ষ্ট্ৰং ৰূমত পানী জমা হোৱাৰ অভিযোগ অস্বীকাৰ কামৰূপ মহানগৰ প্ৰশাসনৰ, ই ভি এম, ভি ভি পি এ টিসমূহ সম্পূর্ণ সুৰক্ষিত: আয়ুক্ত

dainik janambhumi April 21, 2026

ডিজিটেল ডেস্ক: কামৰূপ মহানগৰ জিলাৰ ৫টা বিধানসভা সমষ্টিত ভোটগ্রহণ কৰা ই ভি এম আৰু ভি ভি পি এ টি ৰখা ষ্ট্ৰং কমটো দেওবাৰে নিশা হোৱা প্ৰবল বৰষুণৰ বাবে জমা হোৱা পানীত ডুব যোৱাৰ অভিযোগ নাকচ কৰিছে কামৰূপ মহানগৰ জিলা প্রশাসনে। 

উল্লেখযোগ্য যে জিলাখনৰ দিছপুৰ, নিউ গুৱাহাটী, মধ্য গুৱাহাটী, ডিমৰীয়া আৰু জালুকবাৰী বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ ই ভি এম আৰু ভি ভি পি এ টিসমূহ মণিৰাম দেৱান ট্রেড চেণ্টাৰৰ ষ্ট্ৰং ৰূমত জমা হৈ আছে। দেওবাৰে হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জমা হোৱা পানী ষ্ট্ৰং ৰূমত সোমোৱাত ভোটগ্রহণত ব্যৱহৃত ইলেক্ট্রনিক মেচিনসমূহ নষ্ট হোৱাৰ কথা ৰাইজৰ মাজত প্ৰচাৰ হৈছিল। এই অভিযোগ উত্থাপন হোৱাৰ পাছত কালি জিলাখনৰ আয়ুক্ত পালে নিজে গৈ ষ্ট্ৰং ৰূমত অভিযোগ পৰীক্ষা কৰাৰ অন্তত স্পষ্ট কৰে ষ্ট্ৰং ৰূমত এটোপাল পানীও সেমোৱা নাই। 

মণিৰাম দেৱান ট্রেড চেণ্টাৰৰ চৌপাশত কিছু পানী জমা হৈছিল যদিও সেই পানীও এতিয়া কমি গৈছে। আয়ুক্ত পালে কয় যে ষ্ট্ৰং কম পহৰাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল আছে। তেওঁলোকে সেই কথা প্রত্যক্ষ কৰিছে। জিলা প্রশাসনে এই সন্দর্ভত স্পষ্ট কৰে যে মণিৰাম দেৱান ট্রেড চেণ্টাৰত অৱস্থিত ষ্ট্ৰং ৰূমত ভোটগ্রহণত ব্যৱহৃত ইভি এম আৰু ভি ভি পি এ টিসমূহ সুৰক্ষিতভাৱে সংৰক্ষণ কৰা হৈছে আৰু সকলো সম্পূৰ্ণ নিৰাপদ আৰু সুৰক্ষিত হৈ আছে। 

ট্রেড চেণ্টাৰৰ চৌপাশৰ কিছু অংশত জমা হোৱা পানী হ্রাস পাইছে আৰু যিকোনো জৰুৰীকালীন অৱস্থা চম্ভালিবলৈ পাম্পিঙৰ সুবিধাকে ধৰি পৰ্যাপ্ত ব্যৱস্থা কৰা হৈছে। ২৪ ঘণ্টাই সুৰক্ষা আৰু সকলো নিৰ্ধাৰিত প্ৰট'কল কঠোৰভাৱে ৰক্ষা কৰা হৈছে। জিলা নির্বাচন বিষয়াই সকলো ই ভি এম, ভি ভি পি এ টি আৰু সকলো নির্বাচন সম্পর্কীয় কাগজ-পত্ৰৰ নিৰাপত্তা, সুৰক্ষা নিশ্চিত কৰাৰ বাবে সম্পূৰ্ণৰূপে কামৰূপ মহানগৰ জিলা প্রশাসন প্রতিশ্রুতিবদ্ধ হৈ আছে।

Share This