গ'লপষ্টৰ সন্মুখত দুর্ভেদ্য প্ৰাচীৰ হৈ 'গীনিজ ৰেকৰ্ড' স্পেইনৰ গ'লৰক্ষকৰ

dainik janambhumi July 04, 2026

ডিজিটেল ডেস্ক : আমেৰিকা, কানাডা আৰু মেক্সিকোৱে যুটীয়াভাৱে আয়োজন কৰা ফিফা বিশ্বকাপৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত স্পেইনে স্থান নিশ্চিত কৰে 'ৰাউণ্ড অব্ ৩২'ত অষ্ট্ৰিয়াক ৩-০ গ'লৰ ব্যৱধানত পৰাজিত কৰি। ইয়াৰ লগে লগে স্পেইনৰ গ'লৰক্ষক উনাই ছিমোনে এক ইতিহাসৰো সৃষ্টি কৰে। 

বিশ্বকাপত স্পেইনৰ সুন্দৰ প্ৰদৰ্শনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ছিমোনে বৃহস্পতিবাৰৰ এই মেচখনত এক বিশ্ব অভিলেখৰ সৃষ্টি কৰে। এই অভিলেখৰ বাবে ছিমোনৰ নাম 'গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছ'তো অন্তর্ভুক্ত হয়। ছিমোনে এইবাৰৰ বিশ্বকাপ আৰু যোৱাবাৰৰ বিশ্বকাপ মিলাই মুঠ ৫খন মেচত গ'লবাৰৰ সন্মুখত এখন দুর্ভেদ্য প্ৰাচীৰৰ দৰে থিয় হৈ দলক বহু আক্ৰমণৰ পৰা ৰক্ষা কৰে। যাৰ ফলত এই পাঁচখন মেচৰ এখনতো স্পেইনৰ বিৰুদ্ধে এটাও গ'ল প্রতিদ্বন্দ্বী দলকেইটাই দিবলৈ সক্ষম হোৱা নাই। এইবাৰৰ বিশ্বকাপত তেওঁ গ্রুপ পর্যায়ত কেপ ভার্ডে, ছৌডি আৰব আৰু উৰুগুৱেৰ বিৰুদ্ধে মেচত এবাৰো বল নেটত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল। বৃহস্পতিবাৰৰ অষ্ট্ৰিয়াৰ বিৰুদ্ধে মেচখনতো তেওঁক অতিক্রম কৰি বল গ'লবাৰৰ তললৈ যাব পৰা নাছিল। 

আনহাতে যোৱা বাৰৰ বিশ্বকাপত স্পেইনে খেলা অন্তিমখন মেচতো নিৰ্ধাৰিত সময়ত গ'ল দিয়াত ব্যর্থ হৈছিল প্রতিপক্ষ। ইফালে বিশ্বকাপত স্পেইনৰ এই ২৪ বছৰীয়া গ'লৰক্ষকজন খেলপথাৰত ৫১৯ মিনিট দুর্ভেদ্য হৈ থাকি আন এক বিশ্ব অভিলেখ গঢ়ে। ইয়াৰ জৰিয়তে তেওঁৰ নাম গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছতো অন্তর্ভুক্ত হয়। ইয়াৰ যোগেদি তেওঁ বিশ্বকাপৰ ৩৬ বছৰীয়া অভিলেখ ভংগ কৰে। ইয়াৰ আগতে নিজৰ দলক প্রতিপক্ষৰ গ'লৰ পৰা সৰ্বাধিক সময় ৰক্ষা কৰি অহাৰ অভিলেখৰ গৰাকী আছিল ইটালিৰ মহান গ'লৰক্ষক ৱাল্টাৰ জেংগাৰ। জেংগাই ১৯৯০ চনৰ বিশ্বকাপত এই অভিলেখ গঢ়িছিল। 

জেংগাই নিজৰ দেশত অনুষ্ঠিত হোৱা বিশ্বকাপত ইটালিৰ বিপক্ষে ৫১৯ মিনিট গ'ল হ'বলৈ দিয়া নাছিল। ইয়াৰ লগতে তেৱোঁ একেৰাহে পাঁচখন মেচত ইটালিৰ বিপক্ষে গ'ল হোৱাৰ পৰা দলক ৰক্ষা কৰিছিল। ছিমোনে চলিত বিশ্বকাপত ৩৬০ মিনিট আৰু যোৱা বিশ্বকাপত ১৫৯ মিনিট দলক গ'লৰ পৰা বচায়। বিশ্বকাপত তেওঁ প্রতিহত কৰি স্পেইনৰ বিৰুদ্ধে অন্তিমটো গ'ল দিছিল যোৱা বিশ্বকাপত জাপানৰ এও তনাকাই। ইফালে অষ্ট্ৰিয়াৰ বিৰুদ্ধে মেচখনত তেওঁ স্পেইনৰ মহান গ'লৰক্ষক ইকৰ কেছিয়াছৰ অভিলেখ ভংগ কৰে। কেছিয়াছে ২০১০ আৰু ২০১৪ চনৰ বিশ্বকাপত স্পেইনৰ বাবে সর্বাধিক সময় ক্লীনশ্বিটৰ অভিলেখ গঢ়িছিল। মন কৰিবলগীয়া দিশটো হ'ল বৃহস্পতিবাৰৰ মেচখনত স্পেইনৰ গ'ল প'ষ্টত অষ্ট্ৰিয়াৰ এটাও 'শ্বট অন টার্গেট' লগা নাছিল। ফলত তেওঁ এবাৰো গ'ল বচোৱাৰ প্ৰয়োজন হোৱা নাছিল। সমগ্র মেচখনত অষ্ট্ৰিয়াই মাত্ৰ চাৰিবাৰহে সঠিক শ্বট মাৰিছিল, কিন্তু এবাৰো সফল নহ'ল। অৱশ্যে উনাই ছিমোন স্পেইনৰ আটাইতকৈ উজ্জ্বল তাৰকা খেলুৱৈ নহয়, কিন্তু দলটোৰ শক্তিশালী ডিফেন্সৰ পাছত তেওঁ এখন অভেদ্য প্ৰাচীৰৰ দৰে হৈ পৰিছে। 

মন কৰিবলগীয়া যে স্পেইনৰ মূল একাদশত গ'লৰক্ষক স্থান পূৰোৱাৰ বাবে তীব্র প্রতিদ্বন্দ্বিতা হোৱা দেখিবলৈ পোৱা যায়। ইউৰোপৰ শক্তিশালী ক্লাব আছেনালৰ হৈ দুবাৰ গ'ল্ডেন গ্ল'ভচ বঁটা জয় কৰা তথা চলিত বছৰত গানাৰ্ছক চেম্পিয়ন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ৰায়াই দলৰ ৰিজার্ভ খেলুৱৈৰ তালিকাতহে স্থান পাইছে। ইফালে বাৰ্চিলোনাৰ হৈ খেলা আৰু বৰ্তমান বিশ্বৰ অন্যতম সর্বশ্রেষ্ঠ তৰুণ গ'লৰক্ষক গাছিয়ায়ো এতিয়া বিশ্বকাপৰ খেলহে চাবলগীয়া হৈছে।

Share This