চাহ জনগোষ্ঠী-আদিবাসীৰ ২১৫ প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ, ইমান বৃহৎ নিযুক্তি অভূতপূর্ব, কল্পনাৰো অগোচৰ আছিল 

dainik janambhumi December 25, 2025

ডিজিটেল ডেস্ক: চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ২১৫গৰাকী প্ৰাৰ্থীক ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিভিন্ন কাৰিকৰী আৰু অ-কাৰিকৰী পদত পৃথকে কালি নিযুক্তি-পত্ৰ প্ৰদান কৰা হয়। 

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি চিকিৎসা শিক্ষা আৰু গৱেষণা সঞ্চালকালয়ত কাৰিকৰী পদত ৮৮গৰাকী আৰু অ-কাৰিকৰী পদত ২৮গৰাকী, স্বাস্থ্য সেৱা সঞ্চালকালয়ত কাৰিকৰী পদত ৫৬গৰাকী আৰু স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) সঞ্চালকালয়ত কাৰিকৰী পদত ৪৩গৰাকী প্রার্থীক নিযুক্তি-পত্র প্রদান কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্রী ড° শর্মাই কয় যে ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সকলো চাকৰিতে ৰাজ্যৰ আদিবাসী আৰু চাহ জনগোষ্ঠীৰ যোগ্য যুৱক-যুৱতীৰ বাবে ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ বিগত বৰ্ষত ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছিল। এই সিদ্ধান্ত গ্রহণৰ সময়ত বহুতে ইয়াৰ কাৰ্যকৰীকৰণক লৈ সংশয় প্রকাশ কৰিছিল। সেই সকলো সংশয় নেওচি চৰকাৰে এই সিদ্ধান্ত বাস্তৱায়িত কৰিবলৈ সক্ষম হৈছে। 

এইবাৰ চৰকাৰে কেইবাটাও নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে প্রাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী, স্বাস্থ্যখণ্ডৰ বিভিন্ন কাৰিকৰী পদ আৰু অসম চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ জৰিয়তে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। তেওঁ কয় যে বিগত বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ১ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তিৰ প্রতিশ্রুতি দিয়া হৈছিল, কিন্তু এই প্রতিশ্রুতি পূৰণ কৰি চৰকাৰে আজি পর্যন্ত ১,৪৫,৪৪৯গৰাকী যুৱক-যুৱতীক নিযুক্তি দিবলৈ সক্ষম হৈছে। কালি এই অনুষ্ঠানত নিযুক্তি প্রদান কৰা ২১৫ গৰাকী প্রার্থীকে ধৰি এই সংখ্যা ১,৪৫,৬৬৪ গৰাকী হৈছেগৈ বুলি তেওঁ উল্লেখ কৰে। 

অহা মাহৰ প্ৰথম ভাগতে অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাৰ জৰিয়তে নির্বাচিত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীসকলক নিযুক্তি দিয়া হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে তাৰ পাছত এই সংখ্যা ১,৬০,০০০ৰ ওচৰ পাবগৈ। ইমান বৃহৎ নিযুক্তি আমাৰ ৰাজ্যৰ বাবে অভূতপূর্ব আৰু কল্পনাৰো অগোচৰ আছিল বুলি তেওঁ মন্তব্য কৰে। আদিবাসী আৰু চাহ জনগোষ্ঠীৰ বাবে ৩ শতাংশ সংৰক্ষণৰ কোটাৰ অধীনত এইবছৰ এতিয়ালৈকে ৭২০গৰাকী প্রার্থীক নিযুক্তি দিয়াৰ কথা তেওঁ সদৰী কৰে। তেওঁ কয় যে অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাৰ জৰিয়তে নির্বাচিত ৩ শতাংশ সংৰক্ষণৰ কোটাৰ প্ৰাৰ্থীক ধৰিলে এই সংখ্যা ১২০০-১৩০০ গৰাকী হ'বগৈ। ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা নাথাকিলে জনগোষ্ঠীটোৰ ইমান বৃহৎ সংখ্যক প্রার্থীৰ নিযুক্তি কেতিয়াও সম্ভৱ নহ'লহেঁতেন বুলি তেওঁ মন্তব্য কৰে। কেৱল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিতে নহয়, ৰাজ্য চৰকাৰৰ প্রথম আৰু দ্বিতীয় বৰ্গৰ চাকৰিতো আদিবাসী আৰু চাহ জনগোষ্ঠীৰ বাবে ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি ড° শৰ্মাই সদৰী কৰে। তেওঁ কয় যে ইয়াৰ ফলত দণ্ডাধীশ, আৰক্ষী বিষয়া, কলেজ-বিশ্ববিদ্যালয়ৰ অধ্যাপক আদি উচ্চস্তৰীয় পদত নিযুক্তিৰে সমগ্র জনগোষ্ঠীটোৰ আৰ্থ-সামাজিক দিশলৈ এক বিৰাট পৰিৱৰ্তন আহিব। এই ব্যৱস্থাই বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অধ্যয়নৰ প্রতিযোগিতামূলক পৰিৱেশ সৃষ্টি কৰিব বুলি তেওঁ মন্তব্য কৰে। চাহ বাগিচা অঞ্চলত উচ্চশিক্ষিত যুৱক-যুৱতী সৃষ্টিৰ বাবে বৰ্তমানৰ চৰকাৰখনে ইতিমধ্যে ১২০খন আদর্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰিছে আৰু অহা জানুৱাৰী মাহত আন ১০০খন আদর্শ উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ এম বি বি এছ পাঠ্যক্রমত ৩০খন আসন চাহ জনজাতিৰ শিক্ষাৰ্থীৰ বাবে সংৰক্ষণ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্রতিখন চিকিৎসা মহাবিদ্যালয়তে জনগোষ্ঠীটোৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অতিৰিক্ত এখনকৈ আসন সংৰক্ষণৰ বাবে শেহতীয়াকৈ ঘোষণা কৰা হৈছে, ফলত অতিৰিক্ত ১৪খন আসন জনগোষ্ঠীটোৰ শিক্ষার্থীৰ বাবে সংৰক্ষিত হ'ব। সেই অনুপাতে নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, অভিযন্তা, কনিষ্ঠ অভিযন্তা আদি পদতো নিযুক্তিৰে আদিবাসী আৰু চাহ জনগোষ্ঠীৰ লোকে প্রথমবাৰৰ বাবে এক সামাজিক ন্যায় লাভ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ মন্তব্য কৰে। 

