জাতিৰ অস্থিৰতা
Dainik janambhumi
September 10, 2024
ডিজিটেল ডেস্কঃ কেইদিনমান পূৰ্বে এই স্তম্ভতে উল্লেখ কৰা হৈছিল অসমৰ সমাজখনক উজ্জীৱিত কৰি ৰাখিব পৰা, আশান্বিত কৰি ৰাখিব পৰা সাংস্কৃতিক আৰু মানৱীয় কিছুমান ভাল কামৰ কথা৷ বহুতে বহুত ভাল কাম কৰি আছে আমাৰ সমাজত৷ কিছুমান সকলোৱে জনাকৈ আৰু কিছুমান নীৰৱে৷ কিছুমানৰ ভাল কামবোৰ সম্পন্ন হৈছে সম্পূৰ্ণ এককভাৱে৷ কাৰো ওচৰত হাত পতা নাই, কাৰো চান্দা সংগ্ৰহ কৰা নাই, অথচ স্তম্ভিত হ’ব লগাকৈ সমাজসেৱা কৰিছে, যাৰ বাবে উপকৃত হৈছে চৰম দাৰিদ্ৰ্যপীড়িত, উপেক্ষিত কিছুমান মানুহ৷
এইক্ষেত্ৰত সময় গগৈ নামৰ যুৱকজনৰ কথা উল্লেখ কৰা হৈছিল৷ কিন্তু সমান্তৰালকৈ এনেকুৱা কিছুমান কামো হৈ আছে, যিবোৰ শুনিলে বা দেখিলে উদ্বেগ-হতাশাৰে ভাৰাক্ৰান্ত হৈ পৰে অনুভৱী মানুহৰ মন৷ ৰাজ্যৰ বিশিষ্ট চিকিৎসক এগৰাকীয়ে এগৰাকী ৰোগীৰ আগত ব্যক্ত কৰিছে এক অভিজ্ঞতাৰ কথা৷ উশাহ-নিশাহ ল’বলৈ কষ্ট পোৱা এজন লোক আহিছিল চিকিৎসকজনৰ ওচৰলৈ৷ চিকিৎসকে লোকজনৰ সমস্যাৰ আদ্যোপান্ত জানিবলৈ প্ৰশ্ন কৰি থাকোঁতে গম পালে যে সেই লোকজন ড্ৰাগ্ছ আসক্ত৷
বিবাহিত কিন্তু কম বয়সীয়া লোকজনে নিয়মিত হেৰ’ইন সেৱন কৰে৷ ক’ত পায় হেৰ’ইন? চিকিৎসকৰ প্ৰশ্নত লোকজনে গুৱাহাটী মহানগৰীৰ এটা অঞ্চলৰে কথা ক’লে৷ চাৰিযপাঁচজন ড্ৰাগ্ছ সৰবৰাহকাৰীয়ে দৈনিক সেই অঞ্চলটোত ড্ৰাগ্ছৰ বেপাৰ চলায়৷ গ্ৰাহক বহুত৷ চিকিৎসকে সুধিলে– এদিনত কিমান খৰচ হয়? লোকজনে ক’লে, দৈনিক প্ৰায় ১৫০০ টকা৷ সেই লোকজন এতিয়া শাৰীৰিকভাৱে অসুস্থ, লগতে খৰচান্ত হৈ দিক্বিদিক নেদেখা অৱস্থা, পৰিয়ালত চৰম অশান্তি৷ কেইবাবাৰো ‘ৰি-হেব’ত থকাৰ পাছতো সেই মাৰাত্মক ড্ৰাগ্ছৰ নিচাৰ পৰা মুক্ত হ’ব পৰা নাই লোকজন৷ ড্ৰাগ্ছ এৰিব খুজিলেও এৰিব নোৱাৰে৷
এফালে নতুন অসম, সুন্দৰ অসম, খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অসম গঢ়াৰ ধ্বনি চৌদিশে নিনাদিত হৈছে, আনফালে মাৰাত্মক ড্ৰাগ্ছে এটা প্ৰজন্মক পংগু-ধবংস কৰিবলৈ ওলাইছে৷ চিকিৎসকগৰাকীৰ দৃষ্টিলৈ অহা ঘটনাটো এটা অঞ্চলৰ আৰু এটা উদাহৰণ হ’লেও মহানগৰীৰ প্ৰতিটো অঞ্চলৰ চুকে-কোণে নিয়মীয়াকৈ এচামে ড্ৰাগ্ছৰ বেহা চলাই আছে আৰু সেই ড্ৰাগ্ছ চক্ৰৰ গ্ৰাসত পৰি নতুন নতুন মানুহ পংগু, খৰচান্ত, দিক্বিদিক শূন্য হৈ আছে৷ কেৱল মহানগৰীতে নহয়, আমাৰ ৰাজ্যৰ প্ৰতিখন চহৰেই এতিয়া ড্ৰাগ্ছৰ কবলত৷ যোৰহাটত কম বয়সীয়া ছোৱালী কিছুমানো কেনেকৈ নিচাসক্ত হৈ পৰিছে, ঘৰৰ পইচা চুৰ কৰি ড্ৰাগ্ছ কিনি নিজক ধবংস কৰি আছে, সেই কথাবোৰ সংবাদ মাধ্যমত প্ৰকাশ পাই আছে৷
