ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ

Nikimoni Kachari September 30, 2026

ডিজিটেল ডেস্ক: সোমবাৰৰ পৰা নুনমাটিৰ সৃষ্টি নগৰত ব্ৰহ্মপুত্ৰ নৈত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ।ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ ৰাজীৱ আলীৰ নিথৰ দেহ। SDF য়ে বুধবাৰে পুৱাৰ ভাগত পুনৰ অভিযান চলাইছিল যুৱকজনৰ মৃতদেহ বিচাৰি।

অভিযান চলাই থকা সময়ত পানীত উপঙি উঠে ৰাজীৱ আলীৰ মৃতদেহ। মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হয়।

উল্লেখযোগ্য যে নুনমাটিৰ নিজৰাপাৰৰ নিৱাসী ৰাজীৱ আলীয়ে তিনিজন বন্ধুৰ সৈতে সোমবাৰে মাছ মাৰিবলৈ গৈছিল ব্ৰহ্মপুত্ৰলৈ।মাছ মাৰিবলৈ নদীত নমা সময়তে শিলৰ পৰা পিছলি পৰি সংঘটিত হৈছিল এই অঘটনটো।

 

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This