উজনিৰ ৪ জিলাৰ বন্যাৰ্তৰ প্রতিবেদন বিচাৰিলে মুখ্যমন্ত্রীয়ে

dainik janambhumi July 25, 2026

ডিজিটেল ডেস্ক : উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত উদ্ভৱ হোৱা অকল্পনীয় তথা সচৰাচৰ ভবাতকৈও অতি ভয়াৱহ বিধ্বংসী বানত দিশহাৰা হৈ পৰা দুৰ্গতসকলক ভিন্ন দিশত সহায় কৰাৰ অৰ্থে ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। কেৱল উজনিৰ এই তিনি জিলাই নহয়, শেহতীয়াকৈ কাজিৰঙা লোক সভা সমষ্টিৰ অধীনৰ গোলাঘাট জিলাৰো কেউটা বিধানসভা সমষ্টিয়েই ভয়াৱহ বানৰ কবলত পৰিছে। 

ইতিমধ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিগত দুদিন ধৰি দেৰগাঁৱত বাহৰ পাতি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বিভিন্ন বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি বন্যাৰ্তৰ দুখৰ সমভাগী হৈ পৰিস্থিতি স্বচক্ষে বুজ লোৱাৰ লগতে সংশ্লিষ্ট জিলা প্রশাসনক উদ্ধাৰ আৰু সাহায্য আগবঢ়োৱাত কোনো আসোঁৱাহ যাতে থাকি নাযায় সেই দিশত সতর্ক হ'বলৈ নির্দেশ দিছে। 

ইফালে, লোক সভাৰ বর্ষাকালীন অধিৱেশন বর্তমান চলি থকা অৱস্থাতে উজনিত গুৰুতৰ ৰূপ ধাৰণ কৰা বান পৰিস্থিতিৰ দুৰ্গতসকলৰ কাষত মন্ত্রী, সাংসদ তথা জনপ্রতিনিধিৰ প্ৰয়োজনীয়তা অনুভৱ কৰি মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কিৰেণ ৰিজুজুক বিশেষভাৱে অনুৰোধ জনোৱাত তেওঁ সাংসদ তথা কেন্দ্রীয় মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু কাজিৰঙাৰ সাংসদ কামাখ্যা প্রসাদ তাছাক তাৎক্ষণিকভাৱে অসমলৈ আহিবলৈ পৰামৰ্শ দিয়ে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় মন্ত্ৰীৰ সৈতে কৰা যোগাযোগৰ এনে তৎপৰতাৰ পাছতেই কালি কেন্দ্রীয় মন্ত্রী মাৰ্ঘেৰিটা আৰু সাংসদ তাছা যোৰহাটত উপস্থিত হৈ গোলাঘাট, যোৰহাট আৰু শিৱসাগৰ জিলাৰ বিভিন্ন বানক্ষতিগ্রস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।কেন্দ্রীয় মন্ত্ৰী মাৰ্ঘেৰিটা আৰু সাংসদ তাছাই ক্ষতিগ্রস্ত অঞ্চল পৰিদৰ্শন কৰাৰ সময়ত স্থানীয় বিধায়ক ৰূপজ্যোতি কুর্মি, ধীৰাজ গোৱালা, বিকাশ শইকীয়াৰ লগতে জিলাৰ আয়ুক্ত প্ৰমুখ্যে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত দুৰ্গতসকলৰ ভয়ানক বাস্তৱ অৱস্থাটো প্রত্যক্ষ কৰে। 

উল্লেখযোগ্য যে লোক সভাৰ অধিৱেশন চলি থকাৰ মাজতে বান সমস্যাৰ গুৰুতৰ অৱস্থাটোৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত সাম্প্ৰতিক বান পৰিস্থিতি অধ্যয়ন কৰা আৰু ক্ষয়-ক্ষতিৰ বাস্তৱ অৱস্থাৰ বুজ লৈ সাহায্য প্রদানৰ বিষয়টোক পর্যবেক্ষণৰ দায়িত্ব দিয়া কেন্দ্রীয় ৰাজ্য মন্ত্ৰী মাৰ্ঘেৰিটা আৰু সাংসদ তাছাই উজনিৰ চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট এই চাৰিওখন জিলাৰে এক বিস্তৃত প্রতিবেদন মুখ্যমন্ত্ৰীক দাখিল কৰিবলৈও মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়াৰ বিষয়েও বিশেষ সূত্রই জানিবলৈ দিছে। 

ইতিমধ্যে কেন্দ্রীয় মন্ত্রী মাৰ্ঘেৰিটা নতুন দিল্লীলৈ উভতি গৈছে যদিও ২৫ জুলাইত পুনৰ যোৰহাটলৈ আহি সাংসদ তাছাৰ সৈতে উজনিৰ কেউখন ক্ষতিগ্রস্ত অঞ্চললৈ যোৱাৰ কথা। আনহাতে, বর্তমান যোৰহাটতে থকা সাংসদ তাছাই আজি গোলাঘাট জিলাৰ বিভিন্ন বন্যাক্রান্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে স্থানীয় প্ৰশাসনৰ সৈতে উদ্ধাৰ আৰু সাহায্যৰ বিষয়টো কেনেদৰে আগবাঢ়িছে সেই দিশবোৰো পৰ্যবেক্ষণ কৰে। 

ক্ষতিগ্রস্ত অঞ্চল পৰিদৰ্শনৰ সময়ত সাংসদ তাছাই প্রশাসন তথা সংশ্লিষ্ট বিভাগে পশু খাদ্য বিতৰণৰ লগতে বানপানী হ্রাস পোৱাৰ লগে লগেই দুৰ্গতসকলৰ মাজত দেখা দিব পৰা বিভিন্ন ৰোগৰ বেলিকা স্বাস্থ্য বিভাগে কেনে পদক্ষেপ গ্রহণ কৰিছে সেই বিষয়ে জিলা স্বাস্থ্য বিভাগৰ পৰাও ভিন্ন দিশৰ বুজ লয়। তেনেদৰে, সাংসদগৰাকীয়ে বন্যাক্রান্ত অঞ্চলত উদ্ভৱ হোৱা খোৱাপানীৰ সমস্যাৰ বেলিকা জনস্বাস্থ্য কাৰিকৰী বিভাগে দুর্গত অঞ্চলত কেনেদৰে সহায় আগবঢ়াব সেই বিষয়েও বুজ লয়।

Share This