সুন্দৰৰ মন্ত্ৰ.....
DainikJanambhumi
September 03, 2024
ডিজিটেল ডেস্কঃ সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে/সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে...৷ চৌদিশে সুন্দৰৰ ফুলাৰ মন্ত্ৰধবনি শুনিবলৈ, প্ৰভাতে প্ৰভাতে চৌপাশে কেৱল ফুল আৰু ফুুল দেখিবলৈ অন্তৰখন সুন্দৰ হ’ব লাগিব৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মন-হৃদয় হয়তো উপচি আছিল সুন্দৰৰ ধাৰণাৰে আৰু সেইবাবেই তেওঁ হয়তো মনঃচক্ষুৰে সকলোতে দেখা পাইছিল ফুলৰ পয়োভৰ৷
আমাৰ বাস্তৱৰ সমাজখন যদি বস্তুবাদী মনেৰে চোৱা যায় তেনেহ’লে ক’তোৱেই শুনা নাযাব সুন্দৰৰ ফুলাৰ মন্ত্ৰধবনি, দেখা নাযাব পাৰে ৰং-বিৰঙী ফুলৰ সমাহাৰ৷ হিংসা-দ্বেষ, সাম্প্ৰদায়িক সংঘাত, দুন¹তি-লুটপাত, হত্যা-ধৰ্ষণৰ অবিৰত ঘটনাৰ শ্ৰৱণ-দৰ্শনৰ পিছত মনোজগতত সুন্দৰৰ মন্ত্ৰধবনি শুনাৰ, চৌদিশে ফুলৰ বিশাল মেলা দেখাৰ এক নান্দনিক পৰিৱেশ ৰচনাৰ ক্ষমতা সাধাৰণ মানুহৰ মাজত সাধাৰণতে দেখা নাযায়৷
বাস্তৱৰ দুৰ্ভোগ-দুৰ্ভাৱনাত পিষ্ট-ক্লিষ্ট অভিব্যক্তিত ব্যক্ত হয় কেৱল দুৰ্ভাৱনাৰ কুঞ্চিত ৰেখা আৰু অৱসাদৰ হুমুনিয়াহ৷ কিন্তু এনেকুৱা এক ৰূঢ় বাস্তৱৰ মাজতো অহোৰাত্ৰ সুন্দৰৰ মন্ত্ৰধ্বনি আওৰোৱা, মানুহৰ মাজে মাজে সুন্দৰৰ ফুলনি সজাব পৰা মানুহ আছে, বহুত আছে৷ সামাজিক মাধ্যমবিলাকৰ প্ৰতি খুব এটা ভাল ধাৰণা জনসমাজত নাই৷ এই সামাজিক মাধ্যমবোৰে সমাজক উপকৃত কৰক চাৰি প্ৰচণ্ড অপকাৰ সধা বুলিহে দুৰ্নাম আছে৷ কিন্তু এই সামাজিক মাধ্যমবিলাকতো মাজে মাজে দেখা যায় হিয়া শাত পেলোৱা সুন্দৰৰ একো একোপাহ অপৰূপ ফুল৷ মনঃচক্ষু নালাগে বাস্তৱৰ চকুৰেই অনুভৱ কৰিব পৰা যায় এই ফুলৰ অপাৰ সৌন্দৰ্য৷ ম’বাইলৰ পটত আঙুলি বোলাই নিলে হঠাৎ ওলাই আহে এনে কিছুমান দৃশ্য, যাৰ সৌন্দৰ্য, যাৰ মহত্ত্বক বৰ্ণনা কৰাৰ ভাষা নাথাকে৷
