ঐতিহাসিক শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব ড০ জিতেন হাজৰিকা

Dainik Janambhumi August 01, 2024


ডিজিটেল ডেস্কঃ শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰাৰ পাছত শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়নভুক্ত উপাচাৰ্য ড০ জিতেন হাজৰিকা আজি উপস্থিত হয় শিৱসাগৰ বিশ্ববিদ্যালয়ত।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ড. জিতেন হাজৰিকাশিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিয়োগ কৰাৰ পাছতেই  শিৱসাগৰ বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ প্ৰথম খন পতাকা উত্তোলন কৰে ড.জিতেন হাজৰিকায়ে।

সদৌ অসম ছাত্ৰ সন্থা , সদৌ তাই আহোম ছাত্র সন্থা , শিৱসাগৰ বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ লগতে প্ৰায় অৰ্ধশতাধিকৰ আদৰণি আৰু সম্বৰ্ধনা নৱ নিযুক্ত উপাচাৰ্য ড.জিতেন হাজৰিকাক । 

শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰি উপাচাৰ্য ড.জিতেন হাজৰিকাই কয় যে -এসময়ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্তান আছিল শিৱসাগৰ কলেজ আৰু বৰ্তমান স্বীকৃতি লাভ কৰিছে বিশ্ববিদ্যালয়ৰ । গতিকে সন্তানৰ দৰে শিৱসাগৰ বিশ্ববিদ্যালয় আগবঢ়াই নিব বুলিও তেখেতে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

প্ৰেৰকঃ ভৈৰৱ মুণ্ডা

Share This