অষ্টলক্ষ্মী বুলি অভিহিত কৰা উত্তৰ-পূবলৈ দৰদৰ নমুনা, বাজেটত ধাৰ্য কৰা পুঁজিও কর্তন কৰে কেন্দ্ৰই

dainik janambhumi February 03, 2026

ডিজিটেল ডেস্ক: প্ৰস্তাৱিত বাজেটত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে হাজাৰ হাজাৰ কোটি টকা ধাৰ্য কৰিও পৰৱৰ্তী সময়ত এই ধন কর্তন কৰে কেন্দ্ৰীয় চৰকাৰে। উত্তৰ পূৰ্বাঞ্চলক অষ্ট লক্ষ্মী বুলি অভিহিত কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে যোৱা কেইবা বছৰো ধৰি এই ধাৰা অব্যাহত ৰাখিছে। 

সংসদত কেন্দ্রীয় বাজেট দাখিল কৰি কেন্দ্ৰীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে কোটি কোটি টকাৰ প্ৰস্তাৱ দাখিল কৰে যদিও সংশোধিত বাজেটতে এই ধন কর্তন কৰে বিত্ত মন্ত্ৰ্যালয়ে। 

উল্লেখযোগ্য যে ২০২৫-২৬ বৰ্ষৰ বাজেট দাখিল কৰি কেন্দ্রীয় বিত্ত মন্ত্রীয়ে সংসদত উত্তৰ পূৰ্বাঞ্চলৰ বাবে ১,০৫৮৩৩.২৮ কোটি টকা ধাৰ্য কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত সংশোধিত বাজেটত এই ধন ৮৮,৭৪১.১৮ কোটি টকালৈ হ্রাস কৰা হয়। একেদৰে ২০২৪-২৫ বিত্তীয় বৰ্ষটো উত্তৰ-পূবৰ বাবে ১,০০,৮৯৩.২৩ কোটি টকা কৰি পাছত এই ধন ৮৭,৭৩৫.৯৮ কোটি টকালৈ হ্রাস কৰা হৈছিল। এইবাৰো কেন্দ্ৰীয় চৰকাৰে দেওবাৰে দাখিল কৰা কেন্দ্ৰীয় বাজেটত উত্তৰ পূবৰ বাবে ১,০৮৩৩৫.৪২ কোটি ধাৰ্য কৰা হৈছে যদিও এই ধন পৰৱৰ্তী সময়ত হ্রাস কৰা হ'ব যে সেয়া নিশ্চিত। 

ইফালে ডনাৰ মন্ত্ৰ্যালয়ৰ বাবে ধাৰ্য কৰা ধনৰো একেদৰেই সংশোধিত বাজেটত কৰ্তন কৰা হৈ আহিছে। তথ্য মতে ২০২৪-২৫ বিত্তীয় বৰ্ষত ডনাৰ মন্ত্ৰ্যালয়ৰ বাবে ৫৯০০ কোটি টকা ধাৰ্য কৰা হৈছিল। যদিও পৰৱৰ্তী সময়ত সংশোধিত বাজেটত এই ধন ৩৩৭০.৬২ কোটিলৈ হ্রাস কৰা হয়। একেদৰে ২০২৫-২৬ বিত্তীয় বর্ষত ৫৯১৫ কোটি ধাৰ্য কৰিও পাছত এই ধন ৪৪৭৯.৭০ কোটি টকালৈ হ্রাস কৰিছিল বিত্ত মন্ত্ৰ্যালয়ে। এইবাৰ ডনাৰ মন্ত্ৰ্যালয়ৰ বাবে ধাৰ্য কৰা ধন হৈছে ৬৮১২.৩০ কোটি টকা। পূৰ্বৰ বৰ্ষসমূহতকৈ এইবাৰ যথেষ্ট বেছি পুঁজি ধাৰ্য কৰা হৈছে যদিও এই ধনৰ কিমান কর্তন কৰে সেয়া সময়েহে ক'ব। 

ইফালে নর্থ ইষ্ট স্পেচিয়েল আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত যোৱা বাজেটত ২৪৮১ কোটি টকা ধাৰ্য কৰি পাছত এই ধন ১৬০০ কোটি টকালৈ হ্রাস কৰা হয়। যাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ বহু কেইটা প্ৰকল্পৰ ৰূপায়ণ লেহেম হৈ পৰে। এইবাৰৰ বাজেটত উক্ত শিতানত ২৫০০ কোটি টকা ধাৰ্য কৰা হৈছে যদিও যোৱা বছৰৰ দৰে বৃহৎ পৰিমাণৰ ধন কৰ্তন কৰিলে কি অৱস্থা হ'ব সেয়া সহজতে অনুমেয়। ডিমা হাছাও বিশেষ অর্থনৈতিক পেকেজৰ ক্ষেত্রতো একেই স্থিতি গ্রহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। 