সাত সাগৰ তেৰ নৈৰ সিপাৰৰ ইংলেণ্ডৰ বাৰ্মিংহামৰ মঞ্চত এদল বিদেশী-বিদেশীনীয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ সেই অমৰ সৃষ্টি, আমাৰ জাতীয় সংগীত গাইছে– ‘অ মোৰ আপোনৰ দেশ...’৷ সুৰৰ কি এক অপূৰ্ব ধবনি৷ চালে চকু থৰ হৈ যায়, শুনি থাকিলে হৃদয়ত জাগে অপূৰ্ব পুলক৷ পাশ্চাত্যৰ সুৰ-লয়ৰ সংমিশ্ৰণ ঘটাই পৰিৱেশন কৰা সেই গীত শুনিলে অৱধাৰিতভাৱে মনলৈ প্ৰশ্ন আহে - এয়া আমাৰেই পৰম আপোন জাতীয় সংগীত নে ইউৰোপৰ কোনোবা দেশৰ ৰাষ্ট্ৰীয় সংগীত৷ এই দৃশ্যটো ‘প’ষ্ট’ কৰোঁতাজনে মন্তব্য লিখিছে– ‘হৃদয় গৌৰৱত উথলি উঠে’৷ সঁচাকৈয়ে৷ ম’বাইলতে অন্য এটা ‘প’ষ্ট’ত ছিংগাপুৰৰ কোনোবা এখন মঞ্চত অসমীয়া ডেকাৰ দলে পৰিৱেশন কৰিছে ঢোল-পেঁপাৰ সুমধুৰ সংগীতানুষ্ঠান৷ এই ‘প’ষ্ট’ দেখাৰ লগে লগে অসমীয়া মনত ঢোলৰ গিৰগিৰনিৰ দৰেই হেন্দোলনি উঠে৷
বেলেগ এটা ‘প’ষ্ট’ত আমাৰেই কোনোবা এঠাইৰ নামঘৰত নে আন কোনোবা মঞ্চত ভকত-দৰ্শকৰ সন্মুখত দশাৱতাৰ নৃত্য পৰিৱেশন কৰিছে নব্বৈ বছৰীয়া এগৰাকী আইতাই, অন্য এটা ‘প’ষ্ট’ত হিমাশ্ৰী বৈশ্য নামৰ কিশোৰী এগৰাকীয়ে অতি সুললিত কণ্ঠেৰে পৰিৱেশন কৰিছে বৰগীত৷ এনেকুৱা অনেক অভাৱনীয়, অপৰূপ দৃশ্য-অনুষ্ঠান সামাজিক মাধ্যমবোৰত দেখা পোৱা যায়, য’ত প্ৰকট হৈ উঠে আমাৰেই গাঁও-ভূঁই, নগৰ-চহৰৰ কিছুমান ডেকা-ডেকেৰীয়ে, কিছুমান মানুহে নিৰলসভাৱে কৰা সাংস্কৃতিক-সৃষ্টিশীল ভাল কামৰ অনুশীলনৰ সাধনালব্ধ অপূৰ্ব সৃষ্টিৰ দৃশ্য৷ এইকেইটা দিন পশ্চিম বংগত চিকিৎসকক বলাৎকাৰ-হত্যাৰ প্ৰতিবাদত কিছুমান ঠাইত ভূপেন হাজৰিকাৰ কালজয়ী গীতেৰে ৰূপায়ণৰ অনুষ্ঠান দেখিলেও মনত জাগে অবৰ্ণনীয় শিহৰণ৷ এইবিলাক সাংস্কৃতিক দিশৰ কিছুমান বিক্ষিপ্ত উদাহৰণ৷
