংগাৰ পৰা শ্রীভূমি চহৰ সংলগ্ন সৰিচা আৰু কাৰখানা পুতনিৰ পৰা দেপুৰলৈকে কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰে নিৰ্মাণ সংস্থা দুটাই। ২০০৯ চনত কৰিমগঞ্জ চহৰৰ বৰ্তমানৰ শ্ৰীভূমি চহৰৰ সংলগ্ন দেপুৰ-খলাচৰাৰ পৰা চৰিছালৈকে ৪.৩৫ কিল'মিটাৰ ঠাইত বেৰা নিৰ্মাণ কৰিবলৈ আহি স্থানীয় ৰাইজ আৰু সেই সময়ৰ বিৰোধী দল অগপ, বিজেপি, চি পি আই, চি পি এম দলৰ তীব্র আপত্তি আৰু প্ৰতিবাদত থমকি ৰ'বলগা হ'ল নির্মাণ সংস্থা এন বি চি চি। তেতিয়াৰ পৰা আজিলৈ কাম বন্ধ থাকিল। ১৭ বছৰে কোনো এখন চৰকাৰে সমস্যাৰ সমাধান কৰি কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণৰ কাম সম্পূর্ণ কৰিব নোৱাৰিলে। বি এছ এফে বাংলাদেশৰ বি জি বিৰ সৈতে বহুবাৰ আলোচনাত বহি ২০১৪ চনত এটা সিদ্ধান্তত উপনীত হৈছিল যে ১৫০ গজৰ পৰিৱৰ্তে ৫০ গজৰ ভিতৰত ওখকৈ এক শাৰীযুক্ত কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণ কৰা হ'ব। এই সিদ্ধান্তৰ পাছত এন বি চি চি-এ কাম আৰম্ভ কৰে যদিও কিছুদিনৰ ভিতৰত বাংলাদেশৰ বি জি বিৰ আপত্তিত কাম বন্ধ কৰিবলগীয়া হয়। 

উল্লেখযোগ্য যে ভাৰত-বাংলাদেশৰ মাজত হোৱা আন্তঃৰাষ্ট্ৰীয় চুক্তি অনুযায়ী সীমাৰ পৰা অৰ্থাৎ মেইন পিলাৰৰ পৰা ১৫০ গজ এৰি বেৰা নিৰ্মাণ কৰিব পাৰিব দুয়োখন দেশে। সেইমতে জিলাখনৰ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণ কৰা হয়। কিন্তু শ্রীভূমি চহৰৰ কুশিয়াৰা নৈৰ পাৰৰ এই ঠাইডোখৰত কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণ কৰিবলৈ আহি স্থানীয় ৰাইজৰ প্ৰবল প্ৰতিবাদৰ সম্মুখীন হয়। কাৰণ এই ঠাইডোখৰ ১৫০ গজৰ ভিতৰত পৰে। ফলত নৈপৰীয়া ৰাইজৰ ঘৰ-দুৱাৰ ভাঙিবলগীয়া হ'ব। যাৰ বাবে ৰাইজে তীব্র আপত্তি কৰে। ৰাইজৰ প্ৰতিবাদত সঁহাৰি জনাই সেই সময়ৰ কংগ্ৰেছ চৰকাৰে জিলা উপায়ুক্তৰ যোগেদি এইসকল লোকক ক্ষতিপূৰণ দিয়ে। প্রায় ১৭ কোটি ৯৪ লাখ ৩৮ হাজাৰ টকা ক্ষতিপূৰণ দিয়াৰ পাছতো এই ঠাই টুকুৰাত বেৰা নিৰ্মাণ কৰাৰ বাবে মুকলি কৰি দিব নোৱাৰিলে জিলা প্রশাসনে। আশ্চৰ্যৰ বিষয় এয়ে যে বহু লোকে এই টকা লাভ কৰিছিল যদিও ঠাইটুকুৰা আজিলৈকে এৰি দিয়া নাই। যদি ক্ষতিপূৰণৰ টকা উক্ত লোকসকলে লাভ কৰা নাই তেন্তে টকাখিনি ক'লৈ গ'ল বুলিও প্রশ্ন উত্থাপন হৈছে। 

ৰাজনৈতিক মেৰপেঁচত আজিও আবদ্ধ হৈ আছে। কাৰ স্বাৰ্থত কিহৰ বাবে আজিও উন্মুক্ত হৈ আছে, সেয়া এক সাঁথৰ হৈ আছে। তিনি/চাৰি বছৰ পূৰ্বে বি এছ এফৰ ৭নং বেটেলিয়নৰ অধিনায়ক জে পি মাথানিয়ে বাংলাদেশৰ বি জি বিৰ সৈতে আলোচনা কৰি উন্মুক্ত নদী সীমান্তত বেৰা নিৰ্মাণ কৰাৰ চেষ্টা কৰিছিল যদিও পুনৰ স্থানীয় ৰাইজ আৰু শাসকীয় দলৰ প্ৰতিবাদত সফল নহ'ল। ইপিনে বাংলাদেশে ৫০ গজৰ ভিতৰত এক শাৰীযুক্ত কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণ কৰাত আপত্তি কৰে। ৫০ গজৰ পৰিৱৰ্তে ১৫০ গজত নিৰ্মাণ কৰিবলৈ কয়। 

প্রণিধানযোগ্য যে ২০১৬ চনৰ ৩ জানুৱাৰীত সেই সময়ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী বৰ্তমানৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেতিয়াৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, বৰ্তমানৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচার্য, সভাপতি দীপাংক কুমাৰ নাথ, সম্পাদক লুৰীণজ্যোতি গগৈসহ চৰকাৰী উচ্চপদস্থ বিষয়া-কর্মচাৰীৰ দল লৈ এই ঠাইত উপস্থিত হৈ উন্মুক্ত এলেকা পৰিদৰ্শন কৰি ২০১৬ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণৰ কাম সম্পূৰ্ণ আৰু সীমান্ত ছীল কৰা হ'ব বুলি কৈছিল। কিন্তু ২০১৬ চনৰ পৰা ১০ বছৰে কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণ কৰা নহ'ল। সীমান্তও ছীল নহ'ল। এই ১০টা বছৰে আছুৰ উপদেষ্টাসহ বিষয়ববীয়াসকলক উন্মুক্ত সীমান্ত পৰিদৰ্শন কৰিবলৈ অহাও দেখা নগ'ল আৰু কিয় কাঁইটীয়া তাঁৰৰ বেৰা নহ'ল, সেই বিষয়ে চৰকাৰক প্রশ্ন কৰা দেখা নগ'ল। ইপিনে ৪.৩৫ কিল'মিটাৰ উন্মুক্ত নদী সীমান্তত ৰাইজৰ ঘৰ-দুৱাৰ থকা বাবে বি এছ এফে পহৰা দিয়াৰ বাবে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। টহল দিয়াৰ কোনো উপায় নাই। এঠাইত বহি নিৰীক্ষণ কৰিবলগীয়া হৈছে। এনেদৰে থকাত সীমান্তৰ সুৰক্ষালৈ ভাবুকিৰ সৃষ্টি হৈছে ।

Share This