ডিজিটেল ডেস্ক : অসম চৰকাৰে বিগত কাৰ্যকালত এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্রতিশ্রুতিৰ সংখ্যা অতিক্রমী যোৱা পাঁচ বছৰত চৰকাৰে ১.৬৪ লাখ নিযুক্তি প্ৰদান কৰে। এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি চৰকাৰে এইবাৰ ৰাজ্যখনৰ ৰাজহুৱা খণ্ডত ২ লাখ অতিৰিক্ত নিযুক্তিৰ লক্ষ্য নির্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত চৰকাৰী বিভাগ, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, আইনগত সংস্থা, ছ'চাইটি, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পৰিষদ আৰু সৰহ পৰিমাণে ৰাজহুৱা অংশীদাৰিত্ব লাভ কৰা কোম্পানী আদিক সামৰি লোৱা হৈছে। ইতিমধ্যে এইক্ষেত্ৰত পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে ৰাজ্যৰ মুখ্য সচিবৰ অধ্যক্ষতাত এক বিশেষ টাস্ক ফ'ৰ্ট গঠন কৰা হৈছে।
কালি দাখিল কৰা বাজেটত বিত্ত মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰি প্ৰকাশ কৰিছে যে শিক্ষা সমাপ্ত কৰি কর্মসংস্থাপন লাভ কৰাৰ আগলৈকে স্নাতক ডিগ্রীধাৰীক মাহে ২৫০০ টকাকৈ প্ৰদানৰ জীৱন প্ৰেৰণা আঁচনিখন অহা ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ আৰম্ভ কৰিব চৰকাৰে। পূৰ্বৰ সময়ছোৱাত ৪৮,৩৬৬ গৰাকী স্নাতক ডিগ্রীধাৰীয়ে এই সুবিধা লাভ কৰিছিল। ইফালে ড° বাণীকান্ত কাকতি বঁটা প্ৰদানৰ ক্ষেত্ৰত এক ডাঙৰ ঘোষণা কৰিছে চৰকাৰে। এইবছৰ প্ৰায় ১৮০০০ শিক্ষার্থীয়ে এই বঁটাৰ অধীনত স্কুটী লাভ কৰিব। কিন্তু অহা বৰ্ষৰ পৰা স্কুটী বিতৰণ প্ৰক্ৰিয়া বন্ধ কৰিব চৰকাৰে। সেই ধন নিযুত মইনা আৰু নিযুত বাবু আঁচনি দুখনত ব্যয় কৰি ইয়াৰ শক্তিশালীকৰণ আৰু সম্প্ৰসাৰণৰ পদক্ষেপ লৈছে চৰকাৰে।
২০২৬-২৭শিক্ষাবৰ্ষত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত সাহায্যৰ ধন হস্তান্তৰ প্ৰক্ৰিয়া অক্টোবৰ মাহৰ পৰা আৰম্ভ কৰা হ'ব। শিক্ষার্থীসকলে আগষ্ট মাহৰ পৰা আৱেদন পত্ৰসমূহ পূৰণ কৰিব পাৰিব। বাবু আঁচনিখনো চৰকাৰৰ এখন নিয়মীয়া আঁচনি হ'ব। এতিয়ালৈকে আমি এই দুয়োখন আঁচনিৰ অধীনত ৫,৪৪,৪৭৯গৰাকী শিক্ষার্থীক ৩৭৪ কোটি টকা বিতৰণ কৰা হৈছে। ২০২৬-২৭ বৰ্ষত এই আঁচনিৰ জৰিয়তে উপকৃত হ'বলগীয়া শিক্ষার্থীৰ সংখ্যা প্রায় ৫,৩০,৭১৮ গৰাকী।
ইফালে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী, চাহ জনগোষ্ঠী, আদিবাসী সম্প্রদায় আৰু দিব্যাংগজনৰ মেধাৱী শিক্ষার্থীসকলক জলপানি, শৈক্ষিক উদগনি আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাহায্য প্রদান কাৰ্যসূচীৰ জৰিয়তে সহায় আগবঢ়াই যাব । ২০২৬-২৭ বৰ্ষত এই জলপানি আৰু সাহায্য আঁচনিৰ জৰিয়তে ৩,৭৫,০০০ গৰাকীতকৈ অধিক ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব বুলি আশা কৰা হৈছে।