ডিজিটেল ডেস্ক : চাকৰিৰ অনিশ্চয়তা আৰু হতাশাক ত্যাগ কৰি কৃষিকে জীৱনৰ নতুন পথ হিচাপে বাচি লৈ স্বাৱলম্বিতাৰ উজ্জ্বল দৃষ্টান্ত দাঙি ধৰিছে গোলকগঞ্জৰ লক্ষীমাৰি গাঁৱৰ উচ্চশিক্ষিত যুৱক মিজানুৰ ৰহমান সৰকাৰে। পূর্বে গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ত প্রায় ২৩-২৪ বছৰ ধৰি লাইব্রেৰিয়ান হিচাপে কৰ্মৰত আছিল মিজানুৰ ৰহমান সৰকাৰ। কিন্তু দীর্ঘদিন কৰ্ম কৰাৰ পিছতো চাকৰি নিয়মীয়া নোহোৱাত হতাশ নহৈ তেওঁ কৃষিকে জীৱনৰ নতুন দিশ হিচাপে গ্রহণ কৰে। দুবছৰ পূৰ্বে নিজৰ চাৰি বিঘা কৃষিভূমিত কলকাতা আৰু থাইলেণ্ডৰ পৰা উন্নতমানৰ মধুৰিআমৰ ১,৩০০টা পুলি আনি ৰোপণ কৰে। কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু আধুনিক কৃষি পদ্ধতিৰ প্ৰয়োগৰ ফলত আজি তেওঁৰ বাগিচাত উৎপাদিত মধুৰিআমে বজাৰত ব্যাপক সমাদৰ লাভ কৰিছে। বর্তমান প্রতিদিনে তেওঁ দুইৰ পৰা তিনি কুইণ্টল মধুৰিআম বিক্ৰী কৰি আছে।
ধুবুৰী, গৌৰীপুৰ, বিলাসীপাৰা, আগমনিৰ লগতে পশ্চিম বংগৰ বজাৰতো তেওঁৰ উৎপাদিত মধুৰিআমৰ বিশেষ চাহিদা আছে। প্রতি কিল'গ্রাম মধুৰিআমৰ বজাৰ মূল্য ৮০ টকাৰ পৰা ১০০ টকাৰ ভিতৰত। নিজে স্বাৱলম্বী হোৱাৰ লগতে মিজানুৰ ৰহমান সৰকাৰে নিজৰ খেতিত আঠৰ পৰা দহজন লোকক নিয়মীয়াকৈ কর্মসংস্থাপনো দিছে। তেওঁৰ এই সফলতাই অঞ্চলটোৰ বহু নিবনুৱা যুৱক-যুৱতীৰ বাবে নতুন প্ৰেৰণাৰ সৃষ্টি কৰিছে।
মিজানুৰ ৰহমান সৰকাৰে কয়, 'চাকৰিৰ পিছে পিছে বছৰ বছৰ ধৰি দৌৰি সময় নষ্ট কৰাৰ সলনি আধুনিক কৃষিৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰি। কৃষিত অসীম সম্ভাৱনা আছে। প্রয়োজন কেৱল ইচ্ছাশক্তি আৰু পৰিশ্ৰমৰ উচ্চশিক্ষিত এইজন ব্যক্তিৰ কৃষিভিত্তিক সফলতাৰ কাহিনীয়ে পুনৰ প্ৰমাণ কৰিলে যে মাটি আৰু পৰিশ্ৰম কৰা মানসিকতা থাকিলে কৃষিয়েই হ'ব পাৰে সফলতাৰ সেউজীয়া বিপ্লব।