সদনত বিত্ত মন্ত্রী, 'অৰুণোদয়'ৰ ধন শীঘ্রে বৃদ্ধি নহয়

dainik janambhumi July 15, 2026

ডিজিটেল ডেস্ক : নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে প্রতিশ্রুতি দিছিল যে দৰিদ্ৰ পৰিয়ালক প্ৰদান কৰি অহা অৰুণোদয় আঁচনিৰ ধন ১২৫০ টকাৰ পৰা ৩০০০ টকালৈ বৃদ্ধি কৰা হ'ব। মুখ্যমন্ত্ৰীৰ এই ঘোষণাই অৰুণোদয়ৰ হিতাধিকাৰীসকলক স্বাভাৱিকতেই অতি উৎফুল্লিত কৰি তুলিছিল। 

কিন্তু অৰুণোদয়ৰ ধন ৩ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ চৰকাৰৰ কোনো পৰিকল্পনা সদ্যহতে নাই বুলি কালি বিধানসভাত বিধায়ক ৰমাকান্ত দেউৰীৰ এক প্ৰশ্নৰ উত্তৰত জানিবলৈ দিয়ে বিত্ত বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। বিত্ত মন্ত্ৰীজনে কয় যে অৰুণোদয় আঁচনিৰ অধীনত প্ৰদান কৰা অনুদানৰ পৰিমাণ অধিক বৃদ্ধি কৰা বিষয়টো চৰকাৰে বাৰ্ষিক পুঁজিৰ স্থিতি আৰু আঁচনিৰ পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি পর্যায়ক্রমে পর্যালোচনা কৰিব। 

উল্লেখযোগ্য যে প্রথম পৰ্যায়ত অৰুণোদয়ৰ হিতাধিকাৰীৰ সংখ্যা ২৫ লাখ আছিল যদিও পৰৱৰ্তী সময়ত ২৭ লাখ আৰু এতিয়া ৩৯ লাখলৈ বৃদ্ধি পাইছে।

Share This