মুছলমানৰ জনসংখ্যা..
Digital desk
July 19, 2024
ডিজিটেল ডেস্কঃ ১৯৩১ চনত তেতিয়াৰ অসমৰ চেঞ্চাছ ছুপাৰিনটেন্ডেন্ট, আই চি এছ বিষয়া এছ চি মুলানে লিখি থৈ গৈছে
'Probably the most important event in the province during the last twenty five years an event, moreover, which seems lively to alter permanently the whole future of Assam and to destroy more surely than did the Burmese invaders of 1829, the whole structure of Assamese culture and civiliation has been the inva- sion of a vast horde of land hungry Bengali immigrants; mostly Muslims, from the districts of Eastern Bengal sometime before 1911.... it is sad but by no means inprobable that in another thirty years Sibsagar district will be the only part of Assam in which an Assamese will find himself at home.'
বিশ্ববিশ্রুত ছবছৰীয়া অসম আন্দোলনত ব্রিটিছ লোকপিয়লৰ অধীক্ষকগৰাকীৰ উল্লিখিত মন্তব্যখিনিৰ ব্যাপক চর্চা হৈছিল। ১৯৩১ চনতে তেওঁ কছিল যে ১৯১১ চনৰ পৰা যি হাৰত তেতিয়াৰ পূর্ব বংগৰ পৰা প্রধানকৈ মুছলমান আগ্রাসনকাৰীসকলে অসমৰ মাটি দখল কৰিবলৈ লৈছে তাৰ পৰিণতিত ত্রিশ বছৰৰ পাছত কেবল শিৱসাগৰ জিলাৰ বাদে অসমৰ ক'তো অসমীয়া মানুহৰ নিজা বুলি ভাবিব পৰা ঠাই নাথাকিব। মুলান চাহাবৰ ত্রিশ বছৰ কেতিয়াবাই উকলি গ'ল। তাৰ পাছত অনুপ্রবেশৰ সমস্যাই নতুন ৰূপ ধাৰণ কৰিলে। বাংলাদেশৰ মুক্তি যুদ্ধৰ পাছত পৰিস্থিতিৰ অধিক অৱনতি ঘটিল।
নদীব ধলৰ দৰে হোৱা বাংলাদেশীৰ প্রব্রজনে নামনি আৰু মধ্য অসমৰ জনগাঁথনিয়েই সলনি কৰি পেলালে। ১৯৮০-৯০ব দশকৰ বিখ্যাত অসম আন্দোলন হ'ল- অনুপ্রৱেশৰ সমস্যা সমাধানৰ প্ৰবল দাবীয়ে আমাৰ বাজ্য তথা দেশত প্রচন্ড জোকাৰণিৰ সৃষ্টি কৰিলে, কিন্তু পৰিস্থিতিৰ কোনো পৰিবর্তন নহ'ল। বৰঞ্চ অবিৰত অনুপ্রবেশ আৰু অবাবিত জন্মৰ হাবে অনুপ্রবেশকারী মূলৰ জনসংখ্যা বৃদ্ধি কৰি কৰি এক বিস্ফোৰক অবস্থাতহে উপনীত কৰালে। এনে অবস্থাতে নাগৰিকত্ব (সংশোধনী) আইন, চমুকৈ 'কা' প্রণয়ন কৰি অমুছলমান বাংলাদেশীব প্রব্রজনৰ নতুন বৈধ বাট এটা মুকলিহে কৰি দিয়া হ'ল। এতিয়া আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঝাৰখণ্ডৰ বাঁচীত এখন সংবাদমেলত ক'লে, 'অসমৰ মুছলমান জনসংখ্যা ৪০ শতাংশলৈ বৃদ্ধি পাইছে। এয়া ৰাজনৈতিক কথা নহয়, জীৱন-মৰণৰ সমস্যা।' মুলান চাহাবে পূর্ববংগীয় অনুপ্রৱেশকাৰীসকলক মাটিৰ খকুরা (land hun- gry) বুলি কৈছিল আৰু এওঁলোকৰ আগ্রাসনক মানৰ আক্ৰমণতকৈও ভয়াবহ বুলি আখ্যা দিছিল। মুলান চাহাবে আজিৰ পৰা ৯টা দশকৰ আগতে কৰা আশংকাখিনিৰ সত্যতাক আজি মুখ্যমন্ত্রীয়ে উপলব্ধি কৰিব পৰাটো গুৰুত্বপূর্ণ। তেখেতে কৈছে যে এয়া ৰাজনৈতিক কথা নহয়, জীবন-মৰণৰ সমস্যা। এশ শতাংশ শুদ্ধ কথা। ধুবুৰী, বৰপেটা, গোৱালপাৰা, মৰিগাঁও, নগাঁৱৰ খিলঞ্জীয়া মানুহবোৰে বুজি পায় তেওঁলোকৰ অবস্থান এতিয়া ক'ত?