কিন্তু আচৰিত হ’বলগীয়া কথাটো হ’ল খিলঞ্জীয়াৰ অধিকাৰক লৈ ৰাজ্যৰ প্ৰায়বোৰ জাতীয়তাবাদী দল-সংগঠন সৰৱ হৈ আছে, জাতি ৰক্ষাৰ আপোচহীন সংগ্ৰামৰ হুংকাৰ দি আছে নেতাসকলে, কিন্তু ড্ৰাগ্ছৰ ক্ষেত্ৰত কাৰো বিশেষ প্ৰতিক্ৰিয়া নাই৷ জাতিটোক ৰক্ষা কৰিবলৈ হ’লে এতিয়া এখন ড্ৰাগ্ছ-বিৰোধী জাতীয় সংগ্ৰামৰ বৰ প্ৰয়োজন আছিল৷ গাঁও-ভূঁই, নগৰ-চহৰৰ মানুহ ড্ৰাগ্ছৰ বিৰুদ্ধে দল বান্ধি ওলাই আহিব লাগিছিল, ড্ৰাগ্ছ চক্ৰত জড়িত লোকসকলৰ ৰাজহুৱা বিচাৰ কৰিব লাগিছিল, কিন্তু সীমিতভাৱে দুই-এঠাইত কিছুমান সীমিত সামাজিক ব্যৱস্থাক বাদ দি কোনেও বিষয়টোক গুৰুত্ব দিয়া নাই৷ এতিয়া নতুনকৈ পোহৰলৈ আহিছে চাঞ্চল্যকৰ ‘অনলাইন ট্ৰেডিং’-ৰ ঘটনা৷ এইটো কি ব্যৱসায় কোনেও ভালকৈ নাজানে, অথচ দেখা গৈছে যে আমাৰ জাতীয় ক্ষেত্ৰখনক সমৃদ্ধ কৰা কিছুমান বিশিষ্ট মানুহ এই ৰহস্যজনক ব্যৱসায়ী চক্ৰবিলাকৰ সৈতে সাঙোৰ খাই পৰিছে৷ এই ‘অনলাইন ট্ৰেডিং’-ত লেনদেন হোৱা ধনৰ পৰিসৰ কিমান সেয়া তদন্ত কৰাসকলেহে জানিব পাৰিব৷
কাৰোবাৰ লেনদেনৰ পৰিমাণ দুহেজাৰ কোটি, কাৰোবাৰ ষোল্লশ কোটি, কাৰোবাৰ তিনিশ কোটি বুলি প্ৰকাশ পাইছে৷ যদি সঁচাকৈয়ে ইমান বৃহৎ লেনদেন হৈছে তেনেহ’লে এতিয়ালৈকে চৈধ্যখন জিলাক সামৰি ৰুজু হোৱা ২৮টা গোচৰৰ ধনৰ পৰিমাণ কেইবাহেজাৰ কোটি টকা হ’ব লাগে৷ ক’ৰ পৰা হৈছে ইমান বৃহৎ লেনদেন, এইবোৰ কাৰ টকা, বিভিন্ন মাধ্যমত চৰ্চা হৈ থকা ব্যক্তিসকলেই কেৱল এই লেনদেনত জড়িত, নে অন্য কোনোবা চক্ৰ ইয়াত জড়িত হৈ আছে অথবা কাৰোবাৰ বৃহৎ ক’লা ধন এনেকুৱা লেনদেনৰ জৰিয়তে বগা কৰা হৈছে নেকি– সেই প্ৰশ্নবোৰৰ উত্তৰ অসম আৰক্ষীয়ে চলাই থকা তদন্তত উদ্ঘাটন হ’ব নে নাই তাক লৈ মানুহ কৌতূহলী হৈ পৰা দেখা গৈছে৷ এই অধ্যায়টো বা তদন্ত কি হয় বেলেগ কথা৷ কিন্তু এটা কথা, অধ্যায়টোৱে স্পষ্ট কৰি দিছে যে অসৎ উপায়েৰে ধন উপাৰ্জনৰ প্ৰৱণতা জাতিটোৰ মাজত গভীৰভাৱে সোমাই পৰিছে৷ স্বচ্ছতাহীন এনেকুৱা উপাৰ্জনত লিপ্তসকলৰ লগত সাংস্কৃতিক জগতৰ অথবা সমাজত অতি ভাল বুলি পৰিচিত কিছুমান মানুহৰ ঘনিষ্ঠ সম্পৰ্কৰ কথা পোহৰলৈ আহিছে৷ এনেকৈয়ে এসময়ৰ স্বচ্ছ, সুস্থ অসমীয়া সমাজখনৰ অৱক্ষয় ক্ৰমান্বয়ে অধিক ব্যাপক হ’বলৈ ধৰা পৰিলক্ষিত হৈছে৷ তাৰ বিপৰীতে যিবোৰ বিষয়ে সমাজখন সুন্দৰ কৰাত সহায় কৰে তাৰ গুৰুত্ব যেন কমি আহিবলৈ লৈছে৷ সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ ৯৮সংখ্যক জন্মদিন দেওবাৰে হৈ গ’ল নিয়ম মাফিক৷
মানুহৰ আগ্ৰহ বিশেষ পৰিলক্ষিত নহ’ল৷ অসমৰ প্ৰথমগৰাকী জ্ঞানপীঠ বিজয়ী সাহিত্যিক ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবৰ্ষৰ বৰ্ষজোৰা কাৰ্যসূচী চলি আছে, মানুহৰ সঁহাৰি বৰ দুখ লগা৷ যিসকল জাতীয় কাণ্ডাৰীৰ অৱদানে অসমীয়া ভাষা-সংস্কৃতিক সবল কৰি তুলিছিল, সেইসকল প্ৰায় পাহৰণিৰ গৰ্ভত৷ এই অৱক্ষয়, এই অস্থিৰতাৰ পৰিণতি কি সেয়াহে চিন্তনীয়৷
Share This