ভাবমূর্তি...

Digital desk July 18, 2024

ডিজিটেল ডেস্কঃ  আমেৰিকাৰ কোটিপতি, সমাজসেৱক ৱাৰেন বাফেটে কৈছিল- 'আমাৰ অসাধাৰণ সৌভাগ্যৰ বাবে আমি অপৰাধী নহয় বা আমি অপৰাধবোধতো নোভোগো। বৰঞ্চ কৃতজ্ঞহে। কিয়নো আমি মানুহৰ সেৱাৰ বাবে আজি দান কৰিব পাৰিছোঁ। যদি আমি দান কৰিব নোৱাৰিলোঁহেঁতেন তেতিয়াহ'লে সুখো কোনোদিন নেদেখিলোঁহেঁতেন।'

 

২০১০ চনত 'দ্য গিভিং প্লেজ' স্থাপন কৰাৰ সময়ত বাফেটে কোৱা এই বক্তব্যৰ অৰ্থ এয়াই আছিল যে তেওঁ ধন উপাৰ্জন কৰি যিমান সুখ লাভ কৰিছিল তাতোতকৈ অধিক সুখ লাভ কৰিছে জনতাৰ বাবে দান কৰি। বাফেটে নিজৰ ৯৯ শতাংশতকৈ অধিক সম্পত্তি দানৰ লক্ষ্য বান্ধি লৈছে আৰু ইয়াৰ অভিযান অব্যাহত ৰাখিছে। এতিয়ালৈকে তেওঁ ৪২.৮ বিলিয়ন ডলাৰতকৈ অধিক দান কৰিছে স্বাস্থ্য আৰু দাৰিদ্র্য নিৰাময়ৰ ক্ষেত্রত। ইয়াৰদ্বাৰা এফালে যিদৰে বাফেটে মানসিক সুখ অর্জন কৰিছে, আনফালে সমাজতো তেওঁৰ ভাবমূর্তি-ব্যক্তিত্ব উদ্ভাসি উঠিছে। সাধাৰণতে এজন ব্যক্তিৰ বক্তিত্ব উদ্ভাসি উঠে তেওঁৰ কৰ্মৰ দ্বাৰা। যেতিয়া তেওঁৰ কৰ্মৰাজি সমাজৰ মংগলৰ নিমিত্তে হয় অথবা আদর্শ আৰু অনুকৰণীয় হয়, তেতিয়া ব্যক্তিজন জীবন কালতে নমস্য- স্মৰণীয় হৈ পৰে। কেবল সেয়াই নহয়, যুগে যুগে তেনে ব্যক্তিক মানুহে শ্রদ্ধাবে সুঁৱৰে, জীৱন বাটত তেওঁৰ কৰ্ম আৰু আদৰ্শক সাৰথি কৰি লয়। প্রশ্ন হ'ব পাৰে- কি এই কর্মাদর্শ আৰু ইয়াক কেনেকৈ আয়ত্ত কৰিব পাৰি?

 

প্রকৃতপক্ষে কর্মাদর্শ কোনো এক নির্দিষ্ট পৰিধিৰ মাজত সীমাবদ্ধ বস্তু নহয়। সেইদবে ইয়াক নির্দিষ্ট সংজ্ঞাৰেও সজ্ঞায়িত কৰিব নোৱাৰি। হওঁতে এনে কর্মাদর্শ ব্যাৱসায়িক ক্ষেত্ৰতো হ'ব পাৰে, কিম্বা চিকিৎসা-বিজ্ঞান-সামাজিক ক্ষেত্ৰতো হ'ব পাৰে। মাত্ৰ ইয়াৰ সৈতে মানুহৰ কল্যাণৰ বিষয়টো জড়িত হৈ থাকিব লাগিব, অর্থাৎ ই মানৱকুলৰ হিতার্থে উছর্গিত হ'ব লাগিব। উদাহৰণস্বৰূপে হিপ'ক্রেছে ঔষধৰ ব্যৱহাৰেৰে ৰোগ নিৰাময়ৰদ্বাৰা যি আধুনিক চিকিৎসাৰ সূচনা কৰি গ'ল সেই কথা পৃথিৱী থকালৈকে মানৱ সমাজে সুঁৱৰি থাকিব। সেইদৰে বৈদ্যুতিক বাল্ব আবিষ্কাৰেৰে টমাছ আলভা এডিছন, দূৰদৰ্শন আবিষ্কাৰেৰে জন লগী বেয়ার্ডে আগবঢ়াই যোৱা অৱদানকো মানৱ সমাজে সভ্যতাৰ উত্তৰণৰ সাৰথি কৰি লৈছে। তদুপৰি সমাজসেৱা-মানুহৰ মংগলৰ হকে অহোপুৰুষাৰ্থ কৰি যোৱা জেন আডাম্‌ৰ পৰা মেৰী এলান বিকমণ্ডলৈ, আইজাক এছিমভৰ পৰা জন ডিউলৈ, মাদাৰ টেৰেছাৰ পৰা মহাত্মা গান্ধীলৈ অলেখ মহান উদাহৰণ এইখন বিশ্বতে আছে, যি যুগে যুগে মানুহৰ সম্বল-সংগী হৈ ৰৈছে। আমি আমেৰিকাৰ ঔদ্যোগপতি বিল গেটছৰ কথাও ক'ব পাৰো। তেওঁ নিজা কষ্ট-ত্যাগ-অধ্যৱসায়ৰ বলত কোটিপতি হৈছে। কিন্তু তেওঁৰ উপাৰ্জনৰ সমুদায় নিজে উপভোগ কৰা নাই। বিল গেটছ আৰু তেওঁৰ পত্নী মেলিন্ডা গেটছে এতিয়ালৈকে উপাৰ্জনৰ ২৯.৮ বিলিয়ন ডলাৰ সমাজৰ বাবেই আগবঢ়াইছে। তদুপৰি তেওঁলোকে গঠন কৰা 'দ্য বিল এণ্ড মেলিন্ডা গেছ ফাউণ্ডেশ্যন'-এ এ আমেৰিকা আৰু উন্নয়নশীল দেশসমূহত দৰিদ্রতা নির্মূল আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত কাম কৰি আছে। গেছ ফাউণ্ডেশ্যনলৈ বছৰি ২ৰ পৰা ৩ বিলিয়ন ডলাৰ উপহাৰ- অনুদান হিচাপে আগবঢ়ায় বাৰেন বাফেটে।