সামাজিক মাধ্যমেই আমাৰ চকুৰ সন্মুখলৈ অন্য কিছুমান দৃশ্যও লৈ আনে, য’ত দেখা পোৱা যায় মানৱীয় অনুভৱৰ এখন বিশাল সাগৰ৷ যিসকলে ফে’চবুক বা ইউটিউব চায় তেওঁলোকৰ প্ৰায়সকলৰে চকুত হয়তো পৰিছে এক বিৰল ব্যক্তিত্ব, যাৰ নাম সময় গগৈ৷ মানৱতাৰ বাবে হাবাথুৰি খাই থকা মানুহৰ সন্মুখলৈ এইজন মানৱদৰদী, পশুদৰদী সময় গগৈক লৈ আহিছে সামাজিক মাধ্যমেই৷ সময় গগৈ আজি কিছুমান পৰিয়ালৰ বাবে ‘দেৱদূত’ৰ নিচিনা৷ সময় গগৈ কোনো ধনী পৰিয়ালৰ দুলালী নহয়, এজন সাধাৰণ ডেকা ল’ৰা৷ এসময়ত তেওঁ ‘ডেলিভাৰী বয়’ৰ কাম কৰিছিল৷ সেই সময় গগৈয়ে নিজৰ গাঁঠিৰ ধন ভাঙি বহু উপেক্ষিত জীৱ-জন্তুক নতুন জীৱন দিছে আৰু দৰিদ্ৰ-নিছলা মানুহক দিছে পেটৰ ভাত, থকাৰ আশ্ৰয়৷ শুনিলে আচৰিত হ’ব লাগে যে এইজন সময় গগৈয়ে যোৱা দুটা বছৰত প্ৰায় দুকুৰিৰো অধিক দুঃস্ব লোকক ঘৰ সাজি দিছে, যিসকলে ইয়াৰ আগলৈকে আক্ষৰিক অৰ্থতে মুকলি আকাশৰ তলত বাস কৰিছিল৷
কংকালসাৰ কিশোৰক তেওঁ চিকিৎসা কৰাই, খুৱাই-বুৱাই সুস্থ কৰি তুলিছে বা কোনোবা দুৰ্ভগীয়া শাক-পাচলি বেচা দৰিদ্ৰ ছোৱালীক কিনি দিছে এখন ই-ৰিক্সা৷ একো বিশেষ নথকা, মাত্ৰ এখন হৃদয় থকা সময় গগৈয়ে বহুতক গোৱাইছে জীয়াই থকাৰ গান৷ সামাজিক মাধ্যম নোহোৱা হ’লে হয়তো সুন্দৰৰ এই ফুলাৰ মন্ত্ৰবোৰ আমি শুনিবলৈ নাপালোঁৱেইহেঁতেন, নেদেখিলোঁহেঁতেন বৰ্তমানৰ অতি ৰূঢ় যেন লগা মানৱ সমাজতে কিছুমানে গঢ়ি তোলা সুন্দৰ ফুলনিৰ ফুলবোৰ৷ এই সুন্দৰৰ মন্ত্ৰবোৰেই সকলোৰে ওঁঠলৈ বিয়পিব লাগে৷ আন্ধাৰৰ ৰজা কিছুমানে সুন্দৰক নিবিচাৰে৷ কাটি-ছিঙি লণ্ড-ভণ্ড কৰিব খোজে সুন্দৰৰ ফুলনি গঢ়াৰ প্ৰচেষ্টাক৷ সেই আন্ধাৰৰ ৰজাবোৰক পৰাস্ত কৰিব পাৰিব কেৱল সুন্দৰৰ সাধকসকলেহে৷ মানৱীয় উশাহ-নিশাহ স্তব্ধ কৰি দিব খোজা অবাঞ্ছিত ঘটনাৰ সংখ্যা বাঢ়িছে সঁচা, কিন্তু সেই পৰিস্থিতিত নতি স্বীকাৰ কৰিলে নহ’ব৷ সাধাৰণ সমাজৰ মাজৰ পৰাই হেজাৰজন- লাখজন সময় গগৈৰ জন্ম হ’লে সমাজত ফুলনিয়ে গঢ় ল’ব, ফুলেৰে উপচি পৰিব সমস্ত সমাজ৷ সেই ফুলেই ঢাকি পেলাব অশুভ শক্তিবোৰক৷ সামাজিক মাধ্যমৰ বেয়াবোৰ এৰি ভালবোৰ চাই তাৰ চেতনাৰে উদ্দীপিত হোৱাৰ, সুন্দৰৰ মন্ত্ৰ আওৰোৱাৰ পৰিৱেশ ৰচনাৰ চেষ্টা কৰিব লাগিব সকলোৱে৷
Share This