ইয়াৰ উপৰি ৰাজ্যজুৰি চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৪৪টা হোষ্টেল নিৰ্মাণৰ লগতে শ্বহীদ দয়াল দাস পাণিকা স্ব-নিয়োজন আঁচনিৰ অধীনত চাহ বাগিচা তথা আদিবাসী সম্প্ৰদায়ৰ যুৱক-যুৱতীলৈ আর্থিক অনুদান আগবঢ়োৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ লগতে বিশ্বৰ ৭২গৰাকী ৰাষ্ট্ৰদূতৰ সন্মুখত ঝুমইৰ নৃত্য পৰিৱেশনেৰে জনগোষ্ঠীটোৰ কৃষ্টি-সংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ যাবলৈ সক্ষম হোৱাৰ কথাও তেওঁ উল্লেখ কৰে। ইয়াৰ সমান্তৰালভাৱে শিক্ষা-ক্রীড়া-সংস্কৃতি সকলো ক্ষেত্রতে জনগোষ্ঠীটোক আগবঢ়াই নিয়াৰ বাবে লোৱা পদক্ষেপৰ কথা তেওঁ সদৰী কৰে। চাহ বাগিচাৰ ৰাইজক বাগিচাৰ লাইনৰ মাটিৰ অধিকাৰ প্ৰদানৰ বাবে অসম বিধানসভাৰ শেহতীয়া অধিৱেশনত চৰকাৰে গৃহীত কৰা ঐতিহাসিক পদক্ষেপৰ কথাও তেওঁ ভাষণত উল্লেখ কৰে। চাহ বাগিচাৰ ৰাইজেও ৰাজ্য চৰকাৰৰ বিভিন্ন জনহিতকৰ আঁচনিৰ সুফল লাভ কৰাৰ কথা সদৰী কৰি তেওঁ কয় যে বাগিচাৰ জনজীৱনলৈ সম্প্রতি যি পৰিৱৰ্তন আহিছে, এই পৰিৱৰ্তন যদি অনাগত ১০ বছৰলৈ অব্যাহত থাকে, তেন্তে জনগোষ্ঠীটোৰ লোকে ৰাজ্যৰ অন্যান্য সম্প্রদায়সমূহৰ সৈতে সমানে প্রতিযোগিতা আগবঢ়াবলৈ সক্ষম হ'ব। ভাষণত তেওঁ চাহ বাগিচাৰ জনজীৱনলৈ অহা শেহতীয়া পৰিৱৰ্তনৰ কেইবাটাও উদাহৰণ দাঙি ধৰে। আদিবাসী আৰু চাহ জনগোষ্ঠীৰ যোগ্য যুৱক-যুৱতীৰ বাবে চৰকাৰী চাকৰিত ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে আবণ্টিত কোটাৰ সলনি মুঠ খালী পদৰ হিচাপত ধাৰ্য কৰাৰ ব্যৱস্থা কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে। কালি নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলক চাহ বাগিচা এলেকাৰ চিকিৎসালয়ত সেৱা আগবঢ়াই সম্প্রদায়টোৰ ৰাইজৰ সেৱাত নিয়োজিত হোৱাৰ ক্ষেত্ৰত সংকোচ নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। সেইদৰে নিজৰ পিতৃ-মাতৃ, পৰিয়াল আৰু সমাজৰ প্ৰতিও চাকৰিকালত দায়বদ্ধ হ'বলৈ তেওঁ নৱ-নিযুক্ত প্রার্থীসকলক আহ্বান জনায়। 

অনুষ্ঠানত ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী অশোক সিংহল, চাহ জনজাতি আৰু আদিবাসী কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, বিধায়ক সঞ্জয় কিষাণ আৰু ৰূপজ্যোতি কুর্মি, শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান মহাবিদ্যালয়ৰ উপাচার্য অনুপ কুমাৰ বৰ্মন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব পি অশোক বাবু, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধার্থ সিং, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অভিযান সঞ্চালক লক্ষ্মণন এছ, চিকিৎসা শিক্ষা সঞ্চালক মনোজ কুমাৰ চৌধুৰী, স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) সঞ্চালক কমলজিৎ তালুদকাৰ আৰু স্বাস্থ্য সেৱা সঞ্চালক উমেশ ফাংছ'কে ধৰি কেইবাগৰাকীও উচ্চপদস্থ বিষয়া আৰু গণ্য-মান্য বক্তি উপস্থিত থাকে।

Share This