ৰাজ্যপাল.....
Kakali Deka
July 30, 2024
আজিৰ সম্পাদকীয়.....
ৰাজ্যপাল
ডিজিটেল ডেস্কঃ স্বৰাজোত্তৰ ইতিহাসত অসমৰ অষ্টমগৰাকী ব্যক্তি ৰাজ্যপাল পদত অধিষ্ঠিত হোৱাৰ কৃতিত্বৰ অধিকাৰী হ'ল। এই আঠগৰাকী ব্যক্তিৰ ভিতৰত ছগৰাকীয়েই ৰাজনৈতিক নেতা, বাকী ৰঞ্জিত শেখৰ মুছাহাৰী আৰু জ্যোতিপ্ৰসাদ ৰাজখোৱাহে প্রশাসনীয় পদাধিকাৰী আছিল। মুছাহাৰীয়ে এন এছ জি আৰু বি এছ এফৰ সঞ্চালক প্ৰধানৰ দৰে শীৰ্ষ পদত কাম কৰাৰ পিছত মেঘালয়ৰ ৰাজ্যপাল পদত কার্যনির্বাহ কৰাৰ সুযোগ পাইছিল। জ্যোতিপ্ৰসাদ ৰাজখোৱা আছিল আমাৰ ৰাজ্যৰ মুখ্য সচিব। কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰ প্ৰতিষ্ঠাৰ পাছত ৰাজখোৱাক অৰুণাচলৰ ৰাজ্যপাল ৰূপে নিযুক্তি দিয়া হৈছিল। আনহাতে, ৰাজ্যপাল পদত অধিষ্ঠিত হোৱা তিনিগৰাকী ৰাজনৈতিক নেতা আছিল আমাৰ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্রী ক্রমে বিষ্ণুৰাম মেধি, মহেন্দ্ৰ মোহন চৌধুৰী আৰু হিতেশ্বৰ শইকীয়া।
দুটা বেলেগ বেলেগ সময়ত বিহাৰৰ ৰাজ্যপাল হোৱা দেকান্ত বৰুৱা আৰু দেৱানন্দ কোঁৱৰৰ ৰাজনৈতিক জীৱন আৰু প্রতিপত্তি সম্পর্কে নতুনকৈ উল্লেখৰ প্রয়োজন নাই। সেই হিচাপত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ পৰিয়ালৰ এজন নিষ্ঠাবান সদস্য, জনসংঘৰ দিনৰ পৰা বিজেপিলৈ গভীৰ আন্তৰিকতাৰে হিন্দুত্ববাদী ৰাজনৈতিক শিবিৰটোত সেৱা আগবঢ়াই থকা দুবাৰৰ সাংসদ ৰমেন ডেকা এই পদলৈ নির্বাচিত হোৱাটো আমাৰ ৰাজ্যৰ ৰাজনৈতিক ইতিহাসৰ উল্লেখযোগ্য ঘটনা বুলিয়েই ক'ব লাগিব। ৰাজনীতিক হিচাপে যিকেইগৰাকী ব্যক্তি ৰাজ্যপাল হৈছে তেখেতসকলৰ ৰাজনৈতিক জীৱন যেনেকৈ বর্ণাঢ্য, বাজ্যপালৰূপেও প্রায় প্রত্যেকৰে ভালেমান উল্লেখযোগ্য দিশ আছে। ১৯৫৮ চনৰ পৰা ১৯৬৪ চনলৈ মাদ্রাজৰ ৰাজ্যপাল হৈ থকা বিষ্ণুৰাম মেধিক দক্ষিণ ভাৰতৰ সেই সমাজখনে যথেষ্ট আন্তৰিকতাবে আঁকোৱালি লৈছিল। পঞ্জাব বিশ্ববিদ্যালয়ত শ্রীমন্ত শংকৰদেৱ আসন প্রতিষ্ঠা হৈছিল মহেন্দ্র মোহন চৌধুৰীৰ প্ৰচেষ্টাত।
হিতেশ্বৰ শইকীয়াৰ মুখ্যমন্ত্রী হিচাপে যেনেকৈ অসমৰ জটিল সময়ত গুৰুত্বপূর্ণ ভূমিকা আছিল একেদৰে মিজো চুক্তি স্বাক্ষৰৰ পাছত লালডেংগাৰ আমোলৰ মিজোৰামৰ লেঃ গৱৰ্নৰ হিচাপে কৰা তেওঁৰ কাৰ্যনিৰ্বাহৰ সময়ছোৱাও আছিল উল্লেখযোগ্য। এনেকুৱা উদাহৰণবোৰৰ পাছত ৰমেন ডেকাই ছট্টিশগড়ৰ ৰাজ্যপাল ৰূপে কি ভূমিকা পালন কৰে সেয়া লক্ষণীয় হ'ব। নক্সালপন্থীৰ কাৰ্যকলাপে এতিয়াও জৰ্জৰিত কৰি ৰখা ৰাজ্যখনত চৰকাৰৰ লগতে ৰাজ্যপালগৰাকীৰো ভূমিকা যথেষ্ট থাকিব। ডেকাৰ বাবে সেই দায়িত্ব হ'ব ৰাজনৈতিক জীৱনৰ এক প্রত্যাহ্বান। আমাৰ দেশত ৰাজ্যপাল পদটো বহু সময়ত ৰাজনৈতিক সংস্থাপনৰ নিচিনা হয়। বহু প্রভাৱশালী ৰাজনীতিকক বিশেষ প্রয়োজনত ৰাজ্যৰ পৰা আঁতৰাই ৰাখিব লগা হ'লেও