ডিজিটেল ডেস্ক: ফাষ্ট ট্রেক আদালত স্থাপনৰ প্ৰসংগত আদালতৰ ওপৰত বিশ্বাস হেৰুওৱা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু হ'ব লাগে বুলি মন্তব্য কৰিছে অসম জাতীয় পৰিষদে। কালি এখন সংবাদমেলত দলৰ তিনি সম্পাদক চিত্তৰঞ্জন বসুমতাৰী, ৰাজু ফুকন আৰু জিয়াউৰ ৰহমানে কয় যে ফাষ্ট ট্রেক আদালত স্থাপন নকৰাৰ পক্ষত যুক্তি দিবলৈ গৈ দেওবাৰে মুখ্যমন্ত্রীয়ে স্পষ্টভাৱে আদালত বিশ্বাসযোগ্যতাৰ ওপৰত প্রশ্ন তুলিছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দেওবাৰে কৈছে যে যিগৰাকী ন্যায়াধীশৰ হাতত বর্তমানে জুবিন গাৰ্গৰ গোচৰটো আছে, তেওঁৰ হাতৰ পৰা নি অন্য ন্যায়াধীশক দিলে অভিযুক্তসকলে জামিন পাই যাব। এছ আই টিয়ে দাখিল কৰা অভিযোগনামাখন যে দুৰ্বল, ত্রুটীপূর্ণ সেয়া মুখ্যমন্ত্রীয়ে নিজমুখে স্বীকাৰ কৰিলে। একে সময়তে তেওঁ অন্য ন্যায়াধীশসকলৰ বিশ্বাসযোগ্যতাৰ ওপৰতো প্রশ্ন তুলিলে বুলি কয় দলটোৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে।
উল্লেখযোগ্য যে অসম জাতীয় পৰিষদে ২১ ফেব্ৰুৱাৰীৰ দিনা সংবাদমেল পাতি ফাষ্ট ট্রেক আদালত কিয় হোৱা নাই বুলি প্রশ্ন উত্থাপন কৰিছিল। দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এইবুলি অভিযোগ উত্থাপন কৰিছিল যে আচলতে ন্যায় দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ আন্তৰিকতা দেখা পোৱা নাই। তাৰেই জুবিনক ন্যায় প্রতিক্রিয়া স্বৰূপে দেওবাৰে মুখ্যমন্ত্রীয়ে সংবাদ মাধ্যমৰ আগত কয় যে যিহেতু বর্তমানৰ ন্যায়াধীশগৰাকীয়ে ৩জনৰ জামিন আৱেদন নাকচ কৰিছে; যিহেতু ন্যায়াধীশগৰাকীয়ে জামিন নিদিয়াৰ ভয়ত দুজন অভিযুক্তই জামিন আৱেদন প্রত্যাহাৰ কৰিছে; যিহেতু অন্য ন্যায়াধীশৰ ওচৰলৈ গ'লে দেহৰক্ষী দুজন আৰু অমৃতপ্রভা মহন্তই লগে লগে জামিন পাব; সেই কাৰণে ফাষ্ট ট্রেক আদালত গঠনৰ কথাটো চৰকাৰে আগবঢ়োৱা নাছিল।
জাতীয় পৰিষদৰ সম্পাদকত্রয়ে সংবাদমেলত কয় যে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰাই এইটো স্পষ্ট হৈ গ'ল যে অভিযুক্তই জামিন পাই যোৱাটো বৰ জটিল নহয়। তাৰ মানে, এছ আই টিয়ে দাখিল কৰা অভিযোগনামা দুৰ্বল হৈছে, তদন্তত সুৰুঙা আছে। দলৰ সম্পাদক জিয়াউৰ ৰহমানে কয় যে মুখ্যমন্ত্ৰীজনৰ আচলতে হৈছে কি? তেওঁ মানসিকভাৱে সুস্থ হৈ আছেনে? তেওঁ আচলতে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ বিষয়ত হেমাহি ৰহস্যজনক কৰাটো ধৰা পৰি গৈছে। সেয়ে তেওঁ আবোল-তাবোল বকি আছে। দেওবাৰে সংবাদমেলত মুখ্যমন্ত্রীয়ে আচলতে আদালত তথা ন্যায় ব্যৱস্থাৰ ওপৰত অনাস্থা বা বিশ্বাসহীনতা প্রকাশ কৰিছে। এয়া স্পষ্টভাৱে আদালত অৱমাননা। আদালতৰ প্রতি বিশ্বাসহীনতা প্ৰদৰ্শনৰ বাবে তেওঁৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু হ'ব লাগে।
সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে কয় যে ফাষ্ট ট্রেক কোর্ট গঠনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ চৰকাৰে চিঠি লিখিব বুলি মুখ্যমন্ত্রীয়ে ঘোষণা কৰিছিল ২৪ ডিচেম্বৰৰ দিনা। সেই পত্রখন কিয় লিখা নহ'ল বা যোৱা দুমাহে ফাষ্ট ট্রেক আদালত গঠনৰ বিষয়টো কেবিনেটত কিয় উত্থাপন কৰা নহ'ল, মুখ্যমন্ত্ৰীয়ে তাৰ কাৰণ ৰাজহুৱা কৰিব লাগে। সম্পাদক ৰহমানে কয় যে দেওবাৰে সংবাদ মেলত মুখ্যমন্ত্রীয়ে কৈছে যে ফাষ্ট ট্রেক আদালত গঠনক লৈ ৰাজনীতি হৈ আছে। কিন্তু জুবিনক ন্যায় দিব নোৱাৰিলে বিজেপিক ভোট নিদিব বুলিতো তেৱেঁই কৈছিল। দেওবাৰে জুবিন গাৰ্গৰ সহধর্মিণী গৰিমা গার্গে কোৱা কথাখিনি দুখজনক। তেওঁ উদ্বিগ্নতা প্রকাশ কৰিছে যে নির্বাচনৰ পাছত সকলোৱে বিষয়টো পাহৰি পেলাব। গতিকে নিৰ্বাচনৰ আগতে ন্যায় দিয়ক। মুখ্যমন্ত্রীয়ে জানি থওক, জুবিনৰ ন্যায়ৰ দাবীটো যদি ৰাজনীতি হয়, এনে ৰাজনীতি আমি শতবাৰ কৰিম। তেওঁ লগতে কয় যে মুখ্যমন্ত্রীয়ে কৈছে যে জুবিন ক্ষেত্ৰলৈ কোনো যাব নালাগে। কিন্তু কিয় যাব নালাগে? মানুহ জুবিন ক্ষেত্রলৈ গ'লে মুখ্যমন্ত্ৰীৰ অসুবিধাটো ক'ত? তেখেতে ৰাইজক বাধা দিছে কিয়?
সম্পাদক ৰাজু ফুকনে কয় যে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে বিজেপিক ভোট দিব নালাগে বুলি হিমন্ত বিশ্ব শর্মাই নিজ মুখে কৈছিল। গতিকে যদি ন্যায় দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ সঁচা আন্তৰিকতা আছে, তেনেহ'লে নিৰ্বাচনৰ আগতেই দোষীক শাস্তি পোৱাৰ ব্যৱস্থা কৰক। অন্যথা ন্যায় প্রাপ্তিৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ আন্তৰিকতা নাই বোলা কথাটো প্রমাণ হ'ব।