‘মিঞা’ খেদা আন্দোলন

Dainik Janambhumi August 29, 2024


ডিজিটেল ডেস্কঃ    মিঞা-অসমীয়াৰ হুংকাৰ-বাক যুঁজত এইকেইদিন উজনিৰ পৰা নামনিলৈ সমগ্ৰ অসম উত্তাল হৈ আছে৷ মঙলবাৰে অসম বিধানসভাতো শাসক-বিৰোধীৰ মাজত যুযুধান পৰিস্থিতিৰ সৃষ্টি হয়৷ এ আই ইউ ডি এফৰ এগৰাকী বিধায়কে অধিকাৰৰ প্ৰশ্ন তোলাত মুখ্যমন্ত্ৰীয়ে মুকলিকৈয়ে কৈ দিলে বোলে মিঞা মুছলমানক গোটেই অসমখন ল’বলৈ কেতিয়াও নিদিয়ে৷ সেইদৰে হাতীগাঁৱত এ আই ইউ ডি এফৰ বিধায়ক সুজামুদ্দিনে  মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই হুংকাৰ দিয়ে– মিঞাক কোনেও খেদিব নোৱাৰে, খোদ মুখ্যমন্ত্ৰীয়েও নোৱাৰে৷ বিধায়কগৰাকীয়ে শতাধিক মুছলমান লোকক লৈ দিছপুৰলৈ প্ৰতিবাদী শোভাযাত্ৰাও উলিয়ায়৷ অৱশ্যে মাজপথতে আৰক্ষীয়ে বাধা দিয়ে৷

 

ইয়াৰ মাজতে নগাঁৱৰ পৰা মুছলমান মীন পালকে উজনিলৈ মাছৰ যোগান বন্ধ কৰাৰ হুংকাৰক লৈও উত্তপ্ত হৈ আছে পৰিস্থিতি৷ উজনিত মিঞা-বিৰোধী অভিযানৰ প্ৰতিক্ৰিয়া হিচাপে নগাঁও মীন পালক সন্থাই ঘোষণা কৰিছিল যে লাগিলে মাছ পচাই পেলাব, তথাপি উজনিলৈ যোগান নধৰে৷ লগে লগেই ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আটাছুৱে৷ আটাছুৰ মতে, মিঞাৰ মাছ খাই উজনিৰ খিলঞ্জীয়া ৰাইজ ডাঙৰ হোৱা নাই৷ যিখন সমাজত দেশৰ কাৰণে মোমায়েকক শিৰশ্ছেদ কৰিব পাৰে, সেইখন সমাজৰ বাবে জাতিতকৈ মাছ ডাঙৰ নহয়৷ আনহাতে, এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও অসম বিধানসভাত মঙলবাৰে কথাৰ প্ৰসংগত কয় যে কোনোবাই কাৰোবাক মাছ নোখোৱাকৈ ৰাখিব পাৰে নেকিঞ্জ অসমৰ মৎস্য পালকে অসমৰ লোকক মাছৰ যোগান নধৰিলে অন্ধ্ৰ প্ৰদেশৰ পৰা আহিব...৷ ইফালে আন কেইবাটাও জাতীয় দল-সংগঠনে মৰিগাঁও, গুৱাহাটীতো মিঞাৰ মাছৰ ব্যৱসায় বন্ধ কৰাৰ হুংকাৰ দিয়ে৷ তেওঁলোকে কয়– আমি সমগ্ৰ অসমতে যেতিয়া মিঞাৰ বজাৰ বৰ্জন কৰিম, ৰাজপথত মিঞাৰ মাছ-পাচলিৰ ট্ৰাক আবদ্ধ কৰিম, তেতিয়া কিন্তু সেই মিঞাৰ হৈ ওকালতি কৰা সংগঠনসমূহে তেওঁলোকৰ ভৰিত পৰি পুনৰ বজাৰ-পথ মুকলি কৰিবলৈ অনুৰোধ নজনাব৷ চাবলৈ গ’লে এইবিলাক সাধাৰণ ক্ৰিয়া-প্ৰতিক্ৰিয়া৷

 

