ডিজিটেল ডেস্ক : শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মহাযোগৰ কালি অন্তিমটো দিন। পৱিত্ৰ অম্বুবাচী উপলক্ষে নীলাচল পাহাৰত চতুর্থ দিনাও লাখ লাখ ভক্তৰ সমাগমেৰে মায়াময় হৈ উঠিছে। কালি অম্বুবাচীৰ নিবৃত্তি। আজি পুৱা শুদ্ধিকৰণ আৰু নিত্য পূজাৰ পাছত পুনৰ মা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে খোলে ।
উল্লেখযোগ্য যে কালি নিশা ১২ বাজি ২ মিনিট ১৩ ছেকেণ্ডত নিবৃত্তি হয়। অৱশ্যে নিবৃত্তি ঘটিলেও কালি নিশা ভক্তৰ বাবে দুৱাৰ খুলি দিয়া নহ'ব। আজি পুৱাহে যাৱতীয় কৰ্ম সম্পাদন কৰি ভক্তসকলক পুনৰ মন্দিৰত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰা হয়। মন্দিৰৰ দুৱাৰ খোলাৰ পাছতে ভক্তৰ মাজত প্রসাদ হিচাপে পৱিত্ৰ 'ৰক্ত বস্ত্ৰ' বিতৰণ কৰা হ'ব। এই প্রসাদ লোৱাৰ বাবেই মন্দিৰ প্ৰাংগণত দেশ-বিদেশৰ ভক্তই ভিৰ কৰিছে।
প্রণিধানযোগ্য যে কামাখ্যা গে'টৰ পৰা মন্দিৰ পৰ্যন্ত ভক্তসকলে এইবাৰ খোজকাঢ়ি যাবলগীয়া হৈছে। দিনে নিশাই এই চাৰিদিন লাখ লাখ ভক্ত মন্দিৰ প্ৰাংগণলৈ গৈছে। চৰকাৰী সূত্ৰই এইবছৰ অম্বুবাচী উপলক্ষে কামাখ্যা ধামত প্রায় ১০ লাখ ভক্তৰ সমাগম হোৱা বুলি অনুমান কৰিছে। ইফালে আজি পুৱাবেলাৰ পৰাই মন্দিৰ প্ৰাংগণত ভক্তৰ ভিৰ বৃদ্ধি পোৱাৰ সম্ভাৱনাও ব্যক্ত কৰি প্ৰশাসনে ইয়াৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলি সদৰী কৰিছে।