ডিজিটেল ডেস্ক: ভক্তি আৰু আনন্দৰ সমাহাৰ দৌল উৎসৱলৈ আৰু মাত্ৰ কেইটামান ক্ষণ বাকী। আধ্যাত্মিকতা, কৃষ্ণপ্রেম আৰু কৃষ্ণ বন্দনাৰে সিক্ত দৌল মহোৎসৱ আজিৰ পৰা পাঁচ দিনীয়াকৈ পালন কৰা হ'ব সত্ৰনগৰী বৰপেটাত। বৰপেটাৰ প্ৰাণৰ উৎসৱ তথা বৰপেটাৰ জনজীৱনৰ আয়ুসৰেখা স্বৰূপ দৌল মহোৎসৱৰ প্রাক্ক্ষণত হোলী গীতৰ সুৰৰ মূর্ছনাৰে কালি মুখৰ হৈ পৰে সত্ৰনগৰী বৰপেটাৰ আকাশ-বতাহ।
বিভিন্ন জনজাতীয় জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ লগতে বৰপেটা আৰু ভিন্ন প্ৰান্তৰ পৰা অহা হোলী গীতৰ দলসমূহে পৰিৱেশন কৰা হোলী গীতৰ সুৰত প্রাণচঞ্চল হৈ পৰে সত্ৰনগৰী বৰপেটাৰ ৰাজপথ। এক কথাত ক'বলৈ গ'লে সাংস্কৃতিক মিলনভূমিত পৰিণত হয় সত্ৰনগৰী বৰপেটা। মহাআনন্দময় দৌল উৎসৱৰ প্রাকক্ষণত কালি বৰপেটা সাংস্কৃতিক মঞ্চৰ উদ্যোগত উলিওৱা 'বর্ণিল বসন্ত' শীর্ষক বিশাল সাংস্কৃতিক শোভাযাত্রাত বর্ণময় হৈ উঠে সত্ৰনগৰী বৰপেটাৰ পৰিৱেশ।
উল্লেখযোগ্য যে বৰপেটাৰ দৌল উৎসৱক বিশেষ মাত্রা প্রদানৰ লক্ষ্যৰে আৰু অসমৰ লগতে চুবুৰীয়া ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীক এই উৎসৱৰ আনন্দৰ অংশীদাৰ কৰাৰ উদ্দেশ্যে দুবছৰ আগতে অর্থাৎ ২০২৪ বর্ষত দৌল মহোৎসৱৰ এদিন পূর্বে প্রথমবাৰৰ বাবে বৰপেটা সাংস্কৃতিক মঞ্চই আয়োজন কৰিছিল 'বর্ণিল বসন্ত' শীর্ষক বিশাল সাংস্কৃতিক শোভাযাত্রাৰ। এই ধাৰা অক্ষুণ্ণ ৰাখি তৃতীয় বাৰৰ বাবে উলিওৱা হয় বিশাল সাংস্কৃতিক শোভাযাত্রা।
পৰমপুৰুষ শ্রীকৃষ্ণৰ দৌল মহোৎসৱৰ লগত সংগতি ৰাখি বৰপেটা সাংস্কৃতিক মঞ্চৰ এই মহা আয়োজনত আনন্দত উদ্বাউল হৈ পৰে সমগ্র বৰপেটাবাসী। কালি পুৱাৰ পৰা বৰপেটা বিলৰটাৰীহাটীৰ ঐতিহ্যমণ্ডিত ৰাখাল থানৰ চৌহদত সমবেত হয় হোলী গীতৰ দলসমূহৰ লগতে বিভিন্ন অঞ্চলৰ পৰা অহা বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহ। ইয়াৰ পাছতে ৰাখাল থানৰ চৌহদতে অনুষ্ঠিত হয় শোভাযাত্রা উদ্বোধনী অনুষ্ঠান আৰু স্মৰণিকা উন্মোচনী অনুষ্ঠান। অনুষ্ঠানটোত বিশিষ্ট লেখক ড° বিৰিঞ্চি কুমাৰ দাসে মৃণাল পি জ্যোতি দাসৰ সম্পাদনাত প্রকাশ কৰি উলিওৱা স্মৰণিকা উন্মোচন কৰে।
কালিৰ এই শোভাযাত্রাত বৰপেটা সত্রৰ বুঢ়া সত্ৰীয়া ড° বাবুল চন্দ্র দাস, সুন্দৰীদিয়া সত্ৰৰ অধিকাৰ নির্মল অধিকাৰী, পাটবাউসী সত্রৰ অধিকাৰ ভাস্কৰজ্যোতি গোস্বামী প্রমুখো বিভিন্ন প্রান্তৰ পৰা অহা বহুসংখ্যক ভকতে অংশগ্রহণ কৰে। শোভাযাত্রাৰ পূর্বে আশিস বচন দিয়ে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড° বাবুল চন্দ্র দাসে। অনুষ্ঠানত সত্ৰনগৰী বৰপেটাৰ সহস্রাধিক পুৰুষ-মহিলাই অংশগ্রহণ কৰে। ইয়াৰ পাছতে আৰম্ভ হয় বর্ণিল বসন্ত শীর্ষক বিশাল সাংস্কৃতিক শোভাযাত্রা।