বিদেশীয়েই হওক বা স্বদেশীয়েই হওক এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ হাটাও অভিযান এটা যেতিয়া আৰম্ভ হৈছে, এনেধৰণৰ বাদ-বিবাদ, ক্ৰিয়া-প্ৰতিক্ৰিয়া আৰম্ভ হ’বই৷ এইবোৰক সাধাৰণ মুখৰোচক কথা-বতৰা, বোকা ছটিওৱা খেল বুলি নি(য় এৰাই চলিব পাৰি৷ কিন্তু এই মুখৰোচক বাদ-বিবাদবোৰৰ অন্তৰালত লুকাই আছে এনে এখন বাস্তৱ ছবি, যাক কোনোকালেই এৰাই চলিব নোৱাৰি৷ কিয়নো ইয়াৰ সৈতে জড়িত হৈ আছে জাতিৰ ভৱিষ্যতৰ প্ৰশ্ন, জড়িত হৈ আছে জাতীয় অস্তিত্ব-অসমীয়াৰ স্বাভিমানৰ প্ৰশ্ন৷ তেনেহ’লে কি এই ছবিঞ্জ কিছুদিন পূৰ্বে নামনিত আমছুৰ এগৰাকী নেতাই প্ৰত্যাহ্বান জনাইছিল যে মিঞা নোহোৱাকৈ অসমীয়াই এদিন মাত্ৰ চলি দেখাওকক্ক এই কথাষাৰতেই ওপৰৰ প্ৰশ্নটোৰ উত্তৰ নিহিত হৈ আছে৷ সঁচায়ে আজি অসমীয়াৰ কৰ্ম-সংস্কৃতি, অৰ্থনীতিৰ চাবি-কাঠী সেই বিশেষ সম্প্ৰদায়টোৰ হাতত ন্যস্ত হৈছেগৈ নেকিঞ্জ আজি মিঞাই কৰা খাৰুপেটীয়াৰ শাক-পাচলি উজনি-নামনি, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে নেপাল, ভূটান আদিলৈও ১৫ানি হয়৷ নগৰ-মহানগৰৰ ওখ ওখ বিল্ডিং, বহল বহল পকী পথ নিৰ্মাণ কৰাসকল মিঞা৷ পুখুৰী খন্দা, মাটি তোলা, কাঠ মিস্ত্ৰি, ৰাজ মিস্ত্ৰি, গাড়ীৰ চালক, দিন হাজিৰা কৰাসকল মিঞা৷ গাহৰিৰ মাংসৰ বাহিৰে মাছৰ বজাৰ, মুৰ্গী-ব্ৰইলাৰ-ছাগলী মাংসৰ বজাৰ, পাচলিৰ খুচুৰা বজাৰ আদি মিঞাৰ হাতত৷ ঘৰে ঘৰে গেছৰ চোলা ভাল কৰি ফুৰা, জোতা পলিচ কৰাজনৰ পৰা পেলনীয়া সা-সামগ্ৰী নিয়া কাৱাৰীজনলৈকে সকলো মিঞা৷ গছত উঠি নাৰিকল পৰা, তামোল-পাণ পৰা, নলা-পায়খানাৰ টেংকি চাফা কৰা লোকসকলো মিঞা৷ তেনেহ’লে থলুৱা অসমীয়াই কৰে কিঞ্জ কিছুদিন পূৰ্বে বৰপেটাত প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে এখন সংবাদমেলত ঘোষণা কৰিছিল যে তেওঁলোকে অসমত সেউজ বিপ্লৱৰ সূচনা কৰিব৷ ইতিমধ্যে তেওঁলোকে জিলাই জিলাই বৃহৎ কৰ্মসূচী আৰম্ভ কৰিছে৷

 

