বিধানসভাৰ সাধাৰণ কাৰ্য উদ্দেশ্য সমিতিৰ সিদ্ধান্ত, বিধানসভাৰ ল'গ'ত থাকিব অসমীয়া, ইংৰাজী-বড়ো-হিন্দী ভাষা

dainik janambhumi July 06, 2026

ডিজিটেল ডেস্ক : অসম বিধানসভাৰ সদনত নতুনকৈ সংযোজিত হ'ল হিন্দী ভাষা। বিধানসভাৰ ল'গ'টোত সন্নিৱিষ্ট হোৱা ভাষাৰ সংখ্যা চাৰিটালৈ বৃদ্ধি পালে। কালি এইকথা ঘোষণা কৰে অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে। 

আনহাতে, বিধানসভাৰ কাৰ্যবিধি বা আন কোনো বিধানসভাৰ কাৰ্য সম্বন্ধীয় প্রক্রিয়াত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰা বুলি প্ৰকাশ পোৱা বাতৰি অস্বীকাৰ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। অসম বিধানসভাৰ চেন্ট্রেল হলত কালি অনুষ্ঠিত এখন সংবাদমেলত অধ্যক্ষ ৰণজিৎ দাসে বিধানসভাৰ সদনত প্রচলিত হৈ থকা অসমীয়া, ইংৰাজী, বড়ো ভাষাৰ লগতে হিন্দী ভাষা প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্রহণ কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে শনিবাৰে বিধানসভাৰ সাধাৰণ কাৰ্য উদ্দেশ্য সমিতিৰ (জেনেৰেল পাৰপ'জ কমিটী) এখন বৈঠক তেওঁৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল। এই বৈঠকত মন্ত্রী পীয়ুষ হাজৰিকা, কেশৱ মহন্ত, বিধানসভাৰ বিৰোধী দলৰ দলপতি ৱাজেদ আলী চৌধুৰী, বিধায়ক শোভাৰাম বসুমতাৰী, বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থ, বিধায়ক চক্ৰধৰ গগৈ, বিধায়ক ডাঃ জয়প্রকাশ দাস আৰু বিধায়ক বিকন চন্দ্র ডেকা উপস্থিত আছিল। এই বৈঠকতে বিধানসভাৰ সদনত প্রচলিত হৈ থকা অসমীয়া, ইংৰাজী, বড়ো ভাষাৰ লগতে নতুনকৈ হিন্দী ভাষা প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্রহণ কৰা হয়। এই সম্পর্কত প্রয়োজনীয় সাধাৰণ কাৰ্য উদ্দেশ্য সমিতিৰ অনুমোদন লোৱা হয়। অধ্যক্ষ দাসে কয়, 'হিন্দী ভাষাটো যিহেতু ৰাষ্ট্ৰ ভাষা, সেয়েহে ইয়াক সকলোৱে সন্মান জনোৱা উচিত। সেয়েহে হিন্দী ভাষাটো সদনৰ ভিতৰত প্ৰচলনৰ সিদ্ধান্ত লোৱা হয়।' 

আনহাতে, পূর্বে এ এল এ লাইভ (A LA LIVE) নামেৰে বিধানসভাৰ কাৰ্যক্ৰমণিকা প্ৰচাৰ কৰি থকা সম্প্ৰচাৰ মাধ্যমক 'অসম বিধানসভা টিভি' বুলি নামকৰণ কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিধানসভাৰ কাৰ্য উদ্দেশ্য সমিতিয়ে ইয়াৰো অনুমোদন জনোৱা বুলি অধ্যক্ষ দাসে সদৰী কৰে। লক্ষণীয়ভাৱে অসম বিধানসভাৰ ল'গ'ত পূর্বে প্রচলিত হৈ থকা তিনিটা ভাষা অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ সৈতে এতিয়াৰ পৰা হিন্দী ভাষাও ব্যৱহাৰ কৰা হ'ব বুলিও তেওঁ প্রকাশ কৰে। ইফালে অসম বিধানসভাৰ কাৰ্য সম্বন্ধীয় প্রক্রিয়াত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰা বুলি প্ৰকাশ পোৱা বাতৰি অস্বীকাৰ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। 

উল্লেখযোগ্য যে শনিবাৰে অনুষ্ঠিত বিধানসভাৰ সাধাৰণ কাৰ্য উদ্দেশ্য সমিতিৰ (জেনেৰেল পাৰপ'জ কমিটী) বৈঠকত বিধানসভাৰ কাৰ্য সম্বন্ধীয় প্ৰক্ৰিয়াত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰা বুলি বাতৰি প্ৰকাশ পোৱাৰ পাছতে কোকৰাঝাৰত তীব্র উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। কোকৰাঝাৰৰ একাংশ উত্তেজিত জনতাই বিভিন্ন প্রতিষ্ঠানৰ চাইনব'ৰ্ডত ব্যৱহাৰ হোৱা অসমীয়া ভাষাত কলা ৰং মাৰি দিয়াৰ পাছতে কালি মুখ্যমন্ত্রী ড° শর্মাই সামাজিক মাধ্যমযোগে অসম বিধানসভাত বড়ো ভাষাৰ ব্যৱহাৰ অব্যাহত থকাৰ কথা ঘোষণা কৰে। তেওঁ প্রকাশ কৰে যে অসম বিধানসভাৰ অধ্যক্ষই তেওঁক বিধানসভাৰ কাৰ্যবিধি বা আন কোনো বিধানসভাৰ কাৰ্য সম্বন্ধীয় প্ৰক্ৰিয়াত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি অৱগত কৰিছে। বড়ো ভাষা অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু স্বকীয় পৰিচয়ৰ এক অবিচ্ছেদ্য অংগ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীজনে কয় যে এই ভাষাই বড়ো সমাজৰ ইতিহাস, পৰম্পৰা আৰু আশা-আকাংক্ষা বহন কৰাৰ লগতে অসমৰ বৈচিত্র্যপূর্ণ সাংস্কৃতিক ঐক্যক অধিক সমৃদ্ধ কৰি তুলিছে। 

অসম চৰকাৰ বড়ো ভাষাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে সম্পূর্ণৰূপে প্রতিশ্রুতিবদ্ধ বুলি স্পষ্ট কৰি ভাষাটোৰ বিকাশ আৰু ভৱিষ্যতৰ প্ৰজন্মৰ মাজতো ভাষাটিৰ স্বকীয়তা অটুট ৰাখিবলৈ চৰকাৰে সকলো ধৰণৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি যাব বুলি ঘোষণা কৰে ।

Share This