যোৱাবাৰ বাজেটত ডিমা হাছাও বিশেষ অর্থনৈতিক পেকেজৰ বাবে ১০০ কোটি টকা ধাৰ্য কৰিও আশ্চর্যজনকভাৱে সংশোধিত বাজেটতে এই ধন ১৬ কোটি টকালৈ হ্রাস কৰা হয়। আনকি পি এম ডিভাইন আঁচনিৰ ধনো কৰ্তন কৰিবলৈ এৰা নাই বিত্ত মন্ত্ৰ্যালয়ে। যোৱা বিত্তীয় বৰ্ষৰ বাজেটত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকীয়ে পি এম ডিভাইন আঁচনিৰ অধীনত ধাৰ্য কৰিছিল ২২৯৬.৯৬ কোটি টকা কিন্তু সংশোধিক বাজেটত এই ধন ১৬০০ কোটি টকালৈ হ্রাস কৰা হয়। 

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ ৫৪ টা ম্যালয়ে তেওঁলোকৰ বাজেটৰ দহ শতাংশ ধন উত্তৰ পূৰ্বাঞ্চলৰ বাবে ব্যয় কৰিব লাগে। কিন্তু এই ধনো ম্যালয়সমূহে ব্যয় নকৰে। তথ্য অনুসৰি প্ৰমোচন অৱ ইণ্ডাষ্ট্রি এণ্ড ইণ্টাৰনেল বিভাগৰ বাবে যোৱা বাৰ বাজেটত মুঠ ২১৯৫.৬২ কোটি টকা ধাৰ্য কৰি পাছত এই ধন ১৩৮৭.০১ কোটি টকালৈ হ্রাস কৰে। একেদৰে টেলি কমিউনিকেশ্যন বিভাগে প্ৰস্তাৱিত বাজেটত ধাৰ্য কৰা ২৯৮৫ কোটি টকা ১০৭৯ কোটি টকালৈ, বিদ্যালয় শিক্ষাৰ নামত ৭৪৯৭ কোটি টকা ৬৭৯৯ কোটি টকালৈ, তথ্য প্রযুক্তি দপ্তৰে ধাৰ্য কৰা ২২০৭.১০ কোটি টকা ১৬৪৫.১৩ কোটি টকালৈ, খোৱা পানী আৰু অনাময় দপ্তৰে ধাৰ্য কৰা ৬৮২৮.৫৯ কোটি টকা ২১৯৬.৭০ কোটি টকালৈ, শ্রম আৰু নিয়োগ মন্ত্রালয়ে ধাৰ্য কৰা ৩২০৮ কোটি টকা ১১৯১.১৪ কোটি টকালৈ, ক্ষুদ্র- সৰু আৰু মজলীয়া উদ্যোগ দপ্তৰে ধাৰ্য কৰা ২২৯০.০৮ কোটি টকা ১১৮৬.৯১ কোটি টকালৈ, গ্রামোন্নয়ন দপ্তৰে ধাৰ্য কৰা ৯০২৯.২৩ কোটি টকা ৭৯২৮.২৪ কোটি টকালৈ, জনজাতি পৰিক্ৰমা দপ্তৰে ধাৰ্য কৰা ১৪৯৮.৮৯ কোটি টকা ১২৫৪.৮৯ কোটি টকালৈ হ্রাস কৰা হয়। মুঠৰ ওপৰত সংসদত বাজেট দাখিল কৰাৰ সময়ত কেন্দ্রীয় মন্ত্ৰী গৰাকীয়ে যি বৃহৎ অংকৰ ধন ধাৰ্য কৰাৰ কথা প্রকাশ কৰে সেই ধনৰ কথা শুনি অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰে যদিও পৰৱৰ্তী সময়ত সংশোধিত বাজেটতে বহু পৰিমাণে এই ধন কৰ্তন কৰি উত্তৰ পূবৰ ৰাইজক কেন্দ্ৰই হতাশ কৰি আহিছে। এনে কাৰ্যই আনকি কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূবৰ প্ৰতি থকা দৃষ্টিভংগীও স্পষ্ট কৰি তুলিছে।

Share This