সেই অনুসৰি ধুবুৰীত ৩৫৪ বিঘা ভূমিত মেহগনি গছ ৰোপণৰ লগতে আৰম্ভ কৰিছে উদ্যান শস্য-ছাগলী ফাৰ্ম৷ সেইদৰে দৰঙৰ কুৰুৱাত ২০০০ বিঘা, মাজুলীত ১৭০০ বিঘা, তিনিচুকীয়াত ১৫০ বিঘা, ধেমাজিত ১০০ বিঘা ভূমিত সৰিয়হ, তিল, মাকৈ, ভোট জলকীয়া আদিৰ খেতি আৰম্ভ কৰিছে৷ সেইদৰে লখিমপুৰ, গোলাঘাট আদি জিলাতো এনে অৰ্থনৈতিক সংগ্ৰাম আৰম্ভ কৰিছে৷ তেওঁলোকৰ এই কামত ৪৫০০জন প্ৰাক্তন সংগ্ৰামী সতীৰ্থ জড়িত হৈ পৰিছে৷ আজিৰ তাৰিখত এয়া খুবেই যথোচিত কাৰ্য বুলি অভিহিত কৰিব পাৰি৷ তথাপি ক’ব লাগিব যে এইধৰণৰ প্ৰচেষ্টা অসম আন্দোলনৰ সময়ৰে পৰা বহুবাৰ দেখা গৈছে৷ অসম আন্দোলনৰ সময়ত বহু অসমীয়া ডেকাই মুচী, কুলি, দৰ্জিৰ কাম কৰিছিল৷ সেইদৰে দাম বৃদ্ধি আৰু মধ্যভোগীৰ বিৰুদ্ধে কৃষক মুক্তিৰ আন্দোলনৰ সময়ত একাংশই গুৱাহাটীকে ধৰি বিভিন্ন ঠাইত শাক-পাচলিৰ দোকান বহাইছিল৷ মাজতে সদৌ অসম ছাত্ৰ সন্থায়ো নামনিত কেইবা শ বিঘা ভূমিত আলু খেতিৰে কৃষি বিপ্লৱ কৰাৰ কথা ঘোষণা কৰিছিল৷ কিন্তু পৰৱৰ্তী সময়লৈ এজনো ল’ৰা মুচী, কুলি, দৰ্জি হৈ নাথাকিল, নাথাকিল এখনো দোকান, এবিঘাও আলু খেতি৷ কিয় এনে হ’লঞ্জ কিয় আমাৰ চিন্তাবোৰ টিউব লাইটৰ দৰে জ্বলে দেৰিকৈঞ্জ সেইবাবেই অসমীয়াক ‘আৱেগিক’ বুলি তাচ্চিল্য কৰা হয় নেকিঞ্জ পৰেশ বৰুৱাক বাদ দি ২০২৩ চনত আলফাৰে কেন্দ্ৰীয় চৰকাৰৰ শান্তি চুক্তিৰ পূৰ্বে অস্ত্ৰ এৰি আলোচনাপন্থী আলফাৰ সদস্যসকল জংঘলৰ পৰা ওলাই অহা বহু বছৰেই হ’ল৷ সেইদৰে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি গঠনেৰে কাম-কাজ কৰিবলৈ লোৱাও বেচ কিছু বছৰ হ’ল৷ সেই আৰম্ভণিতেই যদি তেওঁলোকে অসমীয়া যুৱক-যুৱতীক সংঘবদ্ধ কৰি কৰ্মমুখী কৰাৰ প্ৰচেষ্টা ল’লেহেঁতেন, আজিলৈ এনে বিপ্লৱে যথেষ্টখিনি ঠন ধৰি উঠিলহেঁতেনক্ক অৱশ্যে মানুহে ঠেকি শিকে, দেখি শিকে, লেখি শিকে বুলি কথা এষাৰ আছে৷ এতিয়া সকলো জানি-বুজি-শিকি দেৰিকৈ হ’লেও যদি এমুঠিমান অসমীয়াই ‘বন লগা’ৰ মন কৰিছে, সেয়াও আমাৰ বাবে আশাবাদেই হ’ব৷ মাত্ৰ এই কৰ্ম-সংস্কৃতি স্থায়ী হ’ব লাগিব, হাতে-কামে হ’ব লাগিব৷ অসমত কথাৰ ফুলজাৰি মৰা লোক ঢেৰ, মুখৰ আন্দোলনো বেছি৷ কিন্তু আন্দোলনৰ নামত চিঞৰ-বাখৰ, ভয়-ভীতি প্ৰদৰ্শনে সময়ৰ অপব্যয়ৰ বাহিৰে আন কি উপকাৰ সাধে বা সাধিছে তাৰ উদাহৰণ আমাৰ সন্মুখতে ঢেৰ আছে৷ এনেক্ষেত্ৰত অসমীয়াক আৰু ৰাজপথৰ আন্দোলনৰ প্ৰয়োজন নাই৷

 

বৰং এনে এক আন্দোলনৰ প্ৰয়োজন, যি আন্দোলনে সঁচা অৰ্থতে অসমীয়াৰ অৰ্থনৈতিক-সামাজিক ভেটি টনকিয়াল কৰিব, য’ত আত্মনিৰ্ভৰশীলতা থাকিব, স্বাভিমান থাকিব আৰু যাৰ শ্ল’গান হ’ব– ‘খেতি বাচিলেহে জাতি বাচিব’৷ যদি সেয়াই হয় তেনেহ’লে পৰৱৰ্তী দিনত ইয়েই প্ৰকৃত ‘মিঞা’ খেদা আন্দোলনতো পৰিণত হ’ব৷

Share This