প্ৰত্যাহ্বান

Dainik Janambhumi July 31, 2024

দৈনিক জনমভূমিঃ তৃতীয়বাৰ কেন্দ্ৰত চৰকাৰ গঠন কৰি বিজেপি নেতৃত্বাধীন এন ডি এ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিলেখ ৰচনা কৰিলে ঠিকেই, কিন্তু এইবাৰ সংসদৰ ভিতৰে-বাহিৰে মোদী চৰকাৰৰ ওপৰত যি ধৰণে আক্ৰমণ চলিছে সেই দৃশ্যপটে বুজাই দিয়ে যে কেন্দ্ৰৰ ক্ষমতাত টিকি থাকিবলৈকে নহয়, বিজেপিক ৰাজনৈতিক শক্তি ৰূপে বৰ্তাই ৰখাটোৱেই গেৰুৱা দলটোৰ নেতৃত্বৰ বাবে সাংঘাতিক  প্ৰত্যাহবান হৈ পৰিব৷

সংসদত বিৰোধীৰ ভূমিকা যিসকলে লক্ষ্য কৰি আছে, সেইসকলে গম পাইছেই যে ৰাহুল গান্ধীৰ নেতৃত্বত বিৰোধী দলবিলাকে কেনেকৈ সমন্বিত আক্ৰমণ ৰচনা কৰি শাসকীয় পক্ষক পদে পদে জব্দ কৰিবলৈ চেষ্ট কৰিছে৷ যোৱা দুটা কাৰ্যকালৰ সংসদৰ দৃশ্যপটৰ লগত এইবাৰৰ দৃশ্যপট সম্পূৰ্ণ পৃথক৷ আগৰ দুটা কাৰ্যকালত বিজেপিৰ নেতৃত্বত শাসকীয় পক্ষ আছিল চৰম আগ্ৰাসী৷ সেই সময়ত নগণ্য সদস্যৰ সংখ্যাৰে বিৰোধী সদস্যসকলে চৰকাৰৰ বিভিন্ন কাম-কাজক আৰু নীতিক সমালোচনা কৰিবলৈ, প্ৰতিবাদ কৰিবলৈ চেষ্টা কৰিলেও তেওঁলোকৰ প্ৰতিবাদক কোনোধৰণে গ্ৰাহ্য কৰা হোৱা নাছিল৷ প্ৰতিবাদী সাংসদসকলক কেনেকৈ সদনৰ পৰা বাহিৰ কৰি দিয়া হৈছিল তাৰ পুনৰুল্লেখ নকৰিলেও হয়৷

কিন্তু এইবাৰ দৃশ্যপট পৃথক৷ এইবাৰ নিৰন্তৰ আক্ৰমণত লিপ্ত হৈছে বিৰোধী সদস্যসকল৷ লোক সভাৰ অধ্যক্ষ এম বিৰলাৰ চকুত চকু থৈ  ৰাহুল গান্ধীয়ে বৰ্ষণ কৰি আছে ইপাটৰ পাছত সিপাট শক্তিশালী বাক্যবাণ৷ আন বাকপটু বিৰোধী সাংসদৰো একে ৰূপ৷ ৰাষ্ট্ৰপতিৰ ভাষণক লৈ হোৱা বিতৰ্কত ৰাহুল গান্ধীয়ে দেৱ-দেৱতাৰ, ধৰ্মগুৰুৰ ‘অভয় মুদ্ৰা’ৰ প্ৰতীকক মূল বিষয় কৰি চৰকাৰক, বিশেষকৈ প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰিলে৷ এইবাৰ বাজেট বিতৰ্কত গান্ধীয়ে আক্ৰমণৰ প্ৰতীক হিচাপে ল’লে মহাভাৰতৰ বিখ্যাত ‘চক্ৰবেহু’ক৷ ৰাহুল গান্ধীৰ এই অভাৱনীয় আক্ৰমণাত্মক ৰূপ দেখি ‘গোদী মিডিয়া’ অৰ্থাৎ চৰকাৰৰ আজ্ঞাবাহীৰ দৰে কাম কৰা সংবাদ মাধ্যমেও আনকি ৰাহুল গান্ধীক প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে৷ এই সংবাদ মাধ্যমবোৰে ক’বলৈ লৈছে যে ২০১৪-ৰ নিস্পৃহ ৰাহুল গান্ধীৰ ৰূপেই সলনি হৈ পৰিছে৷ আজিৰ ৰাহুল গান্ধীয়ে সংসদৰ মজিয়াত বিজেপিলৈ আঙুলি টোঁৱাই ‘তোমালোক হিন্দু হ’বই নোৱাৰা’ বুলি চিঞৰি চিঞৰি ক’ব পৰা হৈছে৷ আজিৰ ৰাহুল গান্ধীয়ে সদনত অধ্যক্ষৰ চকুত চকু থৈ সুধিব পৰা হৈছে– ‘মই যদি আদানি, আম্বানিৰ নাম উচ্ছাৰণ কৰিব নালাগে, তেনেহ’লে ‘এ ৱান, এ টু’ বুলি ক’ম নেকি?’