শোভাযাত্রা উদ্বোধন কৰে বৰপেটা সত্ৰৰ বু্ঢ়া সত্রীয়া বাবুল চন্দ্র দাসে। এই শোভাযাত্রাত অসমীয়া হোলী গীতৰ দলৰ লগতে ৰাজ্যখনৰ বড়ো, ৰাভা, কোচ ৰাজবংশী, বঙালী আদিকে ধৰি বিভিন্ন জাতি আৰু জনগোষ্ঠীয় ভাষাৰ হোলী গীতৰ শিল্পীদলে অংশগ্রহণ কৰে।
শোভাযাত্রাত বুঢ়াগোসাঁই পুৰুষ হোলী দল, কৃষ্টি সমন্বয় দল, বুঢ়াগোসাঁই মহিলা হোলী দল, বৃহত্তৰ ওজা বংশ মহিলা হোলী দল, বিলৰটাৰীহাটী মহিলা দল, কৈহাটীৰ মোহন ভাৱৰীয়া ঢুলীয়া, ৰাখাল সংঘ মহিলা হোলী দল, বিলৰটাৰীহাটী, শংকৰ-মাধৱ মিলিজুলি হোলী দল, বিলটাৰীহাটী যুৱকবৃন্দ, মটাবৰীৰ শিৱশংকৰ হোলী দল, তাঁতীকুছি শিশু সাংস্কৃতিক দল, ওদালগুৰিব ভেনগাঁৱৰ ৰাভা সাংস্কৃতিক দল, বৰপেটাৰোড আঞ্চলিক মহিলা সমিতি দল, কৃষ্টি সমন্বয় দল আদিকে ধৰি ৮০ টাৰো অধিক দলে অংশগ্রহণ কৰে।
শোভাযাত্রাটো স্থানীয় ৰাখালথান খেলপথাৰৰ পৰা আৰম্ভ হৈ বৰপেটা সত্ৰৰ দালান চৌহদেৰে কে কে ৰোড স্পর্শ কৰি বৰবজাৰৰ পাঁচআলি পইন্ট হৈ আমবাৰীহাটী হৈ পুনৰ ৰাখাল থান খেলপথাৰত উপস্থিত হোৱাৰ লগে লগে এই কাৰ্যসূচীৰ সামৰণি পৰে। এই বিশাল শোভাযাত্রাত অংশগ্রহণ কৰা প্রতিটো সাংস্কৃতিক দলে হোলী গীত পৰিৱেশন কৰি আপ্লুত কৰি তোলে সমগ্র বৰপেটাবাসীক।
বৰপেটা চহৰৰ আকাশ-বতাহ নিনাদিত কৰি ৰঙীণ কৰি তোলা এই দৃশ্য চাবলৈ পথৰ দুয়োকাষে সমবেত হয় অগণন পুৰুষ-মহিলা। ইপিনে, শোভাযাত্রাৰ পূর্বে বৰপেটাৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিক ক্রমে বর্ণিল বসন্ত সত্র সৌৰভ বঁটা, বর্ণিল বসন্ত সংস্কৃতি সাধক বঁটা আৰু বর্ণিল বসন্ত হোলীপ্রাণ বঁটা প্রদান কৰা হয়। এইবাবৰ 'বর্ণিল বসন্ত সত্র সৌৰভ বঁটা' প্রদান কৰা হয় সত্ৰীয়া সাংস্কৃতিক শিল্পী বিজয় বায়নক। একেদৰে প্রয়াত অতুল গোস্বামী দেৱৰ স্মৃতিত 'বর্ণিল বসন্ত সংস্কৃতি সাধক বঁটা' প্রদান কৰা হয় সাংস্কৃতিক শিল্পী নকুল দাসক।
আনহাতে, সাংস্কৃতিক শিল্পী প্রমথ ৰঞ্জন দাস (কণ্ঠী)ক প্রয়াত প্রসন্ন বায়নৰ স্মৃতিত 'বর্ণিল বসন্ত হোলীপ্রাণ বঁটা' প্রদান কৰা হয়। শোভাযাত্রাত চলচ্চিত্র প্রয়োজক কুশান চৌধুৰী, সাংস্কৃতিক মঞ্চৰ দেবাদীপ দাস, মুখ্য সম্পাদক সঞ্জীৱ দাস, সদৌ অসম উকীল সন্থাৰ সম্পাদক দীপক কুমাৰ দাস, বৰপেটাৰ প্রাক্তন বিধায়ক গুণীন্দ্র নাথ দাসৰ লগতে সমূহ বিষয়ববীয়াই অংশগ্রহণ কৰে।