শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গোৱালপাৰা জিলা আৰক্ষী-প্ৰশাসন সম্পূৰ্ণৰূপে সাজু

Nikimoni Kachari March 21, 2026

ডিজিটেল ডেস্ক: অহা ৯ এপ্ৰিলত ৰাজ্যত বিধানসভা নিৰ্বাচন। শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গোৱালপাৰা জিলা আৰক্ষী-প্ৰশাসন সম্পূৰ্ণ সাজু হৈছে ৷ নিৰাপত্তাৰ ক্ষেত্ৰত আৰক্ষী সষ্টম হৈছে ৷

দুধনৈত গোৱালপাৰা জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুত বিকাশ বৰা ভূঞা, দুধনৈ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ সৈতে যৌথভাৱে পদযাত্ৰা কৰাৰ দৃশ্যই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে৷ 

জিলাখনত সুস্থ পৰিৱেশ, শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আৰক্ষীয়ে দিনে-নিশাই ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক পথ, উপ-পথ, অসম-মেঘালয় সীমান্তত চেকিং, তালাচীৰ ব্যৱস্থা কৰাৰ লগতে নৈসমূহত নদী আৰক্ষীয়ে বিশেষভাৱে পেট্ৰলিঙৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ 

ইফালে জিলাখনৰ চহৰ-নগৰ, গাঁৱে-ভূঞে, অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চল সমূহত আৰক্ষী, অৰ্ধসামৰিক বাহিনী, কমাণ্ডো জোৱান সকলে যুটীয়াভাৱ  পদযাত্ৰা কৰি নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তুলিছে ৷

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This