ডিজিটেল ডেস্ক: ভাৰতত অভ্যন্তৰীণ জলপথ পৰিবহণৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ব্ৰহ্মপুত্ৰৰ দাঁতিৰ চাৰিটা স্থানত নদীভিত্তিক দীপস্তম্ভ(লাইট হাউছ) নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। এই দীপস্তম্ভসমূহ দেশত প্ৰথমবাৰৰ বাবে অভ্যন্তৰীণ জলপথত স্থাপন কৰা হ'ব।
গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত এই অনুষ্ঠানটো লাইটহাউছ আৰু লাইটশ্বিপ সঞ্চালকালয় আৰু ভাৰতীয় অন্তর্দেশীয় জলপথ প্ৰাধিকৰণৰ যৌথ উদ্যোগত কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰ্যালয়ৰ অধীনত আয়োজন কৰা হয়। ডিব্ৰুগড় জিলাৰ বগীবিল, কামৰূপ (মহানগৰ) জিলাৰ পাণ্ডু আৰু নগাঁও জিলাৰ শিলঘাট- এই তিনিটা স্থান ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত আৰু বিশ্বনাথ জিলাৰ বিশ্বনাথ ঘাট উত্তৰ পাৰত অৱস্থিত। এই স্থানসমূহ ব্রহ্মপুত্ৰ (ৰাষ্ট্ৰীয় জলপথ-২)ৰ গুৰুত্বপূৰ্ণ কৌশলগত অঞ্চলত অৱস্থিত। এই চাৰিটা লাইটহাউছ (দীপস্তম্ভ) নিৰ্মাণৰ বাবে মুঠ ব্যয় প্রায় ৮৪ কোটি টকা ধাৰ্য কৰা হৈছে।
প্রত্যেকটো দীপস্তম্ভৰ উচ্চতা প্রায় ২০ মিটাৰ হ'ব আৰু ইয়াৰ ভৌগোলিক পৰিসীমা ১৪ নটিকেল মাইল, লগতে আলোক পৰিসীমা ৮ৰ পৰা ১০ নটিকেল মাইল থাকিব। সম্পূৰ্ণ সৌৰশক্তিৰে চলিবলগীয়া এই দীপস্তম্ভসমূহৰ লগতে প্রতিটো স্থানত সংগ্রহালয়, মুকলি মঞ্চ, কেফেটেৰিয়া, শিশুসকলৰ খেলাৰ স্থান, স্মাৰক সামগ্ৰীৰ দোকান আৰু সেউজীয়া পৰিসৰ গঢ়ি তোলা হ'ব। ইয়াৰ ফলত এই স্থানসমূহ জাহাজ সুৰক্ষাৰ লগতে পর্যটনৰো এক আকর্ষণীয় কেন্দ্র হিচাপে পৰিগণিত হ'ব। ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতীয় অন্তর্দেশীয় জলপথ প্ৰাধিকৰণৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰৰ জলপথত পণ্য পৰিবহণ তথা জাহাজ চলাচল প্রায় ৫৩ শতাংশ বৃদ্ধি পাইছে। এই জলপথত বিগত সময়ছোৱাত প্ৰতিবছৰে গড়ে ৮-ৰ পৰা ১০ শতাংশ হাৰত পণ্য পৰিবহণ বৃদ্ধি পাই আহিছে।
অসমৰ চাহ, কয়লা আৰু সাৰ উদ্যোগৰ লগতে যাত্ৰী পৰিবহণ আৰু পৰ্যটনৰ ক্ষেত্ৰতো এই জলপথ অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। নতুন দীপস্তম্ভসমূহে ২৪ ঘণ্টাই সুৰক্ষিত জাহাজ চলাচল নিশ্চিত কৰাৰ লগতে বতৰৰ পৰ্যবেক্ষণ ব্যৱস্থা আৰু উন্নত নেভিগেশ্যন সুবিধা প্রদান কৰিব। এই উপলক্ষে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কালি ভাষণত কয়, 'প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত অভ্যন্তৰীণ জলপথসমূহক কেৱল স্থলপথ আৰু ৰে'লপথৰ বিকল্প হিচাপে নহয়, বৰং অর্থনীতিক শক্তিশালী কৰাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে গঢ়ি তোলা হৈছে। জলপথেৰে এক টন পণ্য পৰিবহণৰ খৰচ পথ পৰিবহণতকৈ বহু কম আৰু ইয়াৰ ফলত কার্বন নির্গমনো যথেষ্ট কম হয়। ব্রহ্মপুত্রত নির্মাণ হ'বলগীয়া এই দীপস্তম্ভসমূহে স্পষ্টভাৱে প্ৰতিফলিত কৰিব যে ভাৰতৰ নদীসমূহ ২৪ ঘণ্টাই ব্যৱসায় আৰু পৰিবহণৰ বাবে সাজু।'