 

আমাৰ ভাৰতবৰ্ষতো সুধা মূর্তিব দবে ব্যক্তিয়ে কোটিপতি হৈও সাধাৰণ জীৱন যাপন কৰি আদৰ্শ দেখুৱাইছে। এগৰাকী জনপ্রিয় লেখিকা হিচাপেও পরিচিত মূর্তি নাৰী সবলীকৰণ, অনাথ আশ্রম, বাজহুৱা পৰিষ্কাৰ-পৰিচ্ছন্নতা, বিদ্যালয়ক কম্পিউটাৰ আৰু পুথিভঁৰাল প্রদান, দুর্যোগকালীন সাহায্য প্রদান, দবিদ্রতা দূৰীকৰণ আদি কামৰ সৈতেও জড়িত। শেহতীয়াকৈ তেওঁ কর্ণাটকৰ বানপানীত ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ পুনৰ সংস্থাপনত ২৫ কোটি টকা ব্যয় কৰিছে। আনহাতে ৰতন টাটাৰ কথাও উনুকিয়াব পাৰি। এইগৰাকী মহান ব্যক্তি নিজ কাম-কাজৰদ্বাৰা জনগণৰ হৃদয়ে হৃদয়ে ইতিমধ্যেই সোমাই পৰিছে। প্রধানতঃ গ্রাম্য বিকাশ, শিক্ষা, স্বাস্থ্যৰ ক্ষেত্ৰত সদাই গুৰুত্ব দিয়া টাটাই বছৰি হাজাৰ হাজাৰ যুৱক- যুৱতীক দক্ষতাসম্পন্ন কৰি সংস্থাপনৰ ব্যৱস্থা কৰি আহিছে। শেহতীয়াকৈ তেওঁ অসম চৰকাৰৰ সৈতে মিলি ৰাজ্যৰ ৭৭টা প্রতিষ্ঠানক চেণ্টাৰ ফৰ এক্সেলেঞ্চ হিচাপে গঢ়াৰ সিদ্ধান্ত লৈছে। তদুপৰি অসম তথা উত্তৰ-পূবত বৃদ্ধি পাই অহা কৰ্কট ৰোগ নিৰাময়ৰ বাবে জিলাই জিলাই চিকিৎসালয় স্থাপন কৰি যি আদর্শ দেখুৱাইছে তাৰ সৈতে কাৰোবে তুলনা নহয়। ১০০ বৃহৎ প্রতিষ্ঠানৰ অংশভুক্ত এটা বৃহৎ গোটৰ মুৰব্বী হৈও আজি স্বকীয় ভাবমূর্তিৰে প্রোজ্জ্বল এক 'ৰত্ন'ত পৰিণত ৰতন টাটা। এছিয়াৰ আটাইতকৈ ধনী আম্বানি পৰিয়ালৰ নীতা আম্বানিয়েও কেতবোৰ জনকল্যাণমূলক কামৰদ্বাৰা ৰাইজৰ মাজত সোমাইছিল। তেওঁ 'বিলায়েন্স ফাউণ্ডেশ্যন' প্রতিষ্ঠা কৰি মাত্র ৯ বছৰত ১০,৫০০ গাঁও, ৫০খন চহৰৰ ১ কোটি ২০ লাখৰো অধিক লোকক সামাজিক আৰু অর্থনৈতিকভাবে সবলীকৰণৰ পদক্ষেপ লৈছিল, লাখ লাখ অভাবগ্রস্ত শিশুক শিক্ষা দিয়া, ক্রিকেটৰ পৰা কাবাদীলৈকে তৃণমূল পর্যায়ৰ ক্ৰীড়া, দৰিদ্ৰ কৃষকৰ জীৱিকা নিশ্চিত কৰা আদি পদক্ষেপৰ উপৰি তেওঁ 'এডুকেশান ফৰ অল', 'ভাৰত ইণ্ডিয়া জোড়ো'ৰ দৰে সমাজ সংস্কাৰৰ অভিযানৰো নেতৃত্ব দিছিল। কিন্তু শেহতীয়া বিশ্বব আটাইতকৈ দীঘলীয়া, ব্যয়বহুল আৰু বিলাসবহুল বিয়াখনে যেন সমগ্র আম্বানি পৰিয়ালটোৰ ভাবমূর্তিকে লাঘব কৰিছে। দেশে-বিদেশে সমালোচিত হোৱা এই বিয়াখনত প্রায় ৫,০০০ কোটি টকা (৬০০ মিলিয়ন ডলাৰ) ব্যয় কৰা হৈছে, যি ভাৰতৰ কোটি কোটি দৰিদ্ৰৰ বাবে উপহাস বুলিয়েই চর্চিত।

