ডিজিটেল ডেস্ক: নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক বিজেপিয়ে প্রতিদিনে ১ লাখ লোকৰ সৈতে সম্পৰ্ক স্থাপনৰ লক্ষ্যৰে আজিৰে পৰা 'জন আশীর্বাদ যাত্রা' আৰম্ভ কৰি নিৰ্বাচনী ৰণ শিঙা বজাব।
ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত গুপ্তেশ্বৰ মন্দিৰৰ পৰা আৰম্ভ হ'ব এই যাত্রা। সমগ্ৰ অসমৰ প্ৰতিটো অঞ্চলৰ জনসাধাৰণৰ লগত সম্পর্ক স্থাপনৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত আৰম্ভ হ'বলগীয়া 'জন আশীর্বাদ যাত্রা'ৰ প্ৰথম পর্যায়ৰ কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰা হৈছে। এই যাত্ৰাৰ জৰিয়তে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক কাম-কাজসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ লগতে আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ বাবে গেৰুৱা দলটোৱে অসমবাসীৰ আশীৰ্বাদ বিচাৰিব।
'জন আশীৰ্বাদ যাত্রা'ৰ জৰিয়তে সমষ্টিসমূহত প্ৰচাৰ চলাই বিজেপিয়ে আজিৰ পৰাই নির্বাচনী ৰণক্ষেত্ৰত পূর্ণোদ্যমেৰে নামি পাৰিব। দলীয় সূত্রই প্রকাশ কৰা মতে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ঢেকীয়াজুলি, বৰচলা, তেজপুৰ, নদুৱাৰ আৰু বঙাপাৰা সমষ্টিত জন আশীর্বাদ যাত্রাত অংশ লোৱাৰ পাছত এক মাৰ্চত জাগীৰোড, মৰিগাঁও, বহা, নগাঁও, বঢ়মপুৰত, দুই মাৰ্চত গহপুৰ, বিহপুৰীয়া, বঙানদী, নাওবৈচাত, পাঁচ মাৰ্চত ধেমাজি, চিচিবৰগাঁও, জোনাইত, ছয় মার্চত খোৱাং, মাহমৰা, টিংখাং, নাহৰকটীয়া, দুলীয়াজানত, সাত মাৰ্চত সৰুপথাৰ, গোলাঘাট, খুমটাই, দেৰগাঁৱত, আঠ মাৰ্চত মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, তিনিচুকীয়াত আৰু ন মাৰ্চত সৰভোগ, বজালী, টিছ, নলবাৰী, ৰঙিয়া বিধানসভা সমষ্টিত প্ৰচাৰ চলাব।
ইফালে ইনষ্টাগ্রামত সর্বাধিক অনুগামীৰে বিশ্বৰ আটাইতকৈ জনপ্রিয় নেতা হিচাপে পৰিগণিত হোৱা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কৰ্মৰাজি সৰ্বস্তৰৰ জনসাধাৰণলৈ লৈ যোৱাৰ বাবে ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ কাৰ্যকৰ্তাসকলে কালিৰে পৰা 'মোদীৰ বন্ধু' শীর্ষক এক ডিজিটেল প্ৰচাৰ আৰম্ভ কৰে।
বিজেপি অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত এক সহস্রাধিক ডিজিটেল প্লেটফর্মৰ লগত জড়িত থকা যুৱক-যুৱতীৰ উপস্থিতিত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই 'মোদীৰ বন্ধু' শীর্ষক অভিযানৰ শুভাৰম্ভণি কৰে। অনুষ্ঠানত ৰাষ্ট্ৰীয় নির্বাচনী প্ৰভাৰী বৈজয়ন্তা জয় পাণ্ডা, সাংসদ বাঁসুৰী স্বৰাজ আৰু দর্শনা যার্দোষ উপস্থিত থাকে।
যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাসৰ নেতৃত্বত সমগ্ৰ অসমৰ সকলো অঞ্চলকে সামৰি 'মোদীৰ বন্ধু' শীর্ষক কাৰ্যসূচীৰ জৰিয়তে ডিজিটেল প্লেটফৰ্মৰ লগত জড়িত থকা লক্ষাধিক যুৱক-যুৱতীয়ে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কাম-কাজ সমূহৰ সম্পৰ্কে সামাজিক মাধ্যমত বিস্তৃত্ব ৰূপত প্ৰচাৰ কৰি জনসাধাৰণক অৱগত কৰাৰ প্ৰয়াস কৰিছে। কালিৰ উন্মোচনী সভাখনৰ আঁতধৰে যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাসে।