ডিজিটেল ডেস্ক : তিনিচুকীয়া জিলাৰ শদিয়া সমজিলাত স্বাস্থ্য খণ্ডৰ পঁয়ালগা ৰূপটো সলনি কৰিব পৰা নাই চৰকাৰে। দলং হোৱাৰ পূৰ্বে শদিয়া যেন এক অভিশাপ স্বৰূপ হৈ আছিল যাৰ বাবে তেতিয়াৰ শদিয়া মহকুমালৈ কোনো চিকিৎসক যাব বিচৰা নাছিল। দুর্গম যাতায়াত ব্যৱস্থাৰ অজুহাতত চৰকাৰী চিকিৎসকে যেনে তেনে তাৰ পৰা ওলাই আহিব পাৰিলেই হয় বুলি চিন্তা কৰিছিল। কিন্তু এতিয়া সময় পৰিৱৰ্তন হ'ল। শদিয়ালৈ এতিয়া ৰিং এটাৰ বাট হ'ল। তথাপি শদিয়াৰ প্ৰতি চৰকাৰে যেন এতিয়াও মাহী আইৰ দৃষ্টি দিয়াৰ দৰে কৰি আছে।
উল্লেখযোগ্য যে শদিয়া সমজিলাত থকা বিভিন্ন চিকিৎসালয়ত মুঠ ২১টা চিকিৎসকৰ পদৰ ভিতৰত বর্তমান ১৩টাই খালী হৈ আছে। আনহাতে, তাত থকা ৮টা পদৰ ৩টা পদৰ তিনিগৰাকী চিকিৎসকেই তাত নাথাকে। শদিয়াত নিযুক্তি পোৱাৰ পাছতে স্বাস্থ্য বিভাগে তেওঁলোকক বিভিন্ন স্থানত সংলগ্ন কৰি ৰাখিছে। যাৰ বাবে এটা বৃহৎ অঞ্চলৰ ৰাইজে চৰকাৰী চিকিৎসাৰ পৰা দীর্ঘদিনে বঞ্চিত হৈ আছে। জানিব পৰা মতে, শদিয়াৰ ছপাখোৱাস্থিত ছপাখোৱা সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ ৫টা পদ আছে। কিন্তু ইয়াৰ ৪টা পদেই খালী হৈ আছে। কিন্তু ইয়াতকৈ আচৰিত কথাটো হ'ল এই চিকিৎসালয়খন কি চিকিৎসালয় সেয়াও স্পষ্ট নহয়। কাৰণ কাগজে-কলমে হৈ আছে ছপাখোৱা সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু সেই মতেহে ইয়াত পদ আছে। কিন্তু চিকিৎসালয়খনৰ ছাইনব'ৰ্ডত লিখা আছে ছপাখোৱা মহকুমা অসামৰিক চিকিৎসালয়।
আনহাতে, স্থানীয় লোকৰ মুখে মুখে অসামৰিক চিকিৎসালয় বুলিহে। কিন্তু এখন মহকুমা অসামৰিক চিকিৎসালয়ত থাকিব লগা সুবিধা তথা বিভিন্ন বিভাগৰ চিকিৎসকৰ পদেই নাই। জনসাধাৰণে বিভিন্ন বিভাগৰ চিকিৎসক নথকাৰ বাবে জীয়াতু ভুগি আহিছে। কি কাৰণত কোনে ইয়াৰ ছাইনব'ৰ্ডখনত অসামৰিক চিকিৎসালয় লিখিলে সেয়া ৰহস্যৰ বিষয়। আনহাতে, তাৰেই সংলগ্ন হৈ ছপাখোৱা ইউ এইচ এণ্ড ডব্লিউ চি-১ বুলিও স্বাস্থ্য কেন্দ্র আছে। কিন্তু তাতো অনুমোদিত পদেই নাই।
অম্বিকাপুৰ মিনি পি এইচ চিত দুটা অনুমোদিত চিকিৎসকৰ পদ আছে যদিও দুয়োটাই খালী হৈ আছে। একেদৰে চূণপোৰা মিনি পি এইচ চিত এটা অনুমোদিত চিকিৎসকৰ পদ আছে কিন্তু সেইটোও খালী হৈ আছে। আনহাতে, পাণ্ডৱবৰ্জিত অমৰপুৰ চৰ মিনি পি এইচ চিখন আছে যদিও তাত আজিলৈকে এটাও অনুমোদিত চিকিৎসকৰ পদেই সৃষ্টি কৰা নহ'ল। গোমটিবিল আদর্শ চিকিৎসালয়ত অনুমোদিত চিকিৎসকৰ ৯টা পদ আছে, তাৰে ৪টাত চিকিৎসক নিয়োগ কৰা হৈছে যদিও তাৰে উপ-অধীক্ষকগৰাকী ডাঃ যোগানন্দ বড়ি মন্ত্ৰীৰ কৃপাত লখিমপুৰত কৰ্মৰত হৈ আছে। আনহাতে, চিকিৎসালয়খনৰ আন এগৰাকী চিকিৎসক ডাঃ আচিক আহমেদ ডাঙৰীত সংলগ্ন কৰি ৰখা হৈছে। ন-শদিয়া ব্লক পি এইচ চিত চিকিৎসকৰ ৩টা পদৰ ভিতৰত এটা পদ খালী হৈ আছে। তাৰে দুজন চিকিৎসকৰ ভিতৰত এজন ডাঃ উৎপল পাতিৰ নিজৰ সুবিধা মতে কামৰূপ জিলাৰ সোণাপুৰত কৰ্মৰত হৈ আছে।
শান্তিপুৰ মিনি পি এইচ চিৰ চিকিৎসকৰ এটা পদৰ এটাই খালী হৈ আছে। এতিয়া কথা হ'ল খালী থকা পদত চিকিৎসক নিযুক্তি নিদি থকা কেইজনকো অলৈ তলৈ পঠিয়াই জনসাধাৰণৰ মূৰত ৰাম টাঙোন মাৰিছে। সুদীর্ঘ কার্যকাল ধৰি বলিন চেতিয়া শদিয়া সমষ্টিৰ বিধায়ক হৈ আছে। কিন্তু নিজৰ সমষ্টিৰ চিকিৎসালয়কেইখনত চিকিৎসক নিযুক্তিৰ বাবে চৰকাৰক টানি ধৰিব পৰা নাই। অথচ থকা কেইজনকো বাহিৰলৈ নিবলৈ অনুমতি দিছে। ইখনৰ পাছত সিখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে। স্বাস্থ্য খণ্ডৰ বৃহৎ পৰিৱৰ্তন কেৱল চিকিৎসালয় ভৱন নিৰ্মাণ কৰি বাঃ বাঃ লোৱা চৰকাৰখনে প্ৰকৃততে গাঁৱৰ ৰাইজক প্ৰকৃত চিকিৎসা সেৱা দিব পাৰিছেনে? সেয়াহে ডাঙৰ প্রশ্ন।