একেদৰে সদনৰ মজিয়াত গৌৰৱ গগৈক ‘ষ্টুপিড কথা নক’ব’ বুলি ধমকি দিব খোজা বিজেপিৰ সাংসদ অভিষেক গাংগুলীৰ বক্তব্য বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ বাবে অধ্যক্ষই সদনৰ কাৰ্যক্ৰমণিকাৰ পৰা প্ৰত্যাহাৰ কৰি প্ৰাক্তন ন্যায়াধীশ সাংসদগৰাকীক সকীয়াই দিবলৈ বাধ্য হৈছে৷ এনেকৈ পদে পদে বিৰোধীৰ আক্ৰমণৰ সন্মুখীন হোৱা শাসকীয় পক্ষই এইবাৰ আত্মৰক্ষামূলক স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হোৱা পৰিলক্ষিত হৈছে৷ লক্ষণীয়ভাৱে পূৰ্বৰ দৰে কংগ্ৰেছ সংসদৰ ভিতৰে-বাহিৰে অকলশৰীয়া নহয়, চ্ছটা দলৰ ‘ব্লক’ ‘ইণ্ডিয়া’ মৰ্চা একেলগে এই  আক্ৰমণত নামি পৰিছে৷ সেয়েহে, এই পৰিস্থিতিৰ সন্মুখীন হোৱাটো বিজেপিৰ বাবে এটা ডাঙৰ প্ৰত্যাহবান৷

এই মুহূৰ্তত প্ৰশ্নটো হৈছে– নিজক ৰক্ষা কৰিবলৈ বিজেপিয়েও সমানে আগ্ৰাসী ৰূপ লৈ কংগ্ৰেছ নেতৃত্বাধীন ‘ইণ্ডিয়া ব্লক’ক প্ৰত্যাক্ৰমণ কৰিব নে জনসাধাৰণৰ মাজত কিছু পৰিমাণে ম্লান হোৱা তেওঁলোকৰ ভাবমূৰ্তি পুনৰুদ্ধাৰৰ অন্য পথ গ্ৰহণ কৰিব? যোৱা কিছুদিনৰ দৃশ্যপটলৈ লক্ষ্য কৰিলে ধাৰণা কৰিব পাৰি যে আক্ৰমণৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণৰ ৰণ-নীতি গ্ৰহণ কৰিলে বিজেপিৰ লোকচানৰ আশংকা বেছি৷ সেয়েহে, এই অৱস্থাত তেওঁলোকৰ হাতত থকা একমাত্ৰ পথটো হৈছে নিজৰ হাতত থকা শাসনৰ অস্ত্ৰপাটৰ অপপ্ৰয়োগ নকৰি একনিষ্ঠভাৱে উন্নয়নমূলক কামত মনোনিৱেশ কৰা আৰু বিগত সময়ৰ যিবোৰ কাম বা সিদ্ধান্তই গণ-ক্ষোভৰ সৃষ্টি কৰিছিল সেইবোৰ সংশোধন কৰিবলৈ চেষ্টা কৰা৷ চৰকাৰ তথা বিজেপিৰ নেতৃত্বই পিছৰ পথটোকে গ্ৰহণ কৰিবলৈ বিচৰা বুলি ধাৰণা হয় যোৱা দিনকেইটাত তেওঁলোকে গ্ৰহণ কৰা কিছুমান পদক্ষেপৰ পৰা৷ দুদিনমান পূৰ্বে দিল্লীত অনুষ্ঠিত বিজেপিৰ মুখ্যমন্ত্ৰীসকলৰ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া ভাষণটোৱে তাৰেই ইংগিত দিয়ে৷ মোদীয়ে কয়, ‘লোক সভাৰ নিৰ্বাচনৰ কথা পাহৰি যাওক, নতুন উদ্যমেৰে সকলোৱে কাম কৰক,¸ চৰকাৰৰ উন্নয়নমূলক আঁচনিবিলাক শীঘ্ৰে সম্পূৰ্ণ কৰাত গুৰুত্ব দিয়ক আৰু দলৰ পুৰণি নেতা-কৰ্মীসকলক সন্মান কৰক৷’

নিশ্চিতভাৱে প্ৰধানমন্ত্ৰীৰ এই নিৰ্দেশ ভাবমূৰ্তি পুনৰুদ্ধাৰৰ বাবে গ্ৰহণ কৰা পথ৷ সেই বৈঠকৰ পৰা আহি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মায়ো ‘ভি আই পি কালচাৰ’ ত্যাগ কৰি জনসাধাৰণৰ মাজত সোমাই উন্নয়নৰ কাম ত্বৰান্বিত কৰিবলৈ, শাসকীয় দলৰ হাতত থকা সমষ্টিবোৰৰ দৰেই বিৰোধীৰ দখলত থকা সমষ্টিতো সমানভাৱে উন্নয়নৰ কাম কৰিবলৈ জিলাৰ আয়ুক্তসকলৰ সন্মিলনত সকলোকে আহ্বান জনোৱা দেখা গৈছে৷ একে সময়তে অসমৰ পুৰণি বিজেপি নেতা ৰমেন ডেকাক দিয়া হৈছে ৰাজ্যপালৰ পদ৷ আজিৰ পৰিৱেশ-পৰিস্থিতিত ক্ষমতাত টিকি থকাটো যেনেকৈ সহজ কথা নহয়, ক্ষমতা দখল কৰাৰ যুঁজখনত জয়ী হোৱাটোও উজু কথা নহয়৷ বিৰোধীয়ে সমন্বিতভাৱে বিজেপিক কাবু কৰিবলৈ যি ৰণ-নীতি গ্ৰহণ কৰিছে তাক ব্যৰ্থ কৰিবলৈ বিজেপিয়েও নি(য় নতুন ৰণ-কৌশল প্ৰয়োগ কৰাৰ চেষ্টা কৰিব৷

যি হওক, আজিৰ তাৰিখত বিৰোধী শক্তি কিছু সুবিধাজনক অৱস্থানত আছে৷ বিজেপি নেতৃত্বই সাম্প্ৰতিক সময়ৰ এই গুৰুতৰ প্ৰত্যাহবান কেনেকৈ গ্ৰহণ কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব তেওঁলোকৰ ভৱিষ্যৎ৷

Share This