২০২৫-২০৩৫ অৰুণাচলৰ বাবে 'জলবিদ্যুৎ দশক', অসমৰ ওপৰত 'জলবোমা'ৰ ভাৰ

dainik janambhumi February 07, 2026

ডিজিটেল ডেস্ক: ২০২৫-২০৩৫ক 'জলবিদ্যুতৰ দশক' হিচাপে ঘোষণা কৰিছে অৰুণাচল প্রদেশ চৰকাৰে। বৃহস্পতিবাৰে ৰাজ্যখনৰ বিধানসভাৰ এক প্ৰশ্নৰ উত্তৰ দি উপ-মুখ্যমন্ত্রী তথা শক্তি মন্ত্রী চৌনা মিনে এই কথা উল্লেখ কৰিছে। তেওঁ কয় যে অৰুণাচল প্রদেশে ১.৯ লাখ কোটি টকাৰ বিনিয়োগেৰে ১৯ গিগাৱাট জলবিদ্যুৎ ক্ষমতা যোগ কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে। 

অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰীগৰাকীৰ এই ভাষ্যই একপ্ৰকাৰে অসমলৈ অশনি সংকেত কঢ়িয়াই আনিছে। কাৰণ ইটোৰ পাছত সিটো জলবোমা সদৃশ বৃহৎ বৃহৎ জলবিদ্যুৎ প্রকল্পৰ বাবে ৰাজ্যখনে সেউজ সংকেত দি আহিছে। ৰাজ্যখনক জলবিদ্যুতৰ জৰিয়তে টনকিয়াল কৰিব খোজা চৰকাৰখনৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰিছে যে ৰাজ্যখন প্রায় ৫৮,০০০ মেগাৱাট ক্ষমতাৰে দেশৰ জলবিদ্যুৎ ক্ষেত্ৰত প্রায় ৪০ শতাংশৰ অধিকাৰী, যাৰ ফলত ৰাজ্যখনে ২০৭০লৈকে ভাৰতৰ বিশুদ্ধ শক্তি স্থানান্তৰণ আৰু নেট-জিৰ' নির্গমণ লক্ষ্যত গুৰুত্বপূৰ্ণ অৱদানকাৰী হিচাপে পৰিগণিত হৈছে। 

কেন্দ্ৰৰ সহযোগত ৰাজ্যখনে ১২.২ গিগাৱাটৰ মুঠ ক্ষমতাৰ ১৩টা স্তিমিত জলবিদ্যুৎ প্রকল্প পুনৰুজ্জীৱিত কৰি আছে আৰু যোৱা ২০২৩ চনত চাৰিটা কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগৰ সৈতে চুক্তিপত্ৰ স্বাক্ষৰ কৰিছে। ইয়াৰে তিনিটা প্রকল্প- হেঅ' (২৪০ মেগাৱাট), টাট'-২ (৭০০ মেগাৱাট) আৰু টাটি-১ (১৮৬ মেগাৱাট) ইতিমধ্যে অর্থনৈতিক পৰিষদৰ কেবিনেট কমিটী অন ইকন'মিক এফেয়াৰ্ছৰ অনুমোদন লাভ কৰিছে। যাৰ বাবে প্রকল্প স্থানসমূহত কামৰ অগ্রগতি হৈ আছে। প্রকল্পবোৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় ৰাজহুৱা খণ্ডৰ উদ্যোগৰ যুটীয়া প্ৰচেষ্টাৰ মাধ্যমেৰে বিকশিত কৰা হৈছে য'ত ৰাজ্যৰ ২৬ শতাংশ মালিকীস্বত্বৰ অংশীদাৰ আছে। 