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে উল্লেখ কৰে, 'ভাৰতৰ সামুদ্রিক আৰু অভ্যন্তৰীণ জলপথ নেভিগেশ্যন আন্তঃগাঁথনি ক্ষেত্রত ঐতিহাসিক মাইলৰ খুঁটি। আজি মহাবাহু ব্ৰহ্মপুত্ৰ (ৰাষ্ট্ৰীয় জলপথ-২)ৰ দাঁতিত দেশৰ প্ৰথম নদী লাইটহাউছসমূহৰ আধাৰশিলা স্থাপন কৰি আনন্দিত হৈছোঁ। দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অভ্যন্তৰীণ জলপথত লাইটহাউছ আন্তঃগাঁথনি স্থাপন কৰাৰ পথ ইতিমধ্যে প্রশস্ত হৈছে। বগীবিল, পাণ্ডু, শিলঘাট আৰু বিশ্বনাথ ঘাটত এই অনন্য দীপস্তম্ভসমূহৰ নিৰ্মাণ মুঠ ৮৪ কোটি টকা ব্যয়সাপেক্ষে সম্পূৰ্ণ কৰা হ'ব। এই লাইটহাউছসমূহে নিৰৱচ্ছিন্ন জাহাজ চলাচল সুৰক্ষিত কৰাৰ লগতে ৰাজ্যৰ পৰ্যটন খণ্ডকো এক নতুন গতি দিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আমি ব্রহ্মপুত্রক এক পূর্ণাংগ মালবাহী কৰিড'ৰ হিচাপে গঢ়ি তুলিবলৈ আগবাঢ়িছোঁ। ইয়াৰ জৰিয়তে লজিষ্টিক ব্যয় হ্রাস পাব, ৰাষ্ট্ৰীয় পথসমূহত যাতায়াতৰ ভিৰ কমিব আৰু অসমৰ উদ্যোগসমূহৰ বাবে অধিক শক্তিশালী তথা স্থিতিশীল যোগান শৃংখল গঢ়ি উঠিব। এয়া আমাৰ ৰাজ্যখনৰ বাবে এক গৌৰৱৰ মুহূৰ্ত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বহনক্ষম অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত এক বৃহৎ অগ্রগতি।'
'কংগ্ৰেছৰ শাসনকালত দেশৰ ঐতিহ্যৰ ধ্বজাবাহী লাইটহাউছসমূহ অৱহেলিত হৈ আছিল। তেতিয়া ৫ লাখ লাইটহাউছ পৰ্যটকৰ বিপৰীতে যোৱা প্ৰায় এটা যুগত ২০ লাখলৈ লাইটহাউছ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে', সর্বানন্দ সোণোৱালে লগতে কয়। গুৱাহাটীত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰাৰ বাবে অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জয়ন্ত মল্লবৰুৱা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক সিদ্ধার্থ ভট্টাচার্য প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল আৰু উপস্থিত ৰাইজক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে সোণোৱালে।
উল্লেখযোগ্য যে এই প্রকল্পটো ২০২৫ চনৰ জুলাই মাহত কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ কাৰ্যালয়ৰ পৰা উত্তৰ-পূৰ্বাঞ্চলত নদীভিত্তিক দীপস্তম্ভ স্থাপনৰ সম্ভাৱনা পর্যালোচনাৰ অন্তত পৰৱৰ্তী পদক্ষেপৰ ফলস্বৰূপে আৰম্ভ কৰা হৈছিল। ২০২৫ চনৰ ৮ এপ্রিলত ভাৰতীয় অন্তর্দেশীয় জলপথ প্ৰাধিকৰণ আৰু লাইটহাউছ আৰু লাইটশ্বিপ সঞ্চালকালয়ৰ মাজত এই চাৰিটা স্থান সামৰি এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। পৰৱৰ্তী সময়ত ২০২৫ চনৰ ১৩ জুনত ব্যৱহাৰৰ অধিকাৰৰ চুক্তিৰ জৰিয়তে স্থানসমূহ আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হয়।
সকলো প্রয়োজনীয় পৰীক্ষা, সমীক্ষা আৰু নক্সা প্ৰস্তুত কৰাৰ পাছত চুক্তি স্বাক্ষৰিত কৰাৰ তাৰিখৰ পৰা ২৪ মাহৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূর্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই চাৰিটা দীপস্তম্ভই ভাৰতৰ অভ্যন্তৰীণ জলপথসমূহত সামুদ্রিক উপকূলৰ দৰে উন্নত নেভিগেশ্যন সুৰক্ষা পৰিকাঠামো গঢ়ি তোলাৰ বৃহত্তৰ পৰিকল্পনাৰ আৰম্ভণি সূচাইছে।