ডিজিটেল ডেস্ক: কামৰূপ মহানগৰৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত কালি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চাৰ্জফ্ৰেমৰ দ্বিতীয় দিনাৰ শুনানি সম্পন্ন হয়। দ্বিতীয় দিনাও আধৰুৱা হৈ ৰ'ল জুবিন-হত্যাৰ চাৰ্জফ্ৰেমৰ শুনানি ।
কালি চৰকাৰী অধিবক্তাই আদালতৰ আগত তেওঁলোকৰ যুক্তি দাঙি ধৰে। আনহাতে, দ্বিতীয়টো দিনত অমৃতপ্রভা মহন্তৰ অধিবক্তায়ো আদালতত যুক্তি দর্শায়। অভিযুক্তৰ অধিবক্তাৰ যুক্তি দাখিলৰ বাবে আদালতে ৩০ মাৰ্চৰ দিনটো ধাৰ্য কৰি দিয়ে। সেইদিনা আটাইকেইগৰাকী অভিযুক্তৰ অধিবক্তাই আদালতৰ আগত যুক্তি প্রদর্শন কৰিব।
কালি আদালতত গৰিমা শইকীয়া গাৰ্গৰ লগতে জুবিন গাৰ্গৰ সহযোগী শিল্পী পার্থ প্রতিম গোস্বামী উপস্থিত থাকে। উল্লেখযোগ্য যে বৃহস্পতিবাৰৰ পৰা জুবিন গাৰ্গ হত্যাৰ গোচৰৰ অভিযুক্তৰ চাৰ্জফ্ৰেম আৰম্ভ হৈছে। চাৰি অভিযুক্তই হত্যাৰ অভিযোগ প্রত্যাহাৰৰ বাবে আদালতত আৱেদন কৰিছিল।