কেন্দ্রীয় আর্থিক সাহায্যৰ (চি এফ এ) মাধ্যমেৰে ২৪ শতাংশ শ্বেয়াৰৰ মূলধনৰ ব্যৱস্থা কৰি প্ৰকল্পবোৰলৈ কেন্দ্রই সমর্থন আগবঢ়াইছে, প্রতিটো প্রকল্পত ৭৫০ কোটি টকালৈ সীমাবদ্ধ ৰাখিছে। এই ব্যৱস্থাৰ অধীনত চি এফ এ ৬,৫৬৫ কোটি টকাৰ সমৰ্থন শ্বেয়াৰ অংশগ্ৰহণৰ মাধ্যমেৰে বৰ্ধিত কৰিব। ৰাজ্যই জলবিদ্যুৎ প্রকল্পৰ পৰা ১২ শতাংশ বিনামূলীয়া শক্তি পাব আৰু ২০২৫ আৰু ২০৩৫ৰ মাজত প্রায় ৪,৫২০ কোটি টকাৰ আয়ৰ আশা কৰা হৈছে, তাৰ পাছত প্ৰতি বছৰে এই আয় প্রায় ৪,১০০ কোটি টকালৈ বৃদ্ধি হ'ব। ইয়াৰ উপৰি প্ৰকল্পসমূহে স্থানীয় ক্ষেত্ৰৰ বিকাশৰ বাবে প্ৰতি বছৰে প্ৰায় ৮২১ কোটি টকা প্রদান কৰিবলৈ সক্ষম হ'ব। 

আনহাতে, ৰাজ্যৰ শ্বেয়াৰ অংশৰ পৰা লভ্যাংশ প্রায় ১,৪৫২.৪ কোটি টকা হোৱাৰ আশা কৰা হৈছে বুলি উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। জলবিদ্যুতৰ সম্প্ৰসাৰণে নিৰ্মাণ আৰু কাৰ্যকালীন সময়ত ৩০,০০০তকৈ অধিক দক্ষ প্রত্যক্ষ নিয়োগৰ সৃষ্টি কৰাৰ লগতে প্রায় ১৬,০০০ পৰোক্ষ নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি উল্লেখ কৰি অগ্রগতিশীল প্রধান প্রকল্প ২,০০০ মেগাৱাটৰ সোৱণশিৰি ল'ৱাৰ হাইড্র 'ইলেক্ট্রিক প্ৰকল্পৰ ৫০০ মেগাৱাটৰ দুটা ইউনিট সম্পূর্ণ হৈছে, বাকী তিনিটা ইউনিট এই বছৰৰ মাৰ্চ মাহলৈ সম্পূর্ণ হোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰে। এই বছৰৰ ডিচেম্বৰলৈ প্ৰকল্পৰ আটাইকেইটা ইউনিট সম্পূৰ্ণৰূপে কার্যক্ষম হ'ব বুলি কয়। 

লগতে ২,৮৮০ মেগাৱাটৰ দিবাং বহুমুখী প্রকল্প নির্মীয়মাণ অৱস্থাত আছে আৰু ২০৩২ চনৰ ফেব্ৰুৱাৰীলৈ সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰখা হৈছে বুলিও তেওঁ স্পষ্ট কৰে। ইয়াৰ পৰাই স্পষ্ট হয় যে চুবুৰীয়া ৰাজ্যখনে জলবিদ্যুতৰ ক্ষেত্ৰখনত প্রায় প্রতিখন নৈতে একোটাকৈ জলবিদ্যুৎ প্রকল্প স্থাপনৰ বাবে উঠি পৰি লাগিছে। কিন্তু ইয়াৰ ফলত নামনি অংশৰ অসমত কি ভয়াৱহ প্ৰভাৱ পৰিব তাত অকণো গুৰুত্ব প্রদান কৰা নাই। 

সুদূৰ চীনত জলবিদ্যুৎ প্রকল্প নির্মাণ কৰাৰ খবৰ ওলালে সকলোৱে হুলস্থূল কৰে। কিন্তু কাষৰ ৰাজ্যখনতে বৃহৎ বৃহৎ জলবিদ্যুৎ প্রকল্প নিৰ্মাণ কৰি আছে তাৰ বাবে নিজৰ ৰাজ্যখনৰ স্বাৰ্থত মাত মতা পৰিলক্ষিত হোৱা নাই।

Share This