ডিজিটেল ডেস্কঃ বলিউডৰ অভিনেতা ছলমান খানৰ বাবে এক স্বস্তিদায়ক খবৰ। পান মছলাৰ এটা বিজ্ঞাপনক লৈ সৃষ্টি হোৱা আইনী মেৰপাকত ৰাজস্থান উচ্চ ন্যায়ালয়ে অভিনেতাগৰাকীক সাময়িক সকাহ প্ৰদান কৰিছে। নিম্ন আদালতে তেওঁৰ বিৰুদ্ধে জাৰি কৰা জামিনযোগ্য ৱাৰেণ্টৰ কাৰ্যকৰীকৰণত উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে।
বিবাদৰ সূত্ৰপাত হৈছিল 'ৰাজশ্ৰী পান মছলা'ৰ এটা বিজ্ঞাপনক লৈ। যুগেন্দ্ৰ সিং নামৰ এজন ব্যক্তিয়ে জয়পুৰৰ জিলা গ্ৰাহক বিবাদ নিষ্পত্তি আয়োগত এখন আবেদন দাখিল কৰিছিল। অভিযোগ অনুসৰি, বিজ্ঞাপনটোত সামগ্ৰীটোত 'কেশৰ' থকা বুলি কৰা দাবীটো সম্পূৰ্ণ মিছা আৰু ই গ্ৰাহকক বিপথে পৰিচালিত কৰে।
এই সন্দৰ্ভত আদালতে ছলমান খানক কেইবাবাৰো চমন জাৰি কৰিছিল যদিও তেওঁ আদালতত উপস্থিত হোৱা নাছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা গ্ৰাহক আদালতে অভিনেতাগৰাকীৰ বিৰুদ্ধে ১০,০০০ টকাৰ জামিনযোগ্য ৱাৰেণ্ট জাৰি কৰিছিল।
উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ
জিলা আদালতৰ এই নিৰ্দেশৰ বিৰুদ্ধে ছলমান খানে ৰাজস্থান উচ্চ ন্যায়ালয়ত আবেদন জনায়। শুনানিৰ সময়ত ছলমান খানৰ অধিবক্তাই যুক্তি দৰ্শায় যে
বিজ্ঞাপনটো আচলতে পান মছলাৰ নহয়, বৰঞ্চ 'মাউথ ফ্ৰেছনাৰ' (ছিলভাৰ কোটেড ইলাচী)ৰহে আছিল।
এজন অভিনেতা হিচাপে তেওঁ কেৱল চুক্তিবদ্ধ কামহে কৰিছিল, ইয়াৰ বাবে তেওঁক পোনপটীয়াকৈ জগৰীয়া কৰিব নোৱাৰি।
ন্যায়াধীশ অনুৰূপ সিংঘীৰ বিচাৰপীঠে সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰি জিলা গ্ৰাহক আয়োগে জাৰি কৰা ওৱাৰেণ্টখন স্থগিত ৰাখে। ইয়াৰ উপৰি, পূৰ্বে বিজ্ঞাপনটো বন্ধ কৰিবলৈ দিয়া নিৰ্দেশৰ ওপৰতো ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে।
এই ৰায়ৰ ফলত ছলমান খানে বৰ্তমানৰ বাবে আদালতত হাজিৰ হোৱাৰ পৰা ৰেহাই লাভ কৰিছে। অৱশ্যে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন এতিয়াও ঘোষণা কৰা হোৱা নাই।
উৎস: প্ৰাগ নিউজ ডিজিটেল