বাজ্যপালরূপে নিযুক্তি দিয়া দেখা যায়। অসমৰ ক্ষেত্ৰতো তেনে হৈছিল। বিষ্ণুৰাম মেধি অতি শক্তিশালী মুখ্যমন্ত্রী আছিল। পূর্ব বংগীয় অনুপ্রবেশকাবীক বিতাড়ন কৰিবলৈ মুখ্যমন্ত্রী মেধিয়ে কেতবোৰ কঠোৰ পদক্ষেপ গ্রহণ কৰিছিল। বিভিন্ন লেখাত পোৱা মতে, এই লৈয়ে প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ লগত মেধিৰ সংঘাতৰ সৃষ্টি হয় আৰু হঠাৎ তেওঁক মুখ্যমন্ত্ৰীৰ দায়িত্বৰ পৰা আঁতৰাই মাদ্রাজৰ ৰাজ্যপাল পতা হয়। মহেন্দ্র মোহন চৌধুৰীয়েও হঠাৎ মুখ্যমন্ত্ৰীৰ চকী হেৰুৱাব লগা হৈছিল, তাৰ পাছত তেওঁক স্থলাভিষিক্ত কৰা হৈছিল পঞ্জাবৰ ৰাজ্যপাল পদত। হিতেশ্বব শইকীয়া মিজোৰামৰ লেঃ গৱৰ্নৰ হ'বলগীয়া হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে ৰাজীৱ গান্ধীয়ে কৰা চুক্তিৰ পাছত কংগ্ৰেছ ক্ষমতাচ্যুত হোৱাৰ পৰিপ্ৰেক্ষিতত। ৰমেন ডেকা ৰাজ্যপালৰ বাছনিত উঠাটোও সাম্প্রতিক সময়ৰ এক ৰাজনৈতিক ঘটনাক্ৰমৰ ফল বুলি ধাৰণা কৰিব পাৰি।
দিন বাগৰাৰ লগে লগে অসমত নতুন আৰু পুৰণি বিজেপিৰ সংঘাত বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে। ক্ষমতাত নথকা দিনত যিসকলে অতি কষ্টবে, বহু প্রত্যাহ্বানৰ মাজত ৰাজ্যত বিজেপিৰ গেৰুৱা পতাকা উৰুৱাই আছিল তেওঁলোকৰ বেছিভাগেই অবহেলিত, উপেক্ষিত বুলি অভিযোগ উত্থাপিত হৈছে আৰু লোক সভাৰ নিৰ্বাচনৰ পাছত এই সংঘাতৰ মুকলি প্রকাশ ঘটিছে। কেইবাজনো পুৰণি নিষ্ঠাবান নেতাই ইতিমধ্যে বিজেপি ত্যাগ কৰিছে আৰু অন্য কেইবাজনেও শীঘ্রে দল ত্যাগ কৰিব বুলি বিভিন্ন মাধ্যমেৰে বাতৰি প্ৰকাশ হৈ আছে। প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, বিধায়ক মৃণাল শইকীয়া, প্রাক্তন বিধায়ক অশোক শৰ্মাৰ বিদ্ৰোহে দলটোক যথেষ্ট অস্বস্তিত পেলাইছে। এনে সময়তে প্রকাশ্যে অসন্তুষ্টি ব্যক্ত নকৰিলেও ভিতৰি ভিতৰি ক্ষুণ্ণ হৈ থকা ৰমেন ডেকাক ৰাজ্যপাল পদলৈ বাছনি কৰাটো তাৎপর্যপূর্ণ। উল্লেখযোগ্য যে দুদিন পূর্বে দেশৰ বিজেপি মুখ্যমন্ত্রী আৰু উপ- মুখ্যমন্ত্রীসকলক লৈ দিল্লীত অনুষ্ঠিত বৈঠকত প্রধানমন্ত্রীয়ে দিয়া ভাষণত দলৰ পুৰণি নেতা-কর্মীসকলক সন্মান কৰিবলৈ চৰকাৰৰ দায়িত্বত থকাসকলক সকীয়াই দিছিল। লোক সভাৰ নিৰ্বাচনত পুনৰ চৰকাৰ গঠনৰ ৰায় পালেও বিজেপিৰ শক্তি যথেষ্ট হ্রাস পোৱাৰ বাবে দলব শীর্ষ নেতৃত্ব উদ্বিগ্ন হোৱা স্বাভাবিক। গতিকে দীর্ঘ দিনলৈ ক্ষমতাত বর্তি থাকিবলৈ হ'লে হ্রাস পোৱা ভাবমূৰ্তিৰ পুনৰুদ্ধাৰ কৰাটো জৰুৰী।
পুৰণি বিজেপি নেতা-কর্মীসকলৰ অসন্তুষ্টি বাঢ়ি গৈ থাকিলে সেয়া সম্ভব নহ'ব বুলি নেতৃত্বই হয়তো উপলিব্ধ কৰিছে। এনে পৰিপ্ৰেক্ষিতত ৰমেন ডেকাক ৰাজ্যপালরূপে নিযুক্তি দি নেতৃত্বই পুৰণি নেতা-কর্মীসকলৰ প্রতি সম্মান প্রদর্শনৰ বাৰ্তা প্ৰেৰণ কৰা বুলি ভাবিব পাৰি।
Share This