ডিজিটেল ডেস্ক : দেশত প্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয় পর্যায়ত এপ-ভিত্তিক ঐতিহ্য ডিজিটাইজেশ্যন ইন্টার্নশ্বিপ কার্যসূচী আৰম্ভ কৰাৰ লক্ষ্যৰে কালি ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু নন্দা তালুকদাৰ ফাউণ্ডেশ্যন (এন টি এফ)-ৰ মাজত 'ডিজিটাইজিং অসম ২.০' আঁচনিৰ অধীনত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই কাৰ্যসূচীৰ জৰিয়তে শিক্ষার্থীসকলে এটা বিশেষ ম'বাইল এপ ব্যৱহাৰ কৰি গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপৰ অংশ হিচাপে নিজ নিজ অঞ্চলত থকা দুষ্প্রাপ্য গ্রন্থ, আলোচনী, পাণ্ডুলিপি আৰু অন্যান্য ঐতিহাসিক নথি-পত্র ডিজিটাইজ কৰাৰ সুযোগ লাভ কৰিব।
চুক্তি স্বাক্ষৰ অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জিতেন হাজৰিকাই উপস্থিত থাকি সমগ্র প্রক্রিয়াটো তদাৰক কৰে। অনুষ্ঠানত অসম জাতীয় বিদ্যালয় শিক্ষামূলক আৰু আর্থ-সামাজিক ন্যাসৰ হৈ ড° নাৰায়ণ শৰ্মাও উপস্থিত থাকে। এই ইণ্টাৰ্নশ্বিপৰ অধীনত শিক্ষার্থীসকলক ডিজিটাইজেশ্যন, মেটাডাটা প্ৰস্তুতকৰণ, আর্কাইভনথিভুক্তকৰণ আৰু ডিজিটেল সংৰক্ষণ সম্পর্কে প্রশিক্ষণ দিয়া হ'ব। ডিজিটাইজ কৰা সকলো তথ্য নন্দা তালুকদাৰ ফাউণ্ডেশ্যনৰ ডিজিটেল ৰিপ'জিটৰীত সংৰক্ষিত হ'ব। এই কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে অসমৰ সাহিত্যিক আৰু জ্ঞান-ঐতিহ্য সংৰক্ষণ কৰাৰ লগতে শিক্ষার্থীসকলক আধুনিক ডিজিটেল দক্ষতাৰে সমৃদ্ধ কৰি তোলা। এই পদক্ষেপক অসম চৰকাৰেও সমর্থন জনাইছে।
শিক্ষা মন্ত্রী ডা: ৰণোজ পেগুৱে ৰাজ্যখনৰ সকলো বিশ্ববিদ্যালয়লৈ প্ৰেৰণ কৰা এখন পত্ৰত 'ডিজিটাইজিং অসম ২.০' অভিযানত সক্রিয়ভাৱে অংশগ্রহণ কৰিবলৈ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে বর্তমান এই ডিজিটেল ৰিপ'জিটৰীত ইতিমধ্যে ২.৭৬ মিলিয়ন পৃষ্ঠা দুষ্প্রাপ্য গ্রন্থ, আলোচনী, পাণ্ডুলিপি, চৰকাৰী নথি আৰু অন্যান্য আর্কাইভ সামগ্ৰী সংৰক্ষিত হৈছে। ভৱিষ্যতে এই ৰিপ'জিটৰী অসমত কৃত্রিম বুদ্ধিমত্তা (AI)-ভিত্তিক শাসন ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ জ্ঞানভঁৰাল হিচাপে কাম কৰিব।
ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP)-ৰ সৈতে সামঞ্জস্য ৰাখি আৰম্ভ কৰা এই কার্যসূচীয়ে সম্প্রদায়ভিত্তিক অংশগ্রহণ, অভিজ্ঞতাভিত্তিক শিক্ষা আৰু আধুনিক প্রযুক্তিক একেলগে সংযুক্ত কৰি অসমৰ জ্ঞান-ঐতিহ্য সংৰক্ষণৰ লগতে সমগ্র দেশৰ বাবে এক নতুন আদর্শ স্থাপন কৰাৰ লক্ষ্য লৈছে।