পবিত্ৰ ভাদ মাহ আৰম্ভ! হৰিনামৰ ধ্বনিৰে মুখৰিত অসমৰ আকাশ-বতাহ, সত্ৰ-নামঘৰ

Jyoti Borah August 19, 2023

ডিজিটেল ডেস্কঃ আজিৰে পৰা হৰি নামৰ অমল ধ্বনিৰে মুখৰিত হ'ব আকাশ বতাহ। ঐতিহ্য পৰম্পৰা ৰক্ষাৰ মাজেৰে উদযাপন কৰা হব পবিত্ৰ ভাদ মাহৰ গোপিনীৰ নাম আৰু ভকত বৈষ্ণৱৰ নাম-প্ৰসঙ্গৰ অনুষ্ঠান। মহাপুৰুষ দুজনা গুৰু শঙ্কৰ মাধৱৰ তিৰোভাৱ তিথি, শ্ৰী শ্ৰী কৃষ্ণৰ জন্মোৎসৱ , নন্দ উৎসৱ আৰু বৈকুন্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ চৰ্চা পৃথিৱীত এই ভাদ মাহতে আৰম্ভণি ঘটিছিল সেয়ে ভাদ মাহ আমাৰ প্ৰতিজন ভকত বৈষ্ণৱৰ বাবে বৰ আপোন।

ভাদ মাহৰ ৰোহিনী নক্ষত্ৰৰ অষ্টমী তিথিত শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱ হৈছিল। ইফালে অসমত একশৰণ নামধৰ্মৰ বীজ ৰোপণ কৰা শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ সোঁহাত স্বৰূপ মাধৱদেৱো এই পবিত্ৰ ভাদ মাহৰ লগত জড়িত। কাৰণ ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগতে তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱৰো তিৰোভাৱ তিথি। সেয়ে এই ভাদ মাহ প্ৰতিজন অসমীয়াৰে অতি পবিত্ৰ মাহ। অসমৰ প্ৰতিখন সত্ৰ, আৰু প্ৰতিটো নামঘৰতে আজি পহিলা ভাদৰ পৰা মাহৰ শেষলৈকে চলি থাকিব হৰি নামৰ শ্ৰৱণ কীৰ্তন। গোপিনী নাম, হৰিনাম, দিহানামেৰে মুখৰিত হ'ব প্ৰতিটো নামঘৰ।  অষ্টমী তিথিত পালন কৰা হ'ব ভগৱান শ্ৰীকৃষ্ণৰ জন্ম তিথি অৰ্থাৎ জন্মাষ্টমী। শ্ৰীকৃষ্ণৰ জন্মমাহ হোৱা হেতুকেই এই মাহটো হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয়। 

গুৰুজনাৰ জন্মস্থান বটদ্ৰবাত কালিৰে পৰাই পৰম্পৰাগত ওঠৰ প্ৰসঙ্গৰে নাম ৰখা কাৰ্য্যসূচী হাতত লোৱা হৈছে। ভাদমাহৰ ওঠৰ প্ৰসঙ্গৰ  নাম ৰখা সকলো কাৰ্য্যসূচী ঐতিহ্যময় পৰম্পৰাৰ আধাৰত হ'ব। শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে শ্ৰী শ্ৰী নৰোৱা আৰু শ্ৰী শ্ৰী শলগুৰি এই দুই সত্ৰৰ ভকত বৈষ্ণৱ সকলৰ উপৰিও গায়ন ,বায়ন, সূত্ৰধাৰ, নাম লগোৱা, পাঠক, দেউৰী, মুক্তিয়াৰ সকলৰ সম্পূৰ্ণ   সহযোগত ঐতিহ্যময় পৰম্পৰাৰ ধাৰাবাহিকতা ৰক্ষা কৰি অনুষ্ঠিত কৰিব ভাদ মাহৰ সকলো ধৰ্মীয় অনুষ্ঠান। ইতিমধ্যে স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভকতসকলে পৰিৱেশ নিকা কৰি তুলিছে। পুৱতি নিশাৰ পৰা আৰম্ভ হোৱা ভাদ মাহৰ স্বকীয় তথা মৌলিক প্ৰসঙ্গ সমূহে গুৰুজনাৰ পবিত্ৰ জন্মভূমিৰ সত্ৰ কৃষ্টিৰ বৈভৱময় পৰিৱেশ গৰিমামণ্ডিত ৰূপত উজ্বলাই ৰাখিছে। বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে ভাদ মাহ পালনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। 

পহিলা ভাদৰ পৰাই আৰম্ভ হ'ল গোলাঘাটৰ ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ ভাদমাহৰ নাম সমাৰোহ।পুৱাৰে পৰা ভকত বৈষ্ণৱৰ সোঁত বৈছে নামঘৰলৈ। 

মাধৱদেৱ স্থাপিত ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰতো পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অগনন ভকত বৈষ্ণৱৰ ভিৰ। অক্ষয় বন্তিৰ ওচৰত ধূপ-দীপ, নৈবেদ্য আগবঢ়াই পৰিয়ালৰ মংগল কামনাৰে নেদেখা জনৰ ওচৰত আশিষ লৈছে ভক্তপ্ৰাণ ৰাইজে। হৰিনামৰ ধ্বনিত দ্বিতীয় বৈকুণ্ঠলৈ ৰূপান্তৰিত হৈছে ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ

ৰাজ্যৰ প্ৰায় প্ৰতিঘৰত আজিৰ পৰা অনন্য পৰিৱেশ দেখিবলৈ পোৱা গৈছে। ঘৰখনৰ অপায়-অমংগল দূৰ কৰাৰ প্ৰাৰ্থনা কৰি সকলোৱে ভকত-বৈষ্ণৱৰ ওচৰত মূৰ দোৱাই আশিস ল'ব। হয়তো এভাগি শৰাই দিব কোনোৱে এগছি বন্তি। ভাদ মাহ মানেই নামঘৰমুখী যাত্ৰা। জাতীয় সাজযোৰ পৰিধান কৰি সকলোৱে ওলাই যায় নামঘৰ সত্ৰলৈ বুলি। এই পবিত্ৰ ভাদ মাহে সমাজখনক একতাৰ এনাজৰীৰে বান্ধি ৰাখক সেয়াই কামনা।

Share This