কিন্তু কথা হ'ল মুখ্যমন্ত্ৰীগৰাকীয়ে বুজি পালেই নহ'ব, তেওঁ বাজ্যবাসীক ক'বও পাৰিব লাগিব এই সংকটৰ পৰা খিলঞ্জীয়াসকল বক্ষা পৰা, খিলঞ্জীয়াসকলৰ ভাষা-সংস্কৃতি বক্ষা পৰাৰ উপায় কি? এসময়ত মইনুল হক চৌধুৰীৰ দৰে নেতাই অসমখন জিন্নাক গটাই দিম বুলি হুংকাৰ দিছিল, গোপীনাথ বৰদলৈয়ে গ্রুপিঙৰ বিৰুদ্ধে এখন যুঁজৰ নেতৃত্ব দি অসমত খিলঞ্জীয়াৰ ৰাজনৈতিক অস্তিত্ব কথমপি ৰক্ষা কৰিলে। আজিৰ পৰিস্থিতিত অসমক ৰক্ষা কৰিব পৰা নেতাজন কোন হ'ব সেইটোও এটা ডাঙৰ প্রশ্ন। আজি দেশ আৰু আমাৰ ৰাজ্য উভয়তে ডাবল ইঞ্জিনৰ চৰকাৰ, অৰ্থাৎ বিজেপি-নেতৃত্বাধীন চৰকাৰ বিদ্যমান। অসমৰ অনুপ্রৱেশৰ সমস্যাটোবে আজি ভয়ংকৰ বৰূপ ধাৰণ কৰাৰ কাৰণে বিজেপিয়ে কংগ্রেছক দোষাৰোগ কৰে। কংগ্ৰেছৰ মুছলমান তোষণৰ ৰাজনীতিৰ কাৰণেই সমস্যাটোৰ সমাধান নহ'ল বুলি অভিযোগ তোলা হয়। কিন্তু বিজেপি অনুপ্রবেশৰ সমস্যাটোৰ সমাধানৰ বাবে নৈতিকভাবে দায়বদ্ধ হ'ব লাগিছিল; কাৰণ তেওঁলোকে অসমৰ বিদেশী বহিষ্কাৰৰ দাবীৰ ছবছৰীয়া গণ আন্দোলনটোক সমর্থন কৰিছিল।
প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে ২০১৪ চনতে '১৬ আগষ্টৰ পাছত বিদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব' বুলি দিয়া হুংকাৰ সেই নৈতিক দায়বদ্ধতাবে অংশ বুলি অসমৰ জনসাধাৰণে ভাবিছিল। কিন্তু শাসনৰ এটা দশক অতিক্রম কৰাৰ পাছতো বিজেপিৰ চৰকাৰখনে অনুপ্রবেশ সমস্যাটোৰ সমাধানত কোনো পদক্ষেপেই আগ নবঢ়ালে, বৰঞ্চ অমুছলমান বিদেশীলৈ ৰঙা দলিচা পৰা 'কা' আইনখন দেশবাসীৰ প্ৰতিবাদৰ পাছতো বলবৎহে কৰিলে। ফলত কংগ্রেছ, অগপৰ দবে বিজেপি-নেতৃত্বাধীন এন ডি এ চৰকাৰকো অনুপ্রবেশৰ সমস্যা সমাধানৰ বিষয়ত ব্যর্থ চৰকাৰ বুলি অভিহিত কৰিছে জনসাধাৰণে। বিজেপিৰ এই ব্যর্থতা ৰহস্যজনক।
বাজীব গান্ধীৰ চৰকাৰৰ দিনত স্বাক্ষৰ হোৱা ১৯৭১ৰ সময়সীমাবে বিদেশী বহিষ্কাৰৰ চুক্তিখন, তৰুণ গগৈৰ চৰকাৰৰ আমোলত প্রস্তুত হোৱা নাগৰিকপঞ্জীক এই চৰকাৰে ওলোমাই ৰাখিলে অথচ নিজাকৈ এইক্ষেত্রত কোনো ফলপ্রসূ ব্যবস্থাও নল'লে। বিজেপি চৰকাৰৰ এই ভূমিকা অসমবাসীৰ বাবে সাঁথৰ হৈ ব'ল। অনুপ্রবেশকাবীব সমস্যাটো এনে এটা অবস্থাত উপনীত হৈছে যে ইয়াৰ সমাধানো এতিয়া সহজ হৈ থকা নাই।
প্রব্রজিত লোকসকল জাতীয় জীৱনৰ মজ্জাত সোমাই পৰিছে। ৰাজ্যৰ অর্থনীতিবো বুজন অংশ এটা এওঁলোকৰ নিয়ন্ত্রণলৈ গৈছে। এনে অৱস্থাত মুছলমানৰ জনসংখ্যা ৪০%লৈ বাঢ়িল বুলি মুখ্যমন্ত্রী উদ্বিগ্ন হৈছে, ইয়াক জীবন-মৰণৰ সমস্যা বুলি কৈছে। সেয়েহে অসমবাসীয়ে জানিব খোজে অসমীয়া জাতিক ৰক্ষা কৰিবলৈ মুখ্যমন্ত্রীৰ সমাধান-সূত্র কি?
Share This