 

চাবলৈ গ'লে এতিয়ালৈকে আৰবৰ বাজকুমাৰী চালমা আৰু শেখ মহম্মদ বিন বছিদৰ বিয়াখনেই আটাইতকৈ দীঘলীয়া বিয়া বুলি চর্চিত হৈ আহিছিল। তেওঁলোকৰ বিয়াখন আছিল ৭ দিনীয়া। ২০,০০০ অতিথিক আপ্যায়ন কৰা হৈছিল। ব্যয় হৈছিল ৪৪.৫ মিলিয়ন ডলাৰ। সেইদৰে আটাইতকৈ খৰচী বিয়াৰ তালিকাত থকা ইংলেণ্ডৰ ৰাজকুমাৰী ডায়েনা আৰু ৰাজকুমাৰ চাৰ্লছৰ বিবাহত ব্যয় হৈছিল ৪৮ মিলিয়ন ডলাৰ। কোটিপতি ব্যৱসায়ী লক্ষ্মী মিটলৰ কন্যা বানীশা মিটলৰ ইনভেষ্টমেন্ট বেংকাৰ অমিত ভাটিয়াৰ সৈতে হোৱা বিয়াখনো আছিল বিশ্বৰে অন্যতম ব্যয়বহুল বিয়া। ছদিনীয়া বিয়াখনত ব্যয় হৈছিল প্রায় ৫৫ মিলিয়ন ডলাৰ। কিন্তু এই সকলোবোৰক চেৰাই গ'ল আম্বানি তনয় অনন্ত আৰু ৰাধিকাৰ বিয়াখনে। ৭ মাহ ধৰি চলা বিয়াখনৰ উখল-মাখলত দেশৰ প্ৰায়বোৰ নামী-দামী অভিনেতা-অভিনেত্রী-ব্যৱসায়ী-বিশিষ্ট ব্যক্তি মচণ্ডল হৈ থকাৰ সময়তে সমগ্র দেশজুৰি প্রাকৃতিক দুর্যোগত হাহাকাৰ কৰি আছিল দেশবাসী। অসম, দিল্লী, জম্মু-কাশ্মীৰকে ধৰি বিভিন্ন ঠাইত বানে বৃহৎসংখ্যক লোকৰ জীবন কাঢ়ি নিছিল। এনেক্ষেত্ৰত দেশবাসীৰ মাজত প্রতিক্রিয়া হোৱাটো স্বাভাবিক।

বহুতৰ মতে, দৰা-কইনাই বিবাহৰ অংশস্বৰূপেই যদি ঠায়ে ঠায়ে নিপীড়িত জনগণৰ খবৰ ল'লেহিহেঁতেন, বিপদৰ মাতষাৰ হ'লহেঁতেন, জিলাই জিলাই ৰাইজে দৰা-কইনাক আশীর্বাদ দিলেহেঁতেন। জিলাই জিলাই বিবাহ অনুষ্ঠানো হ'লহেঁতেন। তেতিয়া এই বিবাহে বছৰ অতিক্ৰম কৰিলেও কাৰোৰে ক'বলগীয়া একো নাথাকিলহেঁতেন। আনকি বিশ্বজুৰি আম্বানি পৰিয়ালক কটু সমালোচনাৰ পৰিৱৰ্তে উচ্চ প্রশংসাৰো জোৱাৰ উঠিলহেঁতেন।

Share This