আধাতে সভা সামৰি উভতিল প্রাক্তন সাংসদ, ভোট বিচাৰি ৰাইজৰ ৰোষত দুলীয়াজানৰ বিজেপিৰ প্রার্থী ৰামেশ্বৰ তেলী

dainik janambhumi March 23, 2026

ডিজিটেল ডেস্ক: জনপ্রতিনিধি হৈ নামে-বেনামে অগাধ সম্পত্তিৰ গৰাকী হোৱা বুলি অভিযোগ উত্থাপন হোৱা দুলীয়াজানৰ তদানীন্তন বিধায়ক তেৰছ গোৱালাৰ উন্নয়নৰ নামত কৰা দম্ভ অহংকাৰ এইবাৰ মাটিৰ লগত মিহলাই দিছে সমষ্টিৰ ক্ষুব্ধ জনতাই। 

উল্লেখযোগ্য যে কেৱল পথ উন্নয়নৰ নামতে মুখ্যমন্ত্ৰীৰ ৬০০ কোটি টকাৰ পেকেজ লাভ কৰিও বাট-পথৰ উন্নয়ন কৰিব নোৱাৰা গোৱালাক ইতিমধ্যে সর্বকালৰ ব্যৰ্থ বিধায়ক আখ্যা দিছে স্থানীয় ৰাইজে। চাহ জনগোষ্ঠীৰ ট্ৰাম কার্ড ব্যৱহাৰ কৰি ৰাজপাট দখল কৰা বিধায়কগৰাকীৰ বিফলতাৰ উত্তৰ ৰাইজক দিব লগীয়া হৈছে দুলীয়াজানৰ এইবাৰৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে। 

জানিব পৰা মতে দুলীয়াজানত প্রার্থিত্ব লাভ কৰাৰ পিছতে দিনে-নিশাই নির্বাচনী প্ৰচাৰত ব্যস্ত হৈছে ৰামেশ্বৰ তেলী। সেইমৰ্মে প্ৰাৰ্থীগৰাকীয়ে আজি লেংৰাই ভেকোলাজান পঞ্চায়তৰ লেংৰাই তিনিকুৰীয়া গাঁৱৰ উদ্দীপনা সংঘত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল। অঞ্চলটোৰ এটা গুৰুত্বপূৰ্ণ পথক লৈ কিয় আজি পর্যন্ত পথটো নির্মাণ কৰা নহ'ল বুলি প্রশ্ন উত্থাপন কৰে প্ৰাৰ্থীগৰাকীক। কিংকর্তব্যবিমূঢ় হৈ প্রার্থীগৰাকীয়ে বিগত সময়ছোৱাত তেৰছ গোৱালা বিধায়ক হৈ আছিল বুলি বুজোৱাৰ চেষ্টা কৰে যদিও উত্তেজিত ৰাইজে বিগত সময়ছোৱাত আপুনি বিধায়ক, সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্য সভাৰ সাংসদ হৈ থকাৰ পিছতো এই পথছোৱা কিয় চকুত নপৰিল বুলি প্ৰশ্ন কৰে। ৰাইজৰ তীব্র প্রশ্নবাণত থৰ-কাছুটি হেৰুৱাই তেলীয়ে বিধায়ক হোৱাৰ পিছত ৰাইজে আৱেদন দিলে পথছোৱা কৰি দিব বুলি জনায় যদিও ৰাইজে ২০ বছৰে উন্নয়নৰ মুখ নেদেখা পথছোৱাক লৈ কোনো জনপ্রতিনিধিকে আবেদন নকৰে বুলি স্পষ্ট কৰি দিয়ে। একাংশ ক্ষুব্ধ ৰাইজে সভাস্থলীতে 'ৰামেশ্বৰ তেলী মুর্দাবাদ' ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। 

ইফালে ৰাইজৰ এনে ৰুদ্রমূর্তি দেখি প্রার্থীগৰাকীয়ে আধাতে সভা সামৰি উলটিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। মন কৰিবলগীয়া যে প্রার্থিত্ব লাভ কৰি দুলীয়াজান সমষ্টিত ভৰি দিয়েই ইতিমধ্যে সমষ্টিটোৰ ব্যাপক কাম তেৰছ গোৱালাৰ নেতৃত্বত সম্পন্ন হোৱা আৰু দুই-এটা কামহে কৰিবলৈ বাকী বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল তেলীয়ে। 

আনহাতে ৰাজ্য সভালৈ নিৰ্বাচিত হৈ তেৰছ গোৱালাই ৰামেশ্বৰ তেলীক জয়ী কৰাবলৈ সন্মুখৰ পৰা নেতৃত্ব দিব বুলি সদম্ভে ঘোষণা কৰিছিল। কিন্তু উন্নয়নৰ নামত সমষ্টিবাসীক কৰা প্ৰতাৰণাক সাৰথি হিচাপে গোৱালাই তেলীৰ সন্মুখত কেনেদৰে নেতৃত্ব দিব নিৰ্বাচনৰ প্ৰাকক্ষণত সেয়াও এতিয়া এক ডাঙৰ প্ৰশ্ন। ৰাইজৰ শাসক দলৰ প্ৰতি থকা ক্ষোভক বিৰোধীয়ে সমষ্টিটোত কেনেদৰে ভোটলৈ ৰূপান্তৰিত কৰে সেয়াও হ'ব অতি গুৰুত্বপূৰ্